ETV Bharat / politics

হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল - Phani Bhushan Choudhury

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 5:19 PM IST

হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰিলে ফণীভূষণ চৌধুৰীয়ে ৷ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক সংগ দিলে বিজেপি, অগপ, ইউ পি পি এলৰ বহু নেতা-সমৰ্থকে ৷

PHANI BHUSHAN CHOUDHURY
ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল

ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল

বৰপেটা, ১৮ এপ্ৰিল: বৃহস্পতিবাৰে সাংসদ পদৰ বাবে মনোনয়ন দাখিল কৰিলে আঠবাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বিশাল সমদলেৰে বৰপেটা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

অগপ, বিজেপি আৰু ইউ পি পি এলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত ৷ মনোনয়ন দাখিল কৰাৰ সময়ত উপস্থিত থাকি সাংবাদিকৰ আগত অগপৰ সভাপতি অতুল বৰাই কয় যে তেওঁলোকে বৰপেটা লোকসভা সমষ্টিত জয়লাভ কৰাটো নিশ্চিত । ৰাইজে তেওঁলোকৰ প্ৰতি যি উৎসাহ প্ৰদৰ্শন কৰিছে তাৰ পৰাই নিশ্চিত হৈছে যে ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব ।

বুধবাৰে নলবাৰীত নৰেন্দ্ৰ মোদীৰ বিশাল সভাৰ পিচত আজি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিলতো ৰাইজৰ সঁহাৰিয়ে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি থকা মৰমকে স্পষ্ট কৰিছে বুলিও বৰাই কয় । আনহাতে প্ৰাৰ্থী তথা অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে কয় যে মনোনয়ন দাখিলৰ সময়ত তেওঁ যিধৰণৰ সঁহাৰি পাব বুলি আশা কৰিছিল তাতকৈ বহু বেছিকৈ লাভ কৰিছে ।

ৰাইজৰ এই সঁহাৰিত তেওঁ অভিভূত হোৱা বুলি মন্তব্য কৰে ৷ এনে সঁহাৰিয়ে ৰাইজৰ তেওঁৰ প্ৰতি থকা আস্থা, বিশ্বাস আৰু মৰমকে প্ৰমাণ কৰিছে বুলি চৌধুৰীয়ে কয় ৷ ফণীভূষণ চৌধুৰীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সুদীৰ্ঘ সময়ৰ পিচত এইবাৰ বৰপেটা লোকসভা সমষ্টি অসম গণ পৰিষদে দখল কৰা নিশ্চিত । কমেও পাচ লাখ ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিব বুলিও বৰুৱাই দাবী কৰে ।

এই বিজয়ৰ জৰিয়তে এসময়ৰ কোচ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰিব বুলিও মন্ত্ৰী বৰুৱাই মন্তব্য কৰে । ইয়াৰ জৰিয়তে অসমত খিলঞ্জীয়া লোকৰ প্ৰভূত্বও বৃদ্ধি পাব বুলি কয় মন্ত্ৰীগৰাকীয়ে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিতকৈ বেছি আসন পাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ভূপেন বৰাৰ এইটো শেহতীয়া কৌতুক ৷

লগতে পঢ়ক: নিৰ্বাচন খেলিব নোৱাৰিব নৱ‌ কুমাৰ শৰণীয়াই ! জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.