ETV Bharat / politics

ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’ব লাগে : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

Himanta Biswa Sarma on Muslim population : ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হ’লেহে কামত আহিব ৷ তেওঁৰ কথা শুনে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪১ চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ’ব ৷

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 5:31 PM IST

Himanta Biswa Sarma on Muslim population
জনসংখ্যা নিয়ন্ত্ৰণৰ সম্পৰ্কত ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুলাই : মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ৰাহুল গান্ধীক জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান‌ কৰে ৷ শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সাংবাদিকক সম্বোধন কৰি ড৹ শৰ্মাই কয়, ‘‘ মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰাত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে । যদি ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হয়, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব ৷ কিয়নো সম্প্ৰদায়টোৱে কেৱল তেওঁৰ কথা শুনে ৷’’

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ কাইলৈৰ পৰা ৰাহুল গান্ধী যদি জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ হয়, শীঘ্ৰে মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰিত হ’ব । কাৰণ অসমৰ এখন মুছলমান গাঁৱলৈ গৈ মোৰ বা মোদী আৰু ৰাহুল গান্ধীৰ নাম লোৱা হয়, গাঁৱৰ মানুহে ৰাহুল গান্ধীৰ কথা শুনিব বুলি ক’ব ।‌ কাৰণ মোক বা মোদীক তেওঁলোকে শক্ৰ বুলি জ্ঞান কৰে । গতিকে ৰাহুল গান্ধীয়ে মুছলমানসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব ।’’

ইপিনে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে অসমত মুছলমান জনসংখ্যা প্ৰতি ১০ বছৰত প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে । আনহাতে প্ৰতি ১০ বছৰত হিন্দু সম্প্ৰদায়ৰ জনসংখ্যা প্ৰায় 16 শতাংশ বৃদ্ধি পাইছে । এনেকৈ অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে 2041 চনৰ ভিতৰত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিব । তেওঁ কয় যে পৰিসংখ্যাৰ নমুনা অনুযায়ী মুছলমানসকল এতিয়া অসমৰ জনসংখ্যাৰ ৪০ শতাংশ হৈ পৰিছে । ২০৪১ চনৰ ভিতৰত অসম এখন মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’ব । এয়া বাস্তৱ কথা আৰু ইয়াক কোনেও বাধা দিব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে কয় ।

লগতে পঢ়ক : 40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ

লগতে পঢ়ক : অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে !

লগতে পঢ়ক : মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.