ETV Bharat / politics

অসমক ভাবুকি দিবলৈ আপোনাৰ সাহস কেনেকৈ হ’ল ? মমতাক হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 9:37 PM IST

Himanta Biswa Sarma warns Mamata Banerjee : মমতা বেনাৰ্জীয়ে অসমক ৰঙাচকু নেদেখুৱাবলৈ সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ সাহসক লৈও প্ৰশ্ন ড৹ শৰ্মাৰ ৷

Himanta Biswa Sarma warns Mamata banerjee
মমতা বেনাৰ্জীৰ হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি (ETV Bharat)

নিউজ ডেস্ক, ২৮ আগষ্ট : ‘‘অসমক ভাবুকি দিয়াৰ সাহস কেনেকৈ কৰিলে ? ৰঙা চকু নেদেখুৱাব অসমক ৷’’- এইবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰেই সতৰ্ক কৰি দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷

উল্লেখ্য যে পশ্চিমবংগৰ এখন সভাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যে কলকাতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ জৰিয়তে ৰাজ্যখনত জুই জ্বলাবলৈ চেষ্টা কৰিছে ৷ এই অভিযোগেৰে মমতা বেনাৰ্জীয়ে এক সভাত কয়, ‘‘কিছুমানে এই আন্দোলন বাংলাদেশৰ প্ৰতিবাদৰ সৈতে সাদৃশ্য থকা বুলি ভাবে ৷ মই বাংলাদেশক ভালপাওঁ, তেওঁলোকে আমাৰ দৰে কথা কয় । আমাৰ সংস্কৃতিও একে । অৱশ্যে বাংলাদেশ এখন সুকীয়া দেশ ৷’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, ‘‘মোদী বাবু , আপুনি আপোনাৰ মানুহৰ জৰিয়তে বংগত জুই লগাবলৈ চেষ্টা কৰিছে । কিন্তু মনত ৰাখিব যে যদিহে পশ্চিবংগত জুই লগাবলৈ চেষ্টা কৰে তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু দিল্লীও জ্বলিব । আৰু আপোনাৰো চকীখন থৰক-বৰক হৈ পৰিব ৷’’

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘X’যোগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "দিদি, অসমক ভাবুকি দিবলৈ আপোনাৰ ইমান সাহস কেনেকৈ হ’ল ? আমাক ৰঙাচকু নেদেখুৱাব ৷ আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতক অগ্নিগৰ্ভা কৰিবলৈ চেষ্টা নকৰিব । বিভাজনমূলক ভাষা কোৱাটো আপোনাৰ বাবে শোভা নাপায় ।"

সমান্তৰালকৈ মমতা বেনাৰ্জীৰ এই মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰীকাও ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মমতা বেনাৰ্জীয়ে গুণ্ডাগিৰি কৰিব নোৱাৰে ৷ আমাক ভাবুকি দিব নোৱাৰে । মই তেওঁক এই মন্তব্যৰ গৰিহণা দিছোঁ । তেওঁ নিজৰ ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু আমাক ভাবুকি দিছে । সেয়া হ’বলৈ নিদিও ৷ মমতা বেনাৰ্জীক অনুৰোধ জনাও যে তেওঁ যথেষ্ট জ্যেষ্ঠ নেত্ৰী ৷ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী ৷ গতিকে ৰাজহুৱা স্থানত কি কথা কোৱা উচিত তেওঁ জনা দৰকাৰ ৷’’

লগতে পঢ়ক : সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ

পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.