ETV Bharat / politics

প্ৰসংগ মিঞা : সংখ্যালঘু বিধায়কৰ মাজতে মতান্তৰ - Miya controversy

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:31 AM IST

MIYA issue : আজিও চৰ্চাত আছে ‘মিঞা’ শব্দটো ৷ কোনোৱে কয় এই শব্দটো গ্ৰহণযোগ্য নহয়, আন কোনোৱে আকৌ নিজকে মিঞা বুলি ক’বলৈ গৌৰৱবোধ কৰে ৷ কিন্তু শেহতীয়াকৈ মিঞা শব্দটোক কেন্দ্ৰ কৰি সংখ্যালঘু বিধায়কৰ মাজতে মতান্তৰ দেখা পোৱা গৈছে ৷

Miya controversy
প্ৰসংগ মিঞা : সংখ্যালঘু বিধায়কৰ মাজতে মতান্তৰ (ETV Bharat Assam)

গুৱাহাটী, 31 আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিশেষ চৰ্চা লাভ কৰা এটা বিষয় হৈছে 'মিঞা' । বিশেষকৈ মিঞাৰ সংজ্ঞাকলৈ সৃষ্টি হৈছে বিতৰ্কৰ । ‘মিঞা' শব্দটো ভাল অৰ্থত ব্যৱহাৰ হয় নে ইতিকিং কৰাৰ বাবে ব্যৱহাৰ হয় তাকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা কোনো জনপ্ৰতিনিধিয়ে যদি ইয়াক ভালপায়, আন কোনোৱে বেয়া পায় । আনকি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে মিঞা শব্দটো বেয়া পালে ব্যৱহাৰ নকৰাৰ কথাও সদৰী কৰিছিল । মিঞাৰ প্ৰসংগটোকলৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক : মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy

শুকুৰবাৰে শৰৎকালীন অধিৱেশনৰ সামৰণিৰ দিনা এই প্ৰসংগত নিজৰ অভিমত ব্যক্ত কৰে বিধায়ক শ্বেৰমান আলী আহমেদে । বিধায়ক আহমেদে কয়, ‘‘মই ব্যক্তিগতভাৱে মিঞা বুলি ক'লে ভালপাও । জনগোষ্ঠীটোৱে কি ক'লে ভালপাব সেইটো সিদ্ধান্ত জনগোষ্ঠীটোৱে ল'ব । মিঞা জনগোষ্ঠীক অনুপ্ৰৱেশকাৰী, চৰোৱা, পমুৱা নামেৰে সম্বোধন কৰাটো মই ভাল নাপাওঁ । পূৰ্ববংগৰ পৰা অহা মিঞাসকল যদি অনুপ্ৰৱেশকাৰী হয় তেন্তে অসমখন কিবা কাৰণত বেলেগ হৈ গ'লে ইয়াত থকা মাৰোৱাৰী-বিহাৰী লোক সকল অনুপ্ৰৱেশকাৰী হ’ব নেকি ? অনুপ্ৰৱেশকাৰীৰ পৰিৱৰ্তে মিঞা বুলি ক’লে ভালপাম ।’’

‘‘সেইদৰে অভিবাসী শব্দটো অপমানজনক বুলি মই ভাবো । জনগোষ্ঠীটোৱে মিঞাৰ সলনি চৰুৱা, পমুৱা, অভিভাষী, সন্দেহযুক্ত বাংলাদেশী, বাংলাদেশী, পাকিস্তানী অনুপ্ৰবেশকাৰী, বংগমূলীয় মুছলমান আদি নাম ভাল পালে মোৰ ক'বলগীয়া একো নাই । অভিভাষী মানে বিদেশৰ পৰা আহি নিগাজিকৈ থকা লোক । এই জনগোষ্ঠীৰ মানুহ কোনো বিদেশৰ পৰা অহা নাই । অবিভক্ত ভাৰতৰ লোক ।’’ বিধায়ক আহমেদে কয় ৷

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘মিঞা শব্দৰ অৰ্থ ভাল, সন্মানীয় । অন্যান্য নামৰ শব্দতকৈ মিঞা ক'লে মই গৰ্ব বোধ কৰো । জনগোষ্ঠীটোৱে সিদ্ধান্ত ল'ব কি ল'লে ভালপাব । নুৰুল হুদাই অনুপ্ৰৱেশকাৰীৰ অৰ্থ জানে নাই মোৰ সন্দেহ আছে । জনা হ'লে প্ৰতিবাদ কৰিলেহেতেন । এই জনগোষ্ঠীটোক চিৰদিনৰ বাবে অপমানৰ পৰা মুক্ত কৰিবলৈ মিঞা জনগোষ্ঠী হিচাপে চিহ্নিত কৰা উচিত ।’’

লগতে পঢ়ক : মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছে কংগ্ৰেছে: ভুবন পেগু - Miya Row

ইফালে এই প্ৰসংগত ধিঙৰ বিধায়ক আমিনুল ইছলামে কয়, ‘‘জনগোষ্ঠীটোৱে মিঞা বুলি ক'লে বেয়াপায় । তেওঁলোকে অসমীয়া বুলি ক'লে ভালপায় । তেওঁলোকে নিজকে অসমীয়া হিচাপে পৰিচয় দিলে ভাল পায় । নিজকে সম্পূৰ্ণৰূপে অসমীয়া হিচাপে পৰিচয় দিয়াৰ পাছতো মিঞা বুলি ইতিকিং কৰিলে বেয়া পায় । বিজেপিয়ে বিভাজন কৰি ভালপায় । মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এই লোকসকলৰ বেদনা বুজি পাওক । মিঞা আৰু অসমীয়াৰ এই খেল ভাল নহয় ।’’

লগতে পঢ়ক : অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই : সদনত‌ মুখ্যমন্ত্ৰী - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.