ETV Bharat / politics

উপ-সভাপতিৰ 'অলংকাৰ' কিয় খুলিলে ৰাজু চাহুৱে ? - Raju Sahu Resigns as VP of APCC - RAJU SAHU RESIGNS AS VP OF APCC

Raju Sahu resigns : উপ-সভাপতিৰ দৰে গুৰু এটা দায়িত্বত থাকিও যদি কোনো কথা আলোচনাই নকৰে তেন্তে তেনে অলংকাৰ পিন্ধি লাভ নাই বুলি মন্তব্য কংগ্ৰেছ নেতা ৰাজু চাহুৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰে নেতাজনে ৷

RAJU SAHU RESIGNS
কংগ্ৰেছ নেতা ৰাজু চাহুৰ পদত্যাগ
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 10:02 PM IST

কংগ্ৰেছ নেতা ৰাজু চাহুৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তিনিচুকীয়া, 27 মাৰ্চ : প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰদেশ কংগ্ৰেছত পৰিলক্ষিত হৈছে ব্যাপক খহনীয়া ৷ ইজনৰ পাচত সিজন জ্যেষ্ঠ কংগ্ৰেছী বিজেপিলৈ গমন কৰিছে ৷ মঙলবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাসহ এটা দলে কংগ্ৰেছ ত্যাগ কৰাৰ লগতে বিজেপিত যোগদান কৰাৰ পাচত আজি পুনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে দলৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰে ৷ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে জোকাৰণিৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পাচতে বুধবাৰে সন্ধিয়া ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰে ৰাজু চাহুৱে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সকলো কাম নিজৰ মতেই কৰি আহিছে বুলি চাহুৱে অভিযোগ উত্থাপন কৰে ৷ লগতে উপ-সভাপতিৰ দৰে এটা গুৰু দায়িত্বত থাকিও যদি কোনো কথা আলোচনাই নকৰে তেন্তে তেনে অলংকাৰ পিন্ধি লাভ নাই বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাজনে ৷ সেইবাবেই অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ অলংকাৰ খুলি পেলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাজু চাহুৱে ৷

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিজেপিত যোগদান কৰাৰ পাচত তৎকালীনভাৱে জয়ন্ত কলিতাক জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ বিষয়ে ৰাজু চাহুৰ সৈতে ভূপেন বৰাই কোনো আলোচনা নকৰাৰ লগতে তিনিচুকীয়ালৈ আহিলে এবাৰো নজনাই বুলিও অভিযোগ উত্থাপন কৰে ৷ লগতে ভূপেন বৰাই দলৰ কৰ্মীৰ সৈতে কোনো কথা আলোচনা নকৰাকৈ সিদ্ধান্ত লয় বুলিও জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহু চাহুৱে অভিযোগ কৰে ৷

আনহাতে বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত এতিয়ালৈকে তেনে চিন্তা কৰা নাই বুলি উল্লেখ কৰে তেওঁ ৷ লগতে নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধীৰ ওমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে যি সহায় কৰিব পৰা যাব কৰা হ’ব বুলি মন্তব্য কৰে ৰাজু চাহুৱে ৷

লগতে পঢ়ক : ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-সভাপতিৰ পদ ত্যাগ ৰাজু চাহুৰ - Raju Sahu Resigns As VP Of APCC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.