ETV Bharat / politics

ন্যায়ালয়ে ৰায় দিয়াৰ পূৰ্বেই 'কা' ৰূপায়ণৰ যুক্তি ক’ত ? মুখ্যমন্ত্ৰীক চি পি‌ আই এমৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:58 PM IST

CPIM Assam : 'কা' ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে চি পি আই এমৰ ৰাজ্যিক সাধাৰণ সম্পাদকে ৷ এই আইন ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ সম্পূৰ্ণ বিৰোধী বুলি কয় চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ৷

CPIM Assam
চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰীক উভতি ধৰিলে চি পি‌ আই এমে

গুৱাহাটী, 4 মাৰ্চ : "হিমন্ত বিশ্ব শৰ্মাই যি যুক্তি দাঙি ধৰিছে সেই যুক্তিৰেই 'কা' ৰূপায়ণ কৰাৰ কোনো যুক্তিযুক্ততা নাই ৷ এনেকুৱা এটা বিষয় বিচাৰাধীন থকা অৱস্থাত তেওঁলোকে 'কা'ৰ নিয়মাৱলী প্ৰস্তুত কৰাৰ কথা কৈছে, বলবৎ কৰাৰ কথা কৈছে, ইয়াৰ কোনো যুক্তি নাই ৷" এই মন্তব্য চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ৷ 'কা' ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি এইদৰে কয় চি পি আই এমৰ নেতাজনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে 'কা' সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছিল- 'কা'ৰ নিষ্পত্তি হ'ব উচ্চতম ন্যায়ালয়ত ৷ গতিকে 'কা'ক লৈ আন্দোলন কৰাৰ প্ৰয়োজন নাই ৷' মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত সুপ্ৰকাশ তালুকদাৰে কয় যে, মুখ্যমন্ত্ৰীয়ে গুৰু-গম্ভীৰভাৱে কৈছে,'কা'ৰ নিষ্পত্তি উচ্চতম ন্যায়ালয়ত হ’ব ৷ তেনেহ'লে উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পূৰ্বেই 'কা' ৰূপায়ণৰ যুক্তি ক’ত ? তেওঁ পুনৰ কয় যে, 'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত 200 খনৰো অধিক আৱেদন দাখিল কৰিছে ৷ ইয়াৰে 50 খনৰো অধিক আৱেদন অসমৰ ৷ উচ্চতম ন্যায়ালয়ে অসমৰ পৰা দিয়া আৱেদনৰ ৰায় সুকীয়াকৈ ৰাখিছে ৷ কাৰণ 1971 চনৰ 25 মাৰ্চক ভিত্তি বছৰ হিচাপে লৈ বিদেশী বহিস্কাৰৰ বাবে অসম চুক্তি ৰূপায়ণ ‌হৈছিল। ৷ গতিকে 'কা' অসম চুক্তিৰ সম্পূৰ্ণ বিৰোধী বুলি মন্তব্য কৰে তেওঁ ৷

'কা' আইনক সংবিধান বিৰোধী, অগণতান্ত্ৰিক আখ্যা দি এই আইন ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ সম্পূৰ্ণ বিৰোধী বুলি কয় চি পি আই এমৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে ৷ তেওঁ কয় যে, অসম চুক্তি থকাৰ পিচত এই বিষয়ত চৰকাৰ আগবঢ়াটো মুঠেই উচিত নহয় ৷ লোকসভাত কা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাত বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে, ইয়াৰ পাচতহে এই আইন ৰূপায়ণ সন্দৰ্ভত ক’ব পাৰিম বুলি গৃহ মন্ত্ৰণালয়ে মন্তব্য কৰিছিল ৷ গতিকে তেওঁলোকৰ এই কথাৰ লগত বৰ্তমান তেওঁলোকে যি হুংকাৰ দি আছে তাৰ কোনো মিল নাই ৷ সেয়া পৰস্পৰ বিৰোধী বুলি কয় চি পি আই এম নেতাজনে৷ লগতে 'কা'ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নিস্পত্তি নোহোৱা পৰ্যন্ত ইয়াৰ ৰূপায়ণৰ সম্পূৰ্ণ বিৰোধী বুলিও উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.