ETV Bharat / politics

অসমৰ নকল বিকাশত জনতাই অশান্তি পাইছে : সাথে - Bongaigaon LAC Bye Election

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 8:52 PM IST

Prithviraj Sathe in Bongaigaon : দুঘণ্টাৰ বাবে বৰষুণ দিওতেই চাৰিঘণ্টা স্তব্ধ হৈ পৰিল গুৱাহাটী ৷ হিমন্ত বিশ্ব শৰ্মাই এনেদৰেই নকল বিকাশ কৰি আছে বুলি মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথেৰ ৷

Prithviraj Sathe in Bongaigaon
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথে (ETV Bharat Assam)

বঙাইগাঁও, ৭ আগষ্ট : বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে কংগ্ৰেছ দল । কংগ্ৰেছ দলৰ প্ৰভাৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথে আৰু কংগ্ৰেছ দলৰ উপ-নিৰ্বাচন পৰ্যবেক্ষণ সমিতিৰ উপস্থিতিত বুধবাৰে এখন কৰ্মীসভা অনুষ্ঠিত কৰা হয় বঙাইগাঁৱৰ ৰাজীৱ ভৱনত ৷

উপ-নিৰ্বাচনক লৈ বঙাইগাঁৱত কংগ্ৰেছৰ তৎপৰতা (ETV Bharat Assam)

উপ-নিৰ্বাচন সন্দৰ্ভত বিভিন্ন আলোচনা কৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত উপ-নিৰ্বাচন পৰ্যবেক্ষণ দলে বঙাইগাঁও জিলা কংগ্ৰেছৰ মণ্ডল পৰ্যায়ৰ কৰ্মীসকলৰ লগতে জিলা পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ সভাৰ অন্তত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথেই সংবাদ মাধ্যমক সম্বোধন কৰে ৷

গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয়, ‘‘ দুঘন্টাৰ বাবে বৰষুণ দিওতেই চাৰিঘণ্টাৰ বাবে গুৱাহাটী স্তব্ধ হৈ গ’ল ৷ এনেকুৱা ধৰণৰ বিকাশ কৰিছে আপোনালোকৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ৷ তেওঁৰ সকলো মিছাকথা আৰু নকল বিকাশত জনতাই অশান্তি পাইছে ৷ ইয়াৰ প্ৰতিক্ৰিয়া আগন্তুক বঙাইগাঁৱৰ নিৰ্বাচনত দেখা পাব ৷’’

তেওঁ কয় , ‘‘ বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে পাঁচগৰাকী সদস্যৰে এখন সমিতি গঠন কৰি দিছে ৷ সমিতিখনৰ প্ৰমুখ জাকিৰ হুছেইন শিকদাৰ ৷ মূলতে ইয়াত কংগ্ৰেছৰ সাংগঠিক দিশটো কি পৰ্যায়ত আছে সেয়া আলোচনা কৰিবলৈ আহিছো ৷ বুথ পৰ্যায়ত কি অৱস্থাত আছে সেয়া বুজ লৈছো ৷ আগন্তুক 10 দিনত আমি সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম ৷’’

ইফালে জাকিৰ হুছেইন শিকদাৰে কয়, ‘‘ফণীভূষণ চৌধুৰীৰ দুৰ্গ এইবাৰ কংগ্ৰেছে দখল কৰিব ৷ ৰাজীৱ ভৱনতে আমি বাহৰ পাতিম ৷ প্ৰতিটো বুথলৈ যাম, মানুহৰ ঘৰে-ঘৰে যাম ৷ বঙাইগাঁও অগপৰ আছিল, আহি থকা দিনত কংগ্ৰেছৰ হ’ব ৷’’

লগতে পঢ়ক : ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে জনালে মহানগৰীৰ বাসিন্দাক আহ্বান

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা : অসমৰো দুখন আসনৰ বাবে হ'ব নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.