ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভিন্ন প্ৰান্তত বিকল ইভিএম - LOK SABHA ELECTION 2024

EVM malfunction : ৰাজ্যৰ চাৰিটা সমষ্টিত অব্যাহত আছে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটগ্ৰহণৰ সমান্তৰালকে সমষ্টিকেইটাৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ঘটনা সংঘটিত হৈছে ৷

Etv Bharatevm-malfunction-across-4-ls-constituencies-in-assam
Etv Bharatতৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভিন্ন প্ৰান্তত বিকল ইভিএম (Etv Bharat ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 11:23 AM IST

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ভিন্ন প্ৰান্তত বিকল ইভিএম (Etv Bharat ASSAM)

গোৱালপাৰা, 7 মে’ : সমগ্ৰ ৰাজ্যতে পুৱাৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চাৰিওটা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ঘটনা সংঘটিত হৈছে ৷

ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা জিলাৰ 172 নং শ্ৰী সূৰ্যগিৰি এল পি স্কুলত ই ভি এম বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পুৱাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে 172 নং শ্ৰী সূৰ্যগিৰি এল পি স্কুলত 149 টা ভোট গ্ৰহণৰ পিচত হঠাৎ বিকল হৈ পৰে ই ভি এম । প্ৰায় আধা ঘন্টাৰ পিচত নতুন ই ভি এম লৈ উপস্থিত হয় এটা দল উপস্থিত হয় ভোটগ্ৰহণ কেন্দ্ৰত ৷

জিলাখনত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিকূল বতৰক নেওচি ৰাইজ ওলাই আহিছে ভোটদান সাব্যস্ত কৰিবলৈ । 5 নং গুৱাহাটী আৰু 2 নং ধুবুৰী সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 4 টাকৈ সমষ্টি ক্ৰমে গোৱালপাৰা পূব, দুধনৈ(জনজাতি)গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ মুঠ 910 টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰসকলে । ধুবুৰী লোকসভা সমষ্টিত মুঠ 26 লাখ 63 হাজাৰ 987 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 13 গৰাকী প্ৰাৰ্থীৰ ৷

ধুবুৰী লোকসভা 17 নং সৃজনগ্ৰাম সমষ্টিৰ 136 নং মাত্ৰাঘোলা ভোটকেন্দ্ৰটো EVM বিকল হোৱাৰ ফলত 1 ঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ কৰা হয় ৷ আনহাতে ধুবুৰী লোকসভা 41 নং দক্ষিণ নাম্বাৰপাৰাৰ এম ভি স্কুলত EVM বিকল হোৱাত প্ৰায় 45 মিনিট পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ।

ইফালে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বালাপেট 160 নং ভোটকেন্দ্ৰত EVM বিকল হোৱাৰ ফলত এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

লগতে পঢ়ক: ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ আশংকা, অসমৰ বিভিন্ন ঠাইত প্রৱল বৰষুণৰ সম্ভাৱনা - WEATHER FORECAST FOR ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.