ETV Bharat / politics

দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল - Lok Sabha Polls

ECI Team To Visit Assam : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত মঙলবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ’বহি নিৰ্বাচন আয়োগৰ দলটো ৷

ECI Team To Visit Assam
মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 8:28 PM IST

গুৱাহাটী, 4 মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে ৷ সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত অসম ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷ 5 আৰু 6 মাৰ্চ অৰ্থাৎ মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত মঙলবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ’বহি নিৰ্বাচন আয়োগৰ দলটো ৷ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’ব দলটোৱে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আহিব লগীয়া দলটোৱে মঙলবাৰে দিনৰ 1 বজাত বৰঝাৰ বিমান কোঠত অৱতৰণ কৰিব ৷ বিমানকোঠৰ পৰা পোনে পোনে জনতা ভৱনলৈ ৰাওনা হ'ব দলটো ৷ জনতা ভৱনত পৃথকে পৃথকে কেইবাখনো বৈঠকত আয়োগৰ দলটোৱে অংশগ্ৰহণ কৰাৰ কথা আছে ৷ আভ্যন্তৰীণ বৈঠকৰ অন্তত হোটেল ৰেডিচন ব্লু’ত নৈশ যাপন কৰিব দলটোৱে ৷ বুধবাৰেও নিৰ্বাচনৰ প্ৰস্তুতিক লৈ পৰ্যালোচনা কৰিব আয়োগে ৷ দিনটো এলানি বৈঠকত অংশগ্ৰহণ কৰি সিদিনাই বিয়লি নতুন দিল্লীলৈ উভতিব আয়োগৰ দলটো ৷

দলটোৰ নেতৃত্বত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ ৷ নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলো থাকিব দলটোত ৷ দুয়োটা দিনৰ ভিতৰত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, প্ৰশাসনৰ সৈতে বৈঠকত বহাৰ কথা নিৰ্বাচন আয়োগ দলটো ৷ উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে ৷ অসমলৈ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আহিবলগীয়া মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ দলটোৱে এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত নিৰ্বাচনৰ সৈতে জড়িত সুৰক্ষা ব্যৱস্থা, ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰস্তুতি, ভোটদাতাৰ মাজত সজাগতা বৃদ্ধিৰ অনুষ্ঠান, আইনী ব্যৱস্থা, দূৰৱৰ্তী ভোট গ্ৰহণ কেন্দ্ৰসমূহত টেলিকম ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰিব ৷

আয়োগৰ দলটোৱে দুয়োটা দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু অসমৰ কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ ন'ডেল বিষয়াৰ সৈতে সুৰক্ষাজনিত ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব ৷ একেদৰে অসমৰ সকলো জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচন বিষয়াৰ সৈতেও বৈঠকত ভাগ লোৱাৰ কথা ৷ ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষক আৰু আয়ুক্তৰ সৈতেও আয়োগৰ দলটোৱে বৈঠকত বহিব ৷

লগতে পঢ়ক : ‘কা’বিৰোধী আন্দোলনৰ পৰিৱৰ্তে আদালতৰ কাষ চপাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.