ETV Bharat / politics

মোদীয়ে ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰিবনে ? সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 4:15 PM IST

Gaurav Gogoi on BJP Govt : মোদী 3.0ৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷ ৰাজনীতি এতিয়া বজাৰ হৈ গৈছে বুলি মন্তব্য সাংসদগৰাকীয়ে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিবলৈ ৰাইজ ৰৈ থকা বুলিও মন্তব্য সাংসদ গগৈৰ ৷

Gaurav Gogoi
যোৰহাটত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

যোৰহাট, ২৮ জুলাই : লোকসভা নিৰ্বাচনৰ পিচৰ ৰাজনৈতিক পৰিৱেশৰ বৰ্ণনা দিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ৷ শনিবাৰে নিশা যোৰহাটত উপস্থিত হোৱা সাংসদগৰাকীয়ে মোদী 3.0ৰ সম্পূৰ্ণ কাৰ্যকালৰ সন্দৰ্ভত সন্দেহ ব্যক্ত কৰে ৷

নৰেন্দ্ৰ মোদী পাঁচবছৰ প্ৰধানমন্ত্ৰী হৈ থকাত সন্দেহ :

সাংসদ গগৈয়ে কয়, ‘‘লোকসভা নিৰ্বাচনৰ পিচত, বিশেষকৈ যোৰহাটৰ ফলাফলৰ পিচত সমগ্ৰ অসমত বেলেগ এটা পৰিৱেশ দেখা পাইছোঁ ৷ একেদৰে সমগ্ৰ ভাৰততো বেলেগ এটা পৰিৱেশ দেখা পাইছোঁ ৷ আগন্তুক সময়ত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ নিৰ্বাচনত আমি যেতিয়া জিকিম, তাৰ প্ৰভাৱ আমি অসমতো দেখা পাম ৷ এইখন কেন্দ্ৰীয় চৰকাৰে পাঁচবছৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি মই নাভাবোঁ ৷ মোৰ ডাঙৰ সন্দেহ আছে ৷ মই নাভাবোঁ যে প্ৰধানমন্ত্ৰী মোদী পাঁচবছৰ প্ৰধানমন্ত্ৰী হৈ থাকিব ৷ ’’

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া :

গৌৰৱ গগৈয়ে কয়, ‘‘এটা সময়ত কংগ্ৰেছমুক্ত কৰিবলৈ বিছাৰিছিল ৷ কিন্তু নাইহোৱা ৷ লাহে-লাহে তেওঁলোকৰ দলটো ধ্বংস হোৱা আমি দেখা পাইছোঁ ৷ আগতে কৈছিল ৰাজীৱ ভৱনৰ সকলো কথা তেওঁ গমপাই থাকে, আজিকালি ক্ৰছ কানেকশ্যন হৈছে ৷ আমাৰ কথাবোৰ তেওঁলোকৰ কাণত পৰিছে, তেওঁলোকৰ ভিতৰুৱা কথাবোৰ আমাৰ কাণত পৰিছে ৷’’

ৰাজনীতি এতিয়া বজাৰ হৈ গৈছে : গৌৰৱ গগৈ

সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘ লাহে লাহে পৰিৱেশ যেতিয়া সুস্থ হ’ব, ছবিখন অধিক স্পষ্ট হ’ব ৷ মানুহে গম পাব যে পৰৱৰ্তী সময়ত ৰাইজৰ চৰকাৰ এখন আহিব ৷ পৰৱৰ্তী সময়ত অহংকাৰবোৰ দুৰ্বল হ’ব ৷ ৰাজনীতি এতিয়া বজাৰ হৈ গৈছে ৷ সেয়া আমি নাইকিয়া কৰিবলৈ বিচাৰোঁ ৷ নৱ প্ৰজন্ম অহাৰ পিচত ৰাজনীতি নিকা কৰিবলৈ বিচাৰোঁ ৷ পৰিৱেশটো যেতিয়া সঠিক হ’ব, আপোনালোকে দেখিবলৈ পাব যে ৰাইজে অহা বিধানসভা নিৰ্বাচনত আমাক ভোট দিবলৈ সাজু হৈ আছে ৷ আমি মাত্ৰ ডেৰবছৰ ৰ’বলৈ অনুৰোধ জনাইছোঁ ৷’’

লগতে পঢ়ক : ভাললৈ আহিছে দিন : 27 জুলাইত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ বৃহৎ যোগদান সভা

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে পৱন সিং ঘাটোৱাৰক বদনাম কৰিবলৈ চেষ্টা কৰি আছে : গৌৰৱ গগৈ

লগতে পঢ়ক : ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.