ETV Bharat / politics

বিজেপিৰ গৃহকন্দল: কেপ্টেইন ফিল্ডত নমাই নাই বুলি কিয় ক’লে ভূপেন বৰাই ? - Bhupen Bora slams BJP - BHUPEN BORA SLAMS BJP

Bhupen Bora on CAA : ৪ জুনৰ পিচত CAA বাতিল কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷ আনবাৰৰ দৰে এইবাৰ ৪ জুনত ৰাজীৱ ভৱনত কংগ্ৰেছে নাপাতে বৰভোজ ৷ কিয় ঘোষণা ভূপেন বৰাৰ ?

Bhupen Bora on CAA
সংবাদ মাধ্যমৰ আগত ভূপেন বৰাৰ মন্তব্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 3:42 PM IST

CAA আৰু লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২১ মে’ : ৪ জুনৰ পিচত দেশত অনা-বিজেপি চৰকাৰ আহিব । কিন্তু ৰাজীৱ ভৱনত এইবাৰ কংগ্ৰেছে বৰভোজ নাপাতে ৷ কিন্তু CAA বাতিল কৰিবলৈ সাজু কংগ্ৰেছসহ আন সহযোগী দল ৷ মঙলবাৰে গুৱাহাটীত এই মন্তব্য কৰি বিজেপিক কঠোৰ সমালোচনাৰে আত্মবিশ্বাসী ৰূপত দেখা গ’ল প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাক ।

৪ জুনৰ পিচত বাতিল হ’ব CAA

৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত কেন্দ্ৰত বিৰোধীৰ চৰকাৰ হ’ব বুলি সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ আনহাতে, CAA প্ৰসংগত কংগ্ৰেছৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰি ভূপেন বৰাই কয়, “CAA সন্দৰ্ভত আমাৰ স্থিতি একেই আছে । বিজেপিয়ে সংখ্যাৰ জোৰত CAA বলৱৎ কৰিছে । CAA আমি আগতেও মনা নাই, এতিয়াও নামানো । ৪ জুনৰ পিচত কেন্দ্ৰত অনা-বিজেপি চৰকাৰ গঠন হ’ব । আমাৰ অসম কংগ্ৰেছৰ প্ৰথমটো দাবী CAA বাতিল কৰিবলৈ পদক্ষেপ ল’ব আমাৰ সাংসদসকলে ৷”

বিজেপিৰ গৃহকন্দল : ফিল্ডত কেপ্টেইন নমাই নাই ... কাক কটাক্ষ ভূপেন বৰাৰ ?

“কেপ্টেইন এতিয়াও ফিল্ডত নমাই নাই, ৪ তাৰিখে পৰাজয়ৰ পিচত ফিল্ডত নামিব । এতিয়া 'ৱাৰ্ম আপ'হে চলি আছে, আচল খেল হোৱাই নাই ৷ খেলৰ আৰম্ভণিহে এয়া ।” উল্লেখ্য, শেহতীয়াকৈ বিজেপিৰ ভিতৰচ’ৰাত নতুন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত তুংগত উঠাক লৈ কৰা সাংবাদিকৰ প্ৰশ্নত এইদৰে উত্তৰ দিয়ে ভূপেন বৰাই । ভূপেন বৰাই বিজেপিৰ গৃহকন্দল প্ৰসংগত ফিল্ডত নামিবলগীয়া কেপ্টেইন বুলি কাক ইংগিত দিলে ? ৪ জুনত যদি লুৰীণজ্যোতি গগৈৰ হাতত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল পৰাস্ত হয়, তেতিয়া সোণোৱালৰ নেতৃত্বত বিজেপিৰ সংঘাত তুংগত উঠিব বুলি ইংগিত প্ৰদান কৰিলে নেকি ভূপেন বৰাই ?

৪ জুনত ৰাজীৱ ভৱনত এইবাৰ নাপাতে বৰভোজ

এইবাৰ নিৰ্বাচনী ফলাফলৰ দিনা ভোজৰ আয়োজন নকৰে কংগ্ৰেছে । ২০১৪ চনৰ পিচত নিৰ্বাচনী ফলাফলৰ দিনা বৰভোজ পাতি ইতিমধ্যে কেইবাবাৰো আশাহত হৈছে কংগ্ৰেছ দল । কিন্তু আনবাৰৰ দৰে এইবাৰ কংগ্ৰেছে বৰভোজ নাপাতে কিয় ? ভূপেন বৰাই কয়, এই জয় কেৱল কংগ্ৰেছৰ জয় নহয়, ৰাইজৰ জয় । প্ৰতিগৰাকী লোক এই ফলাফলৰ বাবে অপেক্ষাৰত ।

আনহাতে, অসমত কংগ্ৰেছে কেইখন আসন পাব সেয়া আগতীয়াকৈ স্পষ্টকৈ কোৱাৰ পৰা বিৰত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বৰাৰ মন্তব্য যে অসমত নিৰ্বাচন শেষ হোৱাৰ পিচত দিনে দিনে আসনৰ সংখ্যা কমি আহিছে বিজেপি নেতাৰ মুখত ৷ কংগ্ৰেছে যে অসমত আগতকৈ বেছি আসন লাভ কৰিব সেই কথাত দৃঢ় বিশ্বাসী ভূপেন বৰা । সংবাদ মাধ্যমৰ আগত বৰাৰ মন্তব্য, “১৪ খন পাম বুলি কোৱা বিজেপি এতিয়া ১১খনলৈ নামি আহিছে আৰু নামিব । ফলাফললৈ অপেক্ষা কৰক । আমি এইবাৰ বৰভোজ নাপাতো । দলীয় কৰ্মীসকল ফলাফল ভাল হ'ব বুলি আশাবাদী ।"

উল্লেখ্য যে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৩ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই ।

লগতে পঢ়ক :ভাৰতৰ সংবিধান ৰঙা নে নীলা ? বিতৰ্কত হিমন্ত বিশ্ব শৰ্মা - Indian Constitution Controversy

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.