নলবাৰী, 7 মে’ : মঙলবাৰে ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে কেইবাগৰাকীও ৰাজনৈতিক নেতাই ৷ নলবাৰীৰ বৰকুৰাত অৱস্থিত দেৱীদত্ত শৰ্মা প্ৰাথমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰে জিলাখনৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷
ভোটদান কৰি প্ৰাক্তন বিধায়ক শৰ্মাই কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতে তেওঁ ভোটদান কৰে ৷ শৰ্মাৰ মতে, চৰকাৰ গঠনৰ মূলতে হৈছে নিৰ্বাচন ৷ সুস্থিৰ গণতন্ত্ৰৰ বাবে নিৰ্বাচনৰ দৰকাৰ ৷ গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈয়ে তেওঁ ভোটদান কৰা বুলি মন্তব্য কৰে ৷
সাংবাদিকে বিধায়কগৰাকীক তেওঁক এলাগী কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰাইজে যি দেখে, তাকে প্ৰকাশ কৰিবই ৷ কিন্তু আচলতে তেনে নহয় ৷ নিৰ্বাচনী প্ৰচাৰত বিধায়কগৰাকী ব্যস্ত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
সাংবাদিকে বিধায়কগৰাকীক তেওঁক এলাগী কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ৰাইজে যি দেখে, তাকে প্ৰকাশ কৰিবই ৷ কিন্তু আচলতে তেনে নহয় ৷ নিৰ্বাচনী প্ৰচাৰত বিধায়কগৰাকী ব্যস্ত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে, চৰকাৰৰ ভূমিকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দেখি শুনি হোৱা অভিজ্ঞতাৰে পৰিপূৰ্ণ প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, বেছিকৈ ধাৰ লোৱা ব্যক্তিয়ে নিয়াৰিকৈ পৰিয়াল চলাব নোৱাৰে ৷ গতিকে এইক্ষেত্ৰত যুৱপ্ৰজন্ম আৰু সংবাদ মাধ্যমৰ কৰণীয় বহুখিনি আছে ৷
সংবাদ মাধ্যমৰ ওপৰত একপ্ৰকাৰ ক্ষোভ প্ৰকাশ কৰি শৰ্মাই কয় যে, চৰকাৰে ধাৰ লৈহে আছে ৷ পিছে চৰকাৰক প্ৰশ্ন সোধাৰ সাহস কাৰোৱে হোৱা নাই ৷ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৷ তেনেক্ষেত্ৰত সংবাদ মাধ্যমে চৰকাৰে লোৱা ধাৰ সন্দৰ্ভত কোনোধৰণে বিতংভাৱে বিশ্লেষণ আগবঢ়াবলৈ সক্ষম নোহোৱা বুলিও তেওঁ উষ্মাৰে প্ৰকাশ কৰে ৷
লগতে পঢ়ক : অসমৰ কেবাগৰাকীও বিধায়কে সাব্যস্ত কৰিলে ভোটদান - Lok Sabha Election 2024
ধুবুৰীত ২৬,৬০৮২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৩ গৰাকী প্রার্থীৰ ভাগ্য - Lok Sabha Election 2024