ETV Bharat / politics

মাজুলীত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ তুংগত - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

Jorhat Lok Sabha constituency: যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ তুংগত । এইবাৰ এই সমষ্টিটোত সকলো প্ৰাৰ্থীৰ লক্ষ্য় হৈ পৰিছে মাজুলী বিধানসভাৰ ভোটাৰ ৰাইজ । আজি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰচাৰ চলাই সমালোচনা কৰিলে চৰকাৰক ।

Jorhat Lok Sabha constituency
বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 6:03 PM IST

বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ

মাজুলী, ৩ এপ্ৰিল: সংসদত মাজুলীৰ বিভিন্ন সমস্য়াৰ বিষয়ে উত্থাপন কৰিব বুলি মাজুলীবাসীক প্ৰতিশ্ৰুতি দিছে যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা গৌৰৱ গগৈয়ে আজি এইদৰে উল্লেখ কৰি কয় যে মাজলীবাসীৰ বহুতো সমস্য়া আছে যদিও সমাধান হোৱা নাই । সেয়েহে তেওঁ ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিছে বুলি কয় । তেওঁ ইচ্ছা কৰা হ'লে বাহিৰত থাকিব পাৰিলেহেঁতেন । কিন্তু সেয়া তেওঁ কৰা নাই । কাৰণ তেওঁ ৰাইজৰ বাবে কাম কৰিব ।

বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কয়," আমাৰ বাবে ৰাইজেই ৰজা । কিয়নো ৰাইজে এটা আঙুলিৰ জোৰত কাৰোবাক ৰজা বনাবও পাৰে, ভাঙিবও পাৰে । গতিকে কোনো অহংকাৰী হব নালাগে ।" গৌৰৱ গগৈয়ে বিজেপি দলকো চোকা সমালোচনা কৰি কয়,"ৰাজনীতি আমি ৰাইজৰ বাবে কৰিব আহিছো, আমাৰ নিজৰ বাবে নহয় । সেইবাবে মোৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতো মোৰ বা পৰিয়ালৰ নামত না বাগান আছে, না আমি কোনোবা চেনেলৰ মালিক হৈছো । "

ইপিনে, তেওঁৰ বিজয় সন্দৰ্ভতো মন্তব্য় কৰি কয়," ৰাইজে যি মৰম তথা সহযোগিতা আগবঢ়াইছে ইয়াৰ পৰাই আমি বুজিব পাৰিছো আমাৰ এই নিৰ্বাচনত জয় নিশ্চিত ।" ৰাইজক আহবান জনাই কয়," মোৰ পিতৃক যেনেদৰে মৰম কৰিছিল মোকো তেনেদৰে মৰম কৰিব ।" ইফালে, গৌৰৱ গগৈ তথা কংগ্রেছ দলৰ প্রতি আকৃষ্ট হৈ বহু কেইজন লোকে কংগ্রেছ দলত যোগদান কৰে । গৌৰৱ গগৈৰ এই নিৰ্বাচনী প্ৰচাৰত তেওঁক সংগ দিয়ে মাজুলীৰ প্রাক্তন বিধায়ক তথা মন্ত্রী ৰাজীৱ লোচন পেগুৱে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ দুৰ্গত নিৰ্বাচনী প্ৰচাৰ, ৰাইজে চাকি-ধূপেৰে আদৰিলে গৌৰৱ গগৈক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.