মৰিয়নী,২ এপ্ৰিল : নিৰ্বাচন যিমানে চমু চাপি আহিছে কেইগৰাকীমান প্ৰাৰ্থী ব্যাপক চৰ্চিত হৈছে । সংবাদ মাধ্যম বা সামাজিক মাধ্যমত এই নেতাসকলৰ চৰ্চা বেছিকৈ চলিছে । তাৰ ভিতৰত অন্যতম যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । সদনত উদাত্ত ভাষণৰ বাবে জনপ্ৰিয় হৈ পৰা গৌৰৱ গগৈৰ জনপ্ৰিয়তা যে বাঢ়িছে তাত কোনো সন্দেহ নাই ! আনকি বিজেপিৰ দুৰ্গ হিচাপে জনাজাত স্থানবোৰতো গৌৰৱ গগৈক লৈ চৰ্চা চলিছে । তাৰে নিদৰ্শন দেখা গ'ল মৰিয়নী সমষ্টিত ।
একালৰ কংগ্ৰেছ নেতা আৰু বৰ্তমান বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি মৰিয়নীত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰত দেখা গ'ল এক বিশেষ দৃশ্য । মৰিয়নীৰ চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰা লগে লগে গৌৰৱ গগৈক চাকি, ধূপ আৰু ফুলেৰে উষ্ম আদৰণি জনালে চাহ শ্ৰমিকসকলে ।
নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গৌৰৱ গগৈয়ে মঙলবাৰে চাহ বাগিচা অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় । তেওঁলোকৰ সমস্যাসমূহ সংসদত উত্থাপন কৰা হ'ব বুলি গৌৰৱ গগৈয়ে প্ৰতিশ্ৰুতি দিয়ে । আনহাতে সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈয়ে চাহ বাগিচা অঞ্চলৰ বাটপথৰ দুৰৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে । চাহ বাগিচা অঞ্চলত বেংক বা এটিএমৰ সুব্যৱস্থা নথকাক লৈও তেওঁ আশ্চৰ্য প্ৰকাশ কৰে ।
ইফালে হিটলাৰী শাসনৰ প্ৰশংস উল্লেখ কৰি তেওঁ অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ শাসন চলোৱাৰ অভিযোগ কৰে । উল্লেখ্য যে মঙলবাৰে পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে গৌৰৱ গগৈয়ে মৰিয়নীৰ ৮ খনৰো অধিক চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায় ।