ETV Bharat / politics

বিৰোধী ঐক্য মঞ্চৰ পিচত অসমত এইবাৰ আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ - Regional Political Unity Forum

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:03 PM IST

Regional parties of Assam: ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰাৰ বিশেষ উদ্যোগ ৷ জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক । আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ গঠনৰ সিদ্ধান্ত । চাৰিটা দলৰ সভাপতিক লৈ আহ্বায়ক মণ্ডলী । প্ৰস্তুত কৰা হ'ব আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চৰ জাতীয় কৰ্মসূচী । শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব জাতীয় ৰাজনৈতিক অভিৱৰ্তন ।

Regional parties of Assam
বিৰোধী ঐক্য মঞ্চৰ পিচত এইবাৰ আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ (ETV Bharat Assam)

গুৱাহাটী, ১৩ জুন : লক্ষ্য বিজেপিক প্ৰতিহত কৰা । ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ এই লক্ষ্যৰে ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে চাৰিটাকৈ আঞ্চলিক দলে ।

বৃহস্পতিবাৰে গুৱাহাটীৰ চানমাৰীস্থিত খাদী বোৰ্ডৰ সভাকক্ষত ৰাজ্যৰ চাৰিটা আঞ্চলিক দলৰ বৈঠক অনুষ্ঠিত হয় ৷ জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বৰে অনুষ্ঠিত হোৱা বৈঠকত ৰাজ্যৰ আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠনৰ এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হয় ।

বৈঠকখনত জাতীয় দল অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাথাৰকে ধৰি দলকেইটাৰ আন নেতৃত্বই অংশগ্ৰহণ কৰে । বৈঠকৰ পিচতে সংবাদমেল সম্বোধন কৰি সাংসদ অজিত কুমাৰ ভূঞাই কয় যে আজি চাৰিটা আঞ্চলিক দলৰ নেতৃত্বৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে ২২ মে'ত গুৱাহাটীত অনানুষ্ঠানিকভাৱে চাৰিটা দলৰ নেতৃত্ব মিলিত হৈছিল ৷

লগতে পঢ়ক: মসৃণ নহ'ব মোদীৰ তৃতীয়টো কাৰ্যকাল !

আজিৰ বৈঠকত চাৰিটা দল ক্ৰমে জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্স দলে মিলি আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ বাবে চাৰিটা দলৰ সভাপতিক লৈ আহ্বায়ক মণ্ডলী কৰা হৈছে । এই আহ্বায়ক মণ্ডলীয়ে আঞ্চলিক ৰাজনৈতিক ঐক্যমঞ্চৰ জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব । বৈঠকত শীঘ্ৰে জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তেওঁ লগতে কয় যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চ শক্তিশালী কৰাৰ আজিৰ বৈঠকে পোষকতা কৰে । বিজেপি দলৰ গণবিৰোধী কামকাজ তথা সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ স্বাৰ্থত বিৰোধী ঐক্য মঞ্চৰ লগত থকাৰ কথা তেওঁ সদৰী কৰে । আনহাতে দলৰ একত্ৰিকৰণৰ প্ৰসংগত তেওঁ কয় যে একত্ৰিকৰণৰ কথাটো দলৰ নিজৰ কথা । সফল হোৱাটো আমি বিচাৰো বুলি তেওঁ লগতে কয় ।

লগতে পঢ়ক: যুদ্ধ হ’ব প্ৰতিশোধৰ ! ধুবুৰীত পৰাজয়ৰ পোটক চামগুৰিত তোলাৰ পৰিকল্পনা আজমল বাহিনীৰ

আঞ্চলিকতাবাদক শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে বুলি সদৰী কৰি অজিত কুমাৰ ভূঞাই কয় যে বিজেপিবিৰোধী ভোটৰ যাতে বিভাজন নহয়, তাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে । তেওঁ লগতে কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত খিলঞ্জীয়া ৰাইজে যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী আদি সমষ্টিত বিৰোধীৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে । আনকি বিজেপি নিৰ্ভৰশীল হৈ থকা লোকসকলেও বিৰোধীৰ প্ৰাৰ্থীক সমৰ্থন জনায় ।

সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে জাতীয়তাবাদৰ প্ৰাসংগিকতা আছে । এইবাৰৰ নিৰ্বাচনত ৩৫ শতাংশ আসন আঞ্চলিকতাবাদী দলে দখল কৰিছে । প্ৰতিটো নিৰ্বাচনতে আঞ্চলিক দলে ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসমত চৰকাৰ কৰা আঞ্চলিক দলটোৱে ৰাইজৰ আশা-আকাংক্ষা পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।

লগতে পঢ়ক: কাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ’বলৈ ক’লে মৃণাল শইকীয়াই ?

সকলো আঞ্চলিক দলক একত্ৰিত কৰাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ কথা সদৰী কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে জাতীয় প্ৰশ্নত অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি যোৱা হ'ব । সংবাদমেলত অল পিপ'ল হিল লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাথাৰে কয় যে এই নিৰ্বাচনত টেম্পৰিং কৰি বিজেপি জয়ী হৈছে । ডিফু লোকসভা সমষ্টিত ৫ হাজাৰতকৈ বেছি ভোট ক’ৰ পৰা ওলাল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে সাতটা ভোটগণনা কেন্দ্ৰৰ হিচাপ কৰা নহ'ল ।

বিজেপিৰ এই জয় আচল নহয় বুলি অভিযোগ কৰি তেওঁ কয় যে বিজেপিয়ে টেম্পাৰিং কৰি জিকিছে । এই সন্দৰ্ভত আয়োগত অভিযোগ দিয়া হৈছে বুলি সদৰী কৰি তেওঁ কয় যে এইক্ষেত্ৰত আয়োগে স্পষ্টিকৰণ নিদিলে ন্যায়ালয়ৰ কাষ চপা হ'ব ।

লগতে পঢ়ক: কৰিমগঞ্জৰ পিচত এইবাৰ কোকৰাঝাৰতো ভোটৰ বিসংগতি, নিৰ্বাচন আয়োগক অভিযোগ দিব বি পি এফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.