গুৱাহাটী: শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ৰদ-বদল ঘটিল ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত শপত ল’লে চাৰিগৰাকী নতুন মন্ত্ৰীয়ে ৷ তেওঁলোক হৈছে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায় ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম X ত এক পোষ্ট যোগে উল্লেখ কৰিছিল নতুনকৈ মন্ত্ৰিত্ব পাবলগীয়া 4 বিধায়কৰ নাম ৷
— Himanta Biswa Sarma (@himantabiswa) December 7, 2024
অৱশেষত প্ৰশান্ত ফুকনলৈ ভাল খবৰ :
2006 চন অৰ্থাৎ অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাছিল, তেতিয়াৰ পৰাই বিজেপিৰ হৈ যুঁজ দি বৰ্তমানলৈকে ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন ৷ 70 বছৰীয়া ৰাজনীতিকজন দিছপুৰত কংগ্ৰেছৰ চৰকাৰ থকা সময়ত খুবেই সৰৱ আছিল ৷ পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ চাইকেল লৈ বিধানসভালৈ আহিছিল ৷ তাৰোপৰি ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই ৰাজপথত প্ৰতিবাদ কৰাও দেখা গৈছিল ৷
বিভিন্ন সমস্যাক লৈ অতি সৰব বিধায়কগৰাকী বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত মন্ত্ৰীৰ আসনত বহিব বুলি প্ৰায় সকলোৱে ধাৰণা কৰিছিল ৷ কিন্তু 2016 ৰ পাছত 2021 ত দ্বিতীয়বাৰলৈ বিজেপি শাসনলৈ অহাৰ সময়তো তেওঁ মন্ত্ৰিত্ব পোৱা নাছিল ৷ অৱশেষত মুখ্যমন্ত্ৰীয়ে প্ৰশান্ত ফুকনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শনিবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জ্যেষ্ঠ বিধায়কজনে ৷
বৰাকৰ পৰা মন্ত্ৰিত্ব লাভ কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ৰ:
পূৰ্বতে বৰাক উপত্যকাৰ পৰা বিজেপিৰ কাৰ্যকালত মন্ত্ৰী আছিল ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য ৷ মীন, আৱকাৰী, পৰিবহণ আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰিছিল জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে ৷ কিন্তু 2024 ৰ লোকসভা নিৰ্বাচনত তেওঁ শিলচৰ সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈ দিল্লীমুখী হয় ৷ গতিকে বৰাক উপত্যকাৰ পৰা এজন হ’লেও বিধায়কে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত আছিল ৷
এই ক্ষেত্ৰত চৰ্চাত আছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম ৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি তালিকা প্ৰকাশ কৰিলে, সেই অনুসৰি বৰাকৰ পৰা কৃষ্ণেন্দু পালৰ লগতে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়কো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ল ৷
পাথাৰকান্দি সমষ্টিৰ পৰা 2016 আৰু 2021 ত দুবাৰকৈ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে কৃষ্ণেন্দু পাল ৷ আনহাতে কৌশিক ৰায়ে 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ লক্ষীপুৰ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷
সঞ্জয় কিষাণৰ বিদায়, ৰূপেশ গোৱালাৰ আগমন :
বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৭ ডিচেম্বৰ শনিবাৰে তেওঁৰ মন্ত্ৰী সভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ হ’ব । এজন বা দুজনে নতুন মন্ত্ৰিত্ব লাভ কৰিব পাৰে । সেই অনুসৰিয়েই চৰ্চালৈ আহে যে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণৰ ঠাইত বিজেপি বিধায়ক তথা চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক দিয়া হ’ব মন্ত্ৰিত্ব ।
Happy to share that the following colleagues will be sworn in as ministers in our cabinet on 7th December at 12 PM:
— Himanta Biswa Sarma (@himantabiswa) December 5, 2024
1.Shri Prasanta Phookan, MLA
2.Shri Kaushik Rai, MLA
3.Shri Krishnendu Paul, MLA
4.Shri Rupesh Goala, MLA
My best wishes to each of them!
মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বেই সঞ্জয় কিষাণে পদত্যাগ কৰে মন্ত্ৰিত্বৰ পৰা । দিল্লীলৈ জৰুৰীভাৱে তলব কৰা হয় সঞ্জয় কিষাণক । সেই অনুসৰি শনিবাৰে সঞ্জয় কিষাণৰ ঠাইত ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ৷