ETV Bharat / politics

বিজেপিত যোগদান কৰাৰ পিচতেই হিমন্ত বিশ্বৰ চি বি আই-ই ডিৰ গোচৰ শেষ হ'ল : আতিশী মাৰ্লেনা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা আতিশী মাৰ্লেনাৰ ৷ বিজেপিত যোগদান কৰিলে বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সকলো চি বি আই, ই ডিৰ গোচৰ শেষ হৈ গ'ল বুলি অভিযোগ আপ নেত্ৰীগৰাকীৰ ৷

AAP LEADER ATISHI MARLENA
দুলীয়াজানত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা
author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 5:40 PM IST

মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ

ডিব্ৰুগড়, 8 এপ্ৰিল : বিজেপিত যোগদান কৰা পিচতেই হিমন্ত বিশ্ব শৰ্মাৰ চি বি আই আৰু ই ডিৰ গোচৰ শেষ ৷ এই অভিযোগ কৰিছে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাই ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰিছে আতিশী মাৰ্লেনাই ৷ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লগত লৈ দুলীয়াজানৰ ৰাজপথত সোমবাৰে বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ দুলীয়াজান ৰে'লৱে ষ্টেচনৰ পৰা কেন্দ্ৰীয় শ্বহীদ বেদীলৈকে শোভাযাত্ৰা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

সাংবাদিকৰ আগত আতিশী মাৰ্লেনাই কয় যে, অসমৰ ৰাইজে আম আদমী দলক আশীৰ্বাদ দি আহিছে ৷ অসমৰ ৰাইজে দেখি আহিছে বিজেপিয়ে মিছা গোচৰ জাপি দি অৰবিন্দ কেজৰিৱালক জেলত ভৰাইছে ৷ অসমৰ ৰাইজে এয়াও দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিজেপিয়ে কেচ কৰিছিল, কিন্তু যেতিয়া তেওঁ বিজেপিত যোগদান কৰিলে সকলো চি বি আই, ই ডিৰ গোচৰ শেষ হৈ গ'ল ৷ কিন্তু অৰবিন্দ কেজৰিৱালক বিজেপিৰ বিৰুদ্ধে কথা কোৱাৰ বাবে জেলত ভৰাইছে ৷ বিজেপিয়ে অৰবিন্দ কেজৰিৱালৰ কামক ভয় কৰে ৷ অৰবিন্দ কেজৰিৱালে ভাল স্কুল, ভাল চিকিৎসালয় বনাইছে; সেয়েহে বিজেপিয়ে ভয় কৰিছে ৷ অৰবিন্দ কেজৰিৱাললৈ অসম আৰু ডিব্ৰুগড়ৰ ৰাইজৰ ভাল পোৱা আছে ৷ সেয়ে এইবাৰ লোকসভা নিৰ্বাচনত অসমত আম আদমী দলে খাতা খুলিব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে ভাল স্কুল, ভাল চিকিৎসা আৰু সাধাৰণ ৰাইজৰ বাবে যাতে কাম কৰিব পাৰে তাৰ বাবে ডিব্ৰুগড়ৰ ৰাইজক আম আদমী দলক ভোটদান কৰিবলৈ আহ্বান জনায় দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই ৷

উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই প্ৰচাৰত ব্যস্ত হোৱাৰ সময়তে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আম আদমী দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে চলাইছে মাৰাথন প্ৰচাৰ ৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সামৰি গঠিত হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁট, বিৰোধী ঐক্য মঞ্চ আৰু আম আদমী দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই অধিক ৷ সেয়েহে সমষ্টিটোত প্ৰতিটো দলৰে শীৰ্ষ নেতাসকলে চলাইছে মাৰাথন প্ৰচাৰ ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে ডিব্ৰুগড় চহৰত ৰোড শ্ব কৰিছে ৷ কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সম্পাদক জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বিধায়ক অখিল গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাইছে ৷ ইয়াৰ পাচতে আজি দুলীয়াজানত শ শ দলীয় সমৰ্থকক লগত লৈ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ শোভাযাত্ৰা কৰি প্ৰচাৰ চলালে দলটোৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই ৷

লগতে পঢ়ক : অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.