ETV Bharat / politics

মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিবলৈ নৱ প্ৰজন্মক আহ্বান গৌৰৱ গগৈৰ - gaurav gogoi campaigns in jorhat

Lok Sabha election 2024 :যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বীৰ লাচিত বৰফুকনৰ মৈদামৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰত আশীৰ্বাদ লৈ চলাইছে প্ৰচাৰ । কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

Lok Sabha election 2024
গৌৰৱ গগৈৰ প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:17 PM IST

গৌৰৱ গগৈৰ প্ৰচাৰ

টীয়ক,১৬ মাৰ্চ: যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি প্ৰচাৰৰ পূৰ্বে লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকনৰ মৈদাম প্ৰাংগনত মৈদাম তৰ্পণ কৰে । ইয়াৰ পাচতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে পোনে পোনে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ নেদেখাজনৰ চৰণত শৰণাপন্ন হৈ আৰ্শীবাদ গ্ৰহণ কৰে । ঢেকীয়াখোৱাৰ পৰা তেওঁ কাকজান কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলৰে মতবিনিময় কৰে । এই অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী সকলৰ বহুবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ।

বিয়লি টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে । উক্ত সভাত ভাষণ প্ৰদান কৰি প্ৰাৰ্থী গৌৰৱ গগৈয়ে মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিয়াৰ স্বাৰ্থত নৱ প্ৰজন্মক ৰাজনীতিৰ পথাৰত খোজ দিবলৈ আহ্বান জনায় । তেওঁ প্ৰমূল্যবোধৰ ৰাজনীতিক গুৰুত্ব প্ৰদান কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনায় । গৌৰৱ গগৈক সংগ দিয়ে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি তথা বিধায়ক দেবব্ৰত শইকীয়া, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈ শইকীয়াকে ধৰি কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে । ইপিনে, উক্ত কাৰ্যসূচীতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বৰ্তমান চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি বিশেষকৈ কংগ্ৰেছৰ চৰকাৰ ক্ষমতালৈ আহিলে জাতি ধ্বংসী 'কা' নিশ্চয় বাতিলৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰে ।

ইপিনে, শুকুৰবাৰে আঠখেলীয়া নামঘৰৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত সেৱা লৈ তিতাবৰৰ নিজ গৃহৰ পৰা গৌৰৱ গগৈয়ে আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ । তিতাবৰৰ নিজা গৃহৰ পৰা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাথী গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক:কান্দি কান্দি কলিয়াবৰৰ ৰাইজে বিদায় দিলে গৌৰৱ গগৈক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.