গুৱাহাটী, 5 আগষ্ট : পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ ‘পৰিৱৰ্তন’ শব্দটো এতিয়া বোজাস্বৰূপ হৈ পৰিছে ৷ ভাল দিনৰ আশাৰে দেশ তথা ৰাজ্যৰ শাসনৰ নেতৃত্ব গ্ৰহণ কৰা বিজেপিত সঁচাই পৰিৱৰ্তন হৈছে ৷
পৰিৱৰ্তনৰে দোহাই দি এজন এজনকৈ বিজেপিৰ বহুকেইজন নেতাই এতিয়া দলত্যাগ কৰাৰ কথাটো তেনেই সাধাৰণ যেন হৈ পৰিছে ৷ যাৰ এক অন্যতম কাৰণ হৈছে বহু জ্যেষ্ঠ বিজেপি নেতাক কৰা এলাগী কাৰবাৰৰ লগতে গেৰুৱা দলটোৰ আভ্যন্তৰীণ কন্দল ৷
নলবাৰী বিজেপিৰ পুৰণি বিজেপি নেতা তথা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই দীৰ্ঘদিনীয়া উপেক্ষাৰ অন্তত শেহতীয়াকৈ বিজেপি ত্যাগ কৰি যোগ দিবলৈ সাজু হৈছে কংগ্ৰেছত ৷ শৰ্মাৰ পিছতে আন এগৰাকী প্ৰাক্তন বিজেপি বিধায়কে শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ তেওঁ হৈছে ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক, বিজেপি দলৰ ৰাজ্যিক প্ৰাক্তন উপ-সভাপতি দিলীপ মৰাণ ৷
মৰাণে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সোমবাৰে গুৱাহাটী মহানগৰীস্থিত বাসগৃহত সাক্ষাৎ কৰে ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, 9 আগষ্টত কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে দিলীপ মৰাণৰ ৷
উল্লেখ্য যে, 9 আগষ্টৰ দিনা প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰিছে এক বিশাল যোগদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীতে বিজেপি দল ত্যাগ কৰা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মায়েও আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ৷ লগতে প্ৰাক্তন আই এ এছ বিষয়া ব্ৰজেনজিৎ সিন্হাকে ধৰি বহু কেইজন বিশিষ্ট লোকে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অন্যান্য কংগ্ৰেছ সাংসদসকল উপস্থিত থাকিব ।