ETV Bharat / politics

তৎপৰ শাসক-বিৰোধী : প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভা সমষ্টিৰ চাৰিটাতেই বিশেষ নিৰ্ণায়ক ভূমিকা আছে চাহ জনগোষ্ঠীৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Tea garden's politics : চাহ জনগোষ্ঠীৰ ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী। বাগানে বাগানে ব্যাপক প্ৰচাৰ অভিযান । শাসকীয় দল বিজেপিয়ে জনগোষ্ঠীটোৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ যোৱাৰ বিপৰীতে কংগ্ৰেছে বাগানে বাগানে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।

TEA GARDENS POLITICS
বাগানে বাগানে ভোটৰ ৰাজনীতি
author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 4:15 PM IST

গুৱাহাটী, 30 মার্চ : অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন ৷ ইয়াৰে প্ৰথম পৰ্যায়ত পাঁচটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে ৷ 38 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও পৰীক্ষণৰ অন্তত দুজনৰ মনোনয়ন বাতিল হোৱাত এতিয়া প্ৰথম পৰ্যায়ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 36 গৰাকী ৷

লক্ষণীয় বিষয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমত চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ প্ৰভাৱ আছে আৰু চাহ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা লোকসভা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিতেই চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ নিৰ্ণায়ক ভূমিকা আছে ৷ প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিছে ৷ যাৰ বাবে চাহ জনগোষ্ঠীৰ ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৷

লক্ষণীয় বিষয় যে প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 48 টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় 28 টা বিধানসভা সমষ্টিতে চাহ জনগোষ্ঠীয় ভোটাৰৰ বিশেষ প্ৰাধান্য আছে ৷ এককথাত ক'বলৈ গ'লে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীয় ভোটাৰে ৷ ইতিমধ্যে জনগোষ্ঠীটোক টাৰ্গেট কৰি নিৰ্বাচনত বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে শাসক-বিৰোধী উভয়েই বাগান বাগানে ব্যাপক প্ৰচাৰ চলাইছে ৷ চাহ জনগোষ্ঠীটোৰ মন জয়ৰ বাবে আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ৷ উল্লেখ্য যে শাসকীয় দল বিজেপিয়ে জনগোষ্ঠীটোৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈ যোৱাৰ কাম আৰম্ভ কৰাৰ বিপৰীতে কংগ্ৰেছে বাগানে বাগানে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷

লক্ষণীয় বিষয় যে নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত এইবাৰ সমষ্টিসমূহৰ ৰূপৰেখা যথেষ্ট সলনি হৈছে ৷ সেই অনুসৰি দহটা বিধানসভা সমষ্টিৰে গঠিত কাজিৰঙা সমষ্টিৰ কলিয়াবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ ইয়াৰে সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্ৰায় 30 শতাংশ হোৱাৰ বিপৰীতে বোকাখাতত প্ৰায় 27 শতাংশ, কলিয়াবৰত 27 শতাংশ আৰু খুমটাইত প্ৰায় 22 শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে ৷ আনহাতে 9 টা বিধানসভা সমষ্টিৰে গঠিত শোণিতপুৰ লোকসভা সমষ্টিত আছে চাহ জনগোষ্ঠীৰ আধিপত্য থকা 6 টাকৈ বিধানসভা সমষ্টি ৷ লোকসভাৰ সমষ্টিটোৰ অন্তৰ্গত বিহালী আৰু ৰঙাপৰা বিধানসভা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যাই হৈছে প্ৰায় 53 শতাংশ ৷

একেদৰে ঢেকীয়াজুলি, বৰচলা, বিশ্বনাথ আৰু গহপুৰ বিধানসভা সমষ্টিত বাস কৰা চাহ জনগোষ্ঠীৰ ভোটাৰ ওপৰতে নিৰ্ভৰ কৰিব প্ৰার্থীসকলৰ ভৱিষ্যৎ ৷ অৱশ্যে লখিমপুৰ সমষ্টিত আনকেইটা সমষ্টিৰ তুলনাত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা কিছু পৰিমাণে কম ৷ লখিমপুৰ লোকসভাৰ অন্তৰ্গত 9 টা বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ দুটা বিধানসভা সমষ্টিতহে চাহ জনগোষ্ঠীৰ ভোটাৰৰ আধিপত্য আছে ৷ এই সমষ্টি দুটা হৈছে ডুমডুমা আৰু শদিয়া ৷ ডুমডুমা সমষ্টিত সাৰ্বাধিক প্ৰায় 61 শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে শদিয়াত আছে জনগোষ্ঠীটোৰ প্ৰায় 17 শতাংশ ভোটাৰ ৷

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভাৰ ভিতৰত সৰ্বাধিক 9 টা সমষ্টিতেই আছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ আধিপত্য ৷ সমষ্টিটোৰ অন্তৰ্গত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া সমষ্টিত আছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ প্ৰভাৱ ৷ এই সমষ্টিকেইটাত চাহ জনগোষ্ঠীৰ 25-37 শতাংশ পর্যন্ত ভোটাৰ আছে ৷

আনহাতে সমষ্টি পুনৰ গঠনৰ পাচত যোৰহাট লোকসভা সমষ্টিৰ সীমা কিছু সালসলনি হোৱাত এইবাৰ সমষ্টিটোৰ নিৰ্বাচন কিছু সুকীয়া হ'ব ৷ কিয়নো মাজুলী বিধানসভা সমষ্টিটো এইবাৰ যোৰহাটৰ সৈতে সংলগ্ন হৈছে ৷ মুঠ দহটা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সাতটাকৈ সমষ্টিত আছে চাহ জনগোষ্ঠীৰ ভোটাৰ ৷ সমষ্টিটোত থকা সোণাৰি, মাহমৰা, ডিমৌ, নাজিৰা, টীয়ক, মৰিয়নী আৰু তিতাবৰ সমষ্টিত থকা চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা সমষ্টিভেদে প্ৰায় 15-44 শতাংশ পর্যন্ত ৷ যাৰ বাবে এইবাৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পাঁচটা লোকসভা সমষ্টিতে চাহ জনগোষ্ঠীৰ ভোটাৰসকলে প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : ৰাজ্যত শীঘ্ৰে প্ৰযোজ্য হ’ব ইউচিচি : মুখ্যমন্ত্ৰী - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.