ETV Bharat / politics

ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ - Assam Politics

Gaurav Gogoi : অসমৰ জনগাঁঠনি পৰিৱৰ্তনত সংখ্যালঘু মুছলমানৰ ভূমিকা জীৱন-মৰণৰ বিষয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী এমনেজিয়াত ভুগিছে বুলি গৌৰৱ গগৈৰ কটাক্ষ ।

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:39 PM IST

Updated : Jul 17, 2024, 10:47 PM IST

GAURAV GOGOI SLAMS ASSAM CM
মুখ্যমন্ত্ৰী এমনেজিয়াত ভুগিছে বুলি গৌৰৱ গগৈৰ কটাক্ষ (ETV BHARAT ASSAM)

গুৱাহাটী, 17 জুলাই : “অসমত মুছলমান জনসংখ্যা 40 শতাংশ হ’লগৈ ৷ 1951 চনত এয়া 12 শতাংশ আছিল ৷ মোৰ বাবে এয়া ৰাজনৈতিক বিষয় নহয় ৷ মোৰ বাবে এয়া জীৱন-মৰণৰ বিষয় এয়া ৷”- ঝাৰখণ্ডৰ ৰাঁচীত ৰাজনৈতিক কাৰ্যসূচীত ভাগ লৈ অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ কথা ক’বলৈ গৈ মুছলমানৰ বৰ্ধিত জনসংখ্যাৰ ভূমিকাৰ কথা এইদৰে আজি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ড৹ শৰ্মাৰ এই মন্তব্যই বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে লোকসভাৰ বিৰোধীৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷

সংখ্যালঘু লোকক লৈ লোকসভা নিৰ্বাচনৰ দুমাহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এমনেজিয়া ৰোগত ভোগা বুলি কটাক্ষ ভৰা মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডৰ ৰাঁচীত সংবাদ মাধ্যমৰ সন্মুখত অসমৰ জনগাঁঠনিৰ পৰিৱৰ্তন সংখ্যালঘু মুছলমানকলৈ এক বিশেষ মন্তব্য কৰে ৷ ৰাঁচীত হিমন্ত বিশ্ব শৰ্মাই কয়-“মই অসমৰ পৰা আহিছো, জনগাঁঠনিৰ পৰিৱৰ্তন মোৰ বাবে বহুত ডাঙৰ বিষয় ৷ মোৰ অসমত মুছলিম জনসংখ্যা 40 শতাংশ হ’লগৈ ৷ 1951 চনত এয়া 12 শতাংশ আছিল ৷ জিলাৰ পিচত জিলা হেৰুৱাব লগা হৈছে ৷ মোৰ বাবে এয়া ৰাজনৈতিক বিষয় নহয় ৷ মোৰ বাবে এয়া জীৱন-মৰণৰ বিষয় এয়া ৷ সেয়েহে মই প্ৰতিটো দিন ইয়াৰ সৈতে সংঘৰ্ষ কৰো ৷”

লগতে পঢ়ক : পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী - Himanta Biswa Prees Meet

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই মন্তব্যৰ পিচতে কঠোৰভাৱে কটাক্ষ কৰিছে কংগ্ৰেছ যুৱ নেতা তথা লোকসভাৰ বিৰোধীৰ দলপতি গৌৰৱ গগৈয়ে ৷ সামাজিক মাধ্যম এক্স (X)ত যোৱা লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সংখ্যালঘু এলেকা ধিঙত নাচি-বাগি বিজেপিৰ বাবে ভোট ভিক্ষা কৰাৰ ভিডিঅ’ থকা এটা এক্স-ত পোষ্ট কৰে ৷ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত লগতে লিখিছে- "হিমন্ত বিশ্ব শৰ্মা যেন ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে ৷ মাত্ৰ 2 মাহ আগতে তেওঁক অসমৰ সংখ্যালঘু প্ৰধান অঞ্চলত নৃত্য আৰু গান গোৱা দেখা গৈছিল ৷ স্পষ্টভাৱে তেওঁ যেতিয়া বিজেপিৰ ভোট বিচাৰিছিল, তেতিয়া সেয়া জীৱন-মৃত্যুৰ কথা নাছিল ৷”

উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰা মুখ্যমন্ত্ৰীৰ দুমাহ পুৰণি এক্স-ৰ পোষ্টটোত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছিল-“এয়া 80 শতাংশতকৈয়ো বেছি সখ্যালঘু ভোটাৰ থকা নঁগাও লোকসভা সমষ্টিৰ ধিং বিধানসভা সমষ্টি ৷ কংগ্ৰেছ কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে ৷ সমাজৰ সকলো শ্ৰেণীৰ লোক এজন এজনকৈ কংগ্ৰেছৰ সংগ এৰিছে, মোদীজীৰ বিকাশৰ গংগাত মিলিত হৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ কংগ্ৰেছ নেতা-কৰ্মীৰ আক্ৰমণৰ ঘটনাৰ পৰ্যবেক্ষকৰ দায়িত্বত গৌৰৱ গগৈ - MP GAURAV GOGOI

Last Updated : Jul 17, 2024, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.