ETV Bharat / politics

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ভাবুকি উপ-সভাপতি দুলু আহমেদৰ

Dulu Ahmed: লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে এইবাৰ সামাজিক মাধ্যমত পোষ্ট দুলু আহমেদৰ ৷ জাহাজৰ প্ৰতীকতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অজাপৰ উপ-সভাপতিগৰাকী ৷ লুৰীণজ্যোতি গগৈক একপ্ৰকাৰে ভাবুকি দুলু আহমেদৰ ৷

Lurinjyoti Gogoi vs Dulu Ahmed
Dulu Ahmed in Lok Sabha election
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:32 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: নিজৰ স্থিতিত অটল অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ । দলে জবাবদিহি কৰাৰ পিচতো নাচোৰবান্দা দুলু আহমেদ । দলৰ প্ৰতীক জাহাজৰ চিহ্নতে বৰপেটাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব দুলু আহমেদ ।

  • " class="align-text-top noRightClick twitterSection" data="">

দলৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাক লৈ অস্বস্তিত পৰিছে সভাপতি লুৰীণজ্যোতি গগৈ ৷ ইফালে দলক আওকাণ কৰি দুলু আহমেদে বৰপেটাত পূৰ্ণোদ্যমে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । এই সন্দৰ্ভত দলে গ্ৰহণ কৰা কঠোৰ স্থিতিক লৈ দুলু আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শনিবাৰে সামাজিক মাধ্যমযোগে দুলু আহমেদে একপ্ৰকাৰে দলৰ সভাপতিক ভাবুকি প্ৰদান কৰে । সামাজিক মাধ্যমত দুলু আহমেদে নিৰ্বাচনী সভা বাতিল কৰিবলৈ চেষ্টা কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

সভাপতি লুৰীণজ্যোতি গগৈক ভাবুকি প্ৰদান কৰি দুলু আহমেদে কয় , ‘‘আপুনি কেৱল নিজৰ ডিব্ৰুগড় আসনখন সুৰক্ষিত কৰি কংগ্ৰেছ দলৰ ভৰিত পৰি কি ভিতৰুৱা বুজাবুজি কৰি ১৪ টাকৈ দলক ঠগাই নিজৰ সমষ্টিত ব্যস্ত থকাৰ আঁৰৰ ৰহস্য ৰাজহুৱা কৰিম নেকি ? আপোনাক কি কংগ্ৰেছৰ ভৰিত পৰি নিজৰ আসনখন সুৰক্ষিত কৰাৰ বাবেহে বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক বনাইছিল নেকি ?

এয়াই নেকি আপোনাৰ আপোচবিহীন যাত্ৰা, বজ্ৰকণ্ঠৰ চৰিত্ৰসমূহ ? আপুনি কি অসম জাতীয় পৰিষদ দল কেৱল উজনি অসমক লৈ আৰু সংখ্যাগুৰু নেতাৰে চলাম বুলি ভাবিছে নেকি ? যাৰ বাবে মই নামনিৰ সংখ্যালঘু নেতা হোৱা বাবে মোক নাইকিয়া কৰিব বিচাৰিছে ? আপুনি কি দলীয় প্ৰতীক চিহ্ন জাহাজখনৰ মালিক নেকি ? ২০২১ ৰ বিধানসভা নিৰ্বাচনত আপুনি কিয় মনে মনে দিল্লীৰ ৰাজস্থান গেষ্ট হাউচত কংগ্ৰেছ নেতাৰ লগত লগ হৈ ভিতৰুৱা বুজাবুজিৰ নামত কিমান টকা দাবী কৰিছিল তাৰ তথ্য লাগে নেকি ?

কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰো বুলি ডিঙিৰ শিৰ ফুলাই ফুলাই ডাঙৰ ডাঙৰ ভাষণ মিছাকৈ দি আপোনাৰ অলপো লাজ লগা নাইনে দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কেৱল নিজৰ টিকটৰ বাবে ভৰিত পৰিবলৈ ? আপোনাৰ অমায়িক চেহেৰাৰ আঁৰত থকা সম্প্ৰদায়িক আৰু উজনি-নামনিৰ বিভাজনৰ ৰাজনীতিৰ চৰিত্ৰ অসমৰ ৰাইজে লাহে লাহে গম পাব ।

আপুনি মোৰ নিৰ্বাচনী সভা যিমানেই বন্ধ কৰাৰ চেষ্টা নকৰক কিয় নামনি অসমৰ দলীয় কৰ্মী আপোনাৰ চাকৰ নহয় যে আপুনি যি নিৰ্দেশ দিব তাকেই পালন কৰিব । আপুনি মোক যিমানেই কাৰণ দৰ্শোৱা জাননী জাৰি নকৰক কিয়, নিলম্বন, বহিস্কাৰ নকৰক কিয় মই জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলিম, আপুনি পাৰে যদি মোৰ প্ৰতীক বাতিল কৰি দেখুৱাওক । এনেয়ো আপোনাৰ মালিকানাধীন অসম জাতীয় পৰিষদ দল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত বন্ধ হৈ যাব । আপুনি কেৱল আৰু দুদিনমান অপেক্ষা কৰক, মই লাগিলে ৰাজনীতিয়ে নকৰোঁ কিন্তু আপোনাৰ লোভনীয় চৰিত্ৰ ৰাজহুৱা কৰিম ।’’

দুলু আহমেদৰ এনে ভাবুকিৰ প্ৰত্যুৎত্তৰত সভাপতি লুৰীণজ্যোতি গগৈয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব । উল্লেখ্য যে দুলু আহমেদে সামজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰাৰ এখন আলোকচিত্ৰও আপলোড কৰিছে ।

লগতে পঢ়ক: বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.