ETV Bharat / politics

প’ৰ্টেলৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তথ্য: গৌৰৱ গগৈ - Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 8:05 PM IST

Gaurav Gogoi on Himanta Biswa Sarma: বিজেপিয়ে এতিয়া সৰু আজমল বিচাৰি আছে বুলি মন্তব্য গৌৰৱ গগৈৰ ৷ আনহাতে মুখ্যমন্ত্ৰীৰ মাটিৰ তথ্য প্ৰদানৰ বাবে এটা প’ৰ্টেল খোলাৰ কথাও ক’লে সাংসদগৰাকীয়ে ৷

Gaurav Gogoi on Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

গুৱাহাটী, ২৫ আগষ্ট: সাংসদ গৌৰৱ গগৈ ফেন ক্লাবৰ সপ্তম বাৰ্ষিক অধিৱশন । এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত উদযাপন কৰা হয় বৰ্ষপূৰ্তি অনুষ্ঠান । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২ হাজাৰ সমর্থক উপস্থিত থাকে এই অনুষ্ঠানত ৷

অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, বিশিষ্ট শিক্ষাবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকন, বিশিষ্ট সাহিত্যিক মাইনী মহন্ত, বিশিষ্ট অভিনেতা পৰিচালক ব্ৰজেন বৰা, বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ অধিবক্তা দীপক শৰ্মা, বিশিষ্ট সমাজসেৱক মজিবুৰ ৰহমান, বিশিষ্ট খেতিয়ক সুমন্ত বৰুৱা, পথৰ পুথিভঁৰালৰ প্ৰতিষ্ঠাপক অনিন্দিতা গগৈ, ইউটিউবাৰ সময় গগৈ ।

অনুষ্ঠানৰ ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, ‘‘চৰকাৰে যিবোৰ কাম কৰিবলৈ ব্যৰ্থ হৈছে সেইবোৰ কামৰ দায়িত্ব ফেন ক্লাবৰ পুৰুষসকলে ল’ব লাগিব । ফেন ক্লাবে নেতৃত্ব ল’ব লাগিব আৰু সমাজক একগোট কৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়াত ব্যর্থ হৈছে । অপশাসন চলাইছে মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ নীতি মহাত্মা গান্ধীৰ আদৰ্শ । ৰাহুল গান্ধী অহিংসা নীতিত চলে । সকলো কর্মী ৰাহুল গান্ধীৰ নীতিত চলে ।’’

ধিংকাণ্ডৰ সন্দর্ভত প্ৰতিক্ৰিয়া :

গৌৰৱ গগৈয়ে কয়, ‘‘অপৰাধীক আইনৰ যোগেদি কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবী আছিল । হিমন্ত বিশ্ব শর্মা শংকিত হৈছে, আজমলক লৈ ৰাজনীতি কৰিছিল । আজমলক শেষ কৰিলে কংগ্ৰেছে । বিজেপিয়ে এতিয়া সৰু আজমল বিচাৰি আছে । সৰু আজমল বিচাৰি কেতিয়াবা USTM ৰ মালিক, কেতিয়াবা কোনোবা সাংবাদিকক লক্ষ্য কৰে মুখ্যমন্ত্ৰীয়ে । সকলো কামত ব্যর্থ হৈছে মুখ্যমন্ত্ৰী । তেওঁ এতিয়া VRS ল’ব লাগে । ৰিজ’র্টলৈ গৈ অলপ জিৰণি লওক । এনেও ২০২৬ত চৰকাৰ যাব, মুখ্যমন্ত্ৰীৰ কথা বেছি গ্ৰহণযোগ্যতা নাই । এটা ৱেৱচাইট খোলা হ’ব, য’ত মুখ্যমন্ত্ৰীৰ সকলো সম্পত্তি আপলোড কৰিব পাৰিব । মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ পাহাৰৰ সবিশেষ প’ৰ্টেলযোগে ৰাজহুৱা কৰিব কংগ্ৰেছে । কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই পাহৰিছে ক’ত কিমান সম্পত্তি আছে ।’’

প’ৰ্টলৰ জৰিয়তে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীৰ সম্পত্তি :

সাংসদগৰাকীয়ে কয়, ‘‘ মাত্ৰ এটা দিশতে মুখ্যমন্ত্ৰী সফল হৈছে, সেয়া হৈছে বসুন্ধৰাৰ জৰিয়তে নিজা সম্পত্তি বৃদ্ধি । তেওঁ যথেষ্ট মাটি, ধন-সম্পত্তি কৰিলে ৷ তেওঁ নিজেই নাজানে ক’ত ক’ত তেওঁৰ মাটি আছে ৷ পৰিয়ালৰ সদস্যৰ নামত য’ত-ত’ত মাটি কিনিছে ৷ তেওঁলোকক সহায় কৰিবৰ বাবে অলপ দিনৰ পিচত আমি এটা প’ৰ্টেল খুলিম ৷ যাৰ অসমৰ বিভিন্ন স্থানত থকা তেওঁৰ মাটিৰ পট্টাসহ গোটেই তথ্যবোৰ প্ৰদান কৰা হ’ব ৷ তেখেতে ক’ত ক’ত মাটি লৈছে, গোটেই তালিকা দি দিম ৷’’

লগতে পঢ়ক : বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয়: তেজপুৰত সাংসদ গৌৰৱ গগৈ

বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰহে মাটিৰ পৰিমাণ বাঢ়িছে : গৌৰৱ গগৈ

বিদ্যুৎ মাচুল বৃদ্ধিত হিমন্ত বিশ্ব শৰ্মা বিফলতা লুকাই আছে: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.