ETV Bharat / politics

লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 5:16 PM IST

Heavyweight LS Candidates In Assam: সদ্যঘোষিত লোকসভা নিৰ্বাচনত হেভিৱেট প্ৰাৰ্থী হিচাপে চৰ্চাত থকা ৰাজ্যৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে পৰাজয়বৰণ কৰিবলগীয়া হৈছে । সেই সন্দৰ্ভত আমাৰ এই বিশেষ প্ৰতিবেদন---

heavyweights-candidates-who-lost-in-2024-lok-sabha-elections-from-assam
হেভিৱেট প্ৰাৰ্থীৰ পৰাজয়বৰণ (Etv BharatEtv bharat assam)

গুৱাহাটী, ৫ জুন: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ লগতে ৰাষ্ট্ৰীয় গণতান্ত্রিক জোঁট (এন ডি এ) তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিস্থিতিত অসমত শাসকীয় জোঁটে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । বিজেপি 9 খন আসনতে ক্ষান্ত থাকিবলগীয়া হৈছে যদিও সহযোগী অসম গণ পৰিষদ আৰু ইউ পি পি এলে একোখনকৈ আসন লাভ কৰাত অসমত শাসকীয় জোঁটৰ শক্তি 11 খনলৈ বৃদ্ধি পাইছে ।

ইপিনে, বিৰোধী কংগ্ৰেছ দল তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়ো তিনিখন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে । ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইনে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক 10,12,476 টা; যোৰহাটত গৌৰৱ গগৈয়ে বিজেপিৰ তপন কুমাৰ গগৈক 1,44,393 টা ভোটত পৰাজিত কৰাটো অসমৰ এইবাৰৰ লোকসভা নিৰ্বাচনৰ উল্লেখযোগ্য ফলাফলৰ ভিতৰত আছিল । মন কৰিবলগীয়া যে এইবেলি লোকসভা নিৰ্বাচনত হেভিৱেট প্ৰাৰ্থী হিচাপে চৰ্চাত থকা কেইবাগৰাকী প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিবলগীয়া হৈছে ।

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়

2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমৰ অন্যতম হেভীৱেট প্ৰাৰ্থী হিচাপে চিহ্নিত এ ই আই ডি‌এফ প্ৰধান বদৰুদ্দিন আজমলে নিজৰ দুৰ্গ ধুবুৰীত 10 লাখৰো অধিক ভোটত পৰাস্ত হৈছে । সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ দুৰ্গ ধুবুৰীৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে অসমৰ কংগ্ৰেছ বিধানসভা দলৰ উপ-নেতা তথা তৰুণ গগৈৰ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । হুছেইনে 10,12,476 ভোটৰ ব্যৱধানত আজমলক পৰাজিত কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে 14,71,885 টা ভোট লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে মাত্ৰ 4,59,409 টা ভোটহে লাভ কৰে ।

উল্লেখ্য যে, ফলাফল‌ ঘোষণাৰ পিচত নিশা ধুবুৰীত সংবাদমেল সম্বোধন কৰি তিনিবাৰৰ সাংসদগৰাকীয়ে কয় যে তেওঁৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা লোকসভাৰ তিনিখন আসনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতো 2026 চনৰ অসমৰ বিধানসভা নিৰ্বাচনত দলটোৱে পুনৰ প্ৰত্যাৱৰ্তন কৰিব । আজমলে কয়, "এয়া এক ডাঙৰ আঘাত । কি ভুল হ'ল বিশ্লেষণ কৰিবলৈ কিছুসময় লাগিব । ৰাইজৰ কি হ'ল আমি গম পাম, কাৰণ এই একেখিনি লোকে মোক একেৰাহে তিনিটা কাৰ্যকালৰ বাবে সাংসদ নিৰ্বাচন কৰিছিল ।"

লুৰীণজ্যোতি গগৈৰ বৃহৎ পৰাজয়

কা আন্দোলনৰ মাজেৰে অসমৰ ৰাজনীতিত প্ৰৱেশ কৰা আছু নেতা লুৰীণজ্যোতি গগৈয়ো এইবাৰ প্ৰাৰ্থী হিচাপে বিশেষ চৰ্চাত আছিল । বি‌ জে পিৰ অন্যতম শক্তিশালী প্ৰাৰ্থী সর্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ নেতা তথা লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ডিব্ৰুগড়ত সর্বানন্দ সোণোৱালে অসম জাতীয় পৰিষদ তথা বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক 2,79,321 টা বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰে ।

ফলাফলৰ পিছত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ উদ্দেশ্য কয়, "জয়- পৰাজয় অৱশ্যম্ভাৱী আৰু স্বাভাৱিক । কিন্তু এই পৰাজয়ে মোক লক্ষ্য আৰু উদ্দেশ্যৰপৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে । জনতাৰ ৰায়ক সন্মান জনাই ভোটাৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

উল্লেখ্য যে বি‌ জে পিৰ অন্যতম শক্তিশালী প্ৰাৰ্থী সর্বানন্দ সোণোৱালে মুঠ 693762 টা ভোট লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ নেতা তথা লুৰীণজ্যোতি গগৈয়ে 414441 টা ভোট লাভ কৰে ।

মনোৰঞ্জন তালুকদাৰৰ বৃহৎ পৰাজয়

বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰীয়ে কংগ্ৰেছৰ দীপ বায়নক 2,22,351 টা ভোটত পৰাজিত কৰে । বৰপেটা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ অগপৰ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে হেভীৱেট প্ৰাৰ্থী হিচাপে চৰ্চাত আছিল । কিন্তু মনোৰঞ্জন তালুকদাৰ দ্বিতীয় স্থানত থকা দূৰৈৰ কথা তেওঁ এক লাখৰো অধিক ভোট লাভ নকৰিলে । অগপৰ ফণীভূষণ চৌধুৰীয়ে 860113 টা ভোট, কংগ্ৰেছৰ দীপ বায়নে 637762 টা ভোট‌ আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে 96138 টা‌ ভোট লাভ কৰে । অগপৰ ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভোটৰ ব্যৱধান আছিল 763975 টা ভোট ।

তাৎপৰ্যপূৰ্ণ কথা যে হাজো-শুৱালকুছিৰ বিধানসভা সমষ্টি, য'ত ফণীভূষণ চৌধুৰীয়ে 13615 টা ভোট, কংগ্ৰেছৰ দীপ বায়নে 38652 টা ভোট লাভ কৰাৰ বিপৰীতে মনোৰঞ্জন তালুকদাৰে মাত্ৰ 430 টা ভোটহে লাভ কৰে । উল্লেখ্য যে, অসমৰ ভিতৰত বৰপেটা সমষ্টিটোত চি পি আই এমৰ‌ পূৰ্বৰে পৰা সাংগঠনিক ভেঁটি শক্তিশালী হৈ থকাৰ পিচতো এইবাৰ‌ বিশেষ চৰ্চাত থকা মনোৰঞ্জন তালুকদাৰৰ শোচনীয় পৰাজয়ে চি পি আই এম দলৰ অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে ।

মীৰা‌ বৰঠাকুৰৰ বৃহৎ পৰাজয়

বিভিন্ন জল্পনা-কল্পনাৰ অন্তত গুৱাহাটীত কংগ্ৰেছৰ পৰা টিকট লাভ কৰা কংগ্ৰেছৰ মহিলা কোষৰ‌ ৰাজ্যিক সভাপতি মীৰা‌ বৰঠাকুৰ গুৱাহাটীত বি জে পি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী হিচাপে চৰ্চাত আছিল । গুৱাহাটীত বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতিদ্বন্দ্বিতাই বিশেষ চর্চা লাভ কৰিছিল । মীৰা বৰঠাকুৰে তীব্ৰ প্ৰচাৰ কাৰ্য চলাইছিল ।‌

অৱশ্যে তেওঁৰ হৈ কংগ্ৰেছৰ কোনো কেন্দ্ৰীয় নেতৃত্বই‌‌ গুৱাহাটী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিল । তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বিজুলী কলিতা মেধিৰ‌ হৈ গুৱাহাটীৰ বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল । গুৱাহাটীত বিজুলী কলিতা মেধিয়ে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক 2,51,090 টা ভোটত পৰাজিত কৰিছে । বিজুলী কলিতা মেধিয়ে 894887 টা আৰু মীৰা বৰঠাকুৰ গোস্বামীয়ে 643797 টা‌ ভোট লাভ কৰিছিল ।

হাফিছ ৰছিদ চৌধুৰীৰ পৰাজয়

বৰাক উপত্যকাৰ দুয়োটা সমষ্টিতে পুনর্গঠনৰ কৌশলেৰে বিজেপিয়ে জয়যাত্রা অব্যাহত ৰাখিছে । পুৱাৰে পৰাই উত্তেজনাপূৰ্ণ হৈ আছিল কৰিমগঞ্জ লোকসভা সমষ্টিৰ ফলাফল । সুদীৰ্ঘ সময় ধৰি কৰিমগঞ্জৰ ব্যৱধান সামান্য হৈ থকাৰ বিপৰীতে কৰিমগঞ্জত এবাৰ এজনে অগ্রগতি লাভ কৰিলে, পাছৰটো ৰাউণ্ডত আনজনে অগ্রগতি লাভ কৰা পৰিলক্ষিত হৈছিল । কৰিমগঞ্জত কৃপানাথ মাল্লাই কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীক 18360 টা ভোটত পৰাজিত কৰে । কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী হিচাপে চৰ্চাত আছিল ।‌

কোনো বিতৰ্ক নথকা তথা উচ্চ শিক্ষিত আৰু অসমৰ বুদ্ধিজীৱী সমাজত জনাজাত হাফিজ ৰছিদ আহমেদ চৌধুৰীক কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত টিকট দিয়া‌ হৈছিল । দুই লাখ সংখ্যালঘু ভোটাৰ থকা কৰিমগঞ্জ লোকসভা সমষ্টিত হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে লাভ কৰিছে 545093 টা ভোট । তাৰ বিপৰীতে বিজয়ী প্ৰাৰ্থী কৃপানাথ মাল্লাই লাভ কৰিছে 526733 টা ভোট ।

তপন কুমাৰ‌ গগৈৰ পৰাজয়

বহুচৰ্চিত‌ সমষ্টি যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ‌ গগৈয়ে 1 লাখ 41 হাজাৰতকৈ অধিক ভোটৰ ব্য়ৱধানত বি জে পিৰ‌ হেভীৱেট প্ৰাৰ্থী তপন কুমাৰ গগৈক পৰাজিত কৰি বিজয়ী হয় । উল্লেখ্য যে, গৌৰৱ গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিত 18,753, মৰিয়নীত 16,785 , তিতাবৰত 40,555, সোণাৰিত 10,334, মাহমৰাত 9,630, ডিমৌত 16,050, টীয়কত 23,377, যোৰহাটত 11907 টা ভোট লাভ কৰে । যোৰহাট লোকসভা সমষ্টিৰ পোষ্টেল বেলটৰ ভোট গৌৰৱ গগৈয়ে অধিকাংশই লাভ কৰে ।

10 টা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মাজুলীত মাত্ৰ 6,586 টা ভোটতহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, গৌৰৱ গগৈয়ে মুঠ 751771 টা আৰু বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে 607378 টা ভোট লাভ কৰে ।

লগতে পঢ়ক: অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.