ETV Bharat / politics

বিজেপিয়ে কি কৰিলে, কি নকৰিলে ? ধেমাজিত খতিয়ান দিলে ৰকিবুল হুছেইনে - MP RAKIBUL HUSSAIN

ধেমাজিত উপস্থিত সাংসদ ৰকিবুল হুছেইন । বিজেপিক তীব্ৰ কটাক্ষ সাংসদগৰাকীৰ । ২০২৬ ৰ নিৰ্বাচনত অসমত কংগ্ৰেছ চৰকাৰ হ'ব বুলি মন্তব্য ৷

MP Rakibul Hussain slams BJP Dhemaji
বিজেপি চৰকাৰৰ কাম কাযত অতিষ্ঠ হৈছে ৰাইজ: ৰকিবুল হুছেইন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 4:39 PM IST

ধেমাজি: শনিবাৰে নিশা ধেমাজি কংগ্ৰেছ কাৰ্যালয় ইন্দিৰা ভৱনত উপস্থিত হয় ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন । ৰকিবুল হুছেইন ৱেলকাম, কংগ্ৰেছ জিন্দাবাদ আদি শ্ল'গানেৰে নিশা কংগ্ৰেছ কাৰ্যালয় মুখৰিত হৈ পৰে । ইয়াৰ পিছতেই ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় ইন্দিৰা ভৱনত জিলা সমিতিৰ সভাপতি ভাস্কৰ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে বিজেপিক তীব্ৰ কটাক্ষ কৰে ।

সাংসদ হুছেইনে কয়, ‘‘বিজেপি চৰকাৰৰ কাম-কাজত ৰাইজ দিনক দিনে অতিষ্ঠ হৈছে । সকলো দিশৰ পৰা চৰকাৰখনে ৰাইজক টেটু চেপি ধৰিছে । কংগ্ৰেছৰ মুখলৈ আশাৰে চাইছে । পূৰ্বৰ অসম গণ পৰিষদৰ অপশাসনৰ সময়চোৱাত অসমবাসীয়ে যিদৰে কংগ্ৰেছক লৈ সপোন দেখিছিল তেনেদৰে বৰ্তমান কংগ্ৰেছৰ শাসনলৈ অপেক্ষা কৰিছে সৰ্বসাধাৰণ ৰাইজে ।’’

বিজেপি চৰকাৰৰ কাম কাযত অতিষ্ঠ হৈছে ৰাইজ: ৰকিবুল হুছেইন (ETV Bharat Assam)

প্ৰায় দুই শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত তেওঁ কয়, “সমস্যাৰে আগুৰি ধৰিছে সকলোকে । চৰকাৰলৈ অহাৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল । সেয়া শাসনলৈ অহাৰ পিছত পিঠি দিলে বিজেপিয়ে । চাহ জনগোষ্ঠীক হাজিৰাৰ মূল্য বৃদ্ধি কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল, সেয়াও নকৰিলে । ছয় জনগোষ্ঠীক এচ টি কৰাম বুলি কৈছিল । কিন্তু দিন বাগৰি গ'ল । প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ।’’

ইপিনে সাংসদজনে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, "এদিনত অহা যোৱাৰ খৰছ চি এমৰৰ প্ৰায় ১০ লাখ টকা । স্মাৰ্ট মিটাৰৰ প্ৰসংগ টানি আনি তেওঁ কয় যে স্মাৰ্ট মিটাৰে সকলোকে জলা কলা খুৱাইছে । প্ৰসংগক্ৰমে সাংসদজনে অহা ২০২৬ ৰ নিৰ্বাচনত অসমত কংগ্ৰেছ চৰকাৰ হ'ব ।" ধেমাজি জিলাৰ প্ৰতিটো সমষ্টিত কংগ্ৰেছ জয়ী হ'ব বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: গছ কাটি উন্নয়ন আমাক নালাগে : যাদৱ পায়েং

ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি এইডছৰ সংক্ৰমণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.