ETV Bharat / politics

কাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ ? লাভান্বিত হৈছে কোন ? তথ্য দিলে কংগ্ৰেছে - PM Modi Foreign Tour

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

Ripun Borah on foreign tour of PM Modi : বিদেশ ভ্ৰমণৰ নামতে প্ৰধানমন্ত্ৰী মোদীয়ে খৰচ কৰিছে সৰ্বমুঠ প্ৰায় ৫০০০ কোটি টকা ৷ ৮০ বাৰ বিদেশ ভ্ৰমণৰ ভিতৰত কেৱল ৮ বাৰহে দেশৰ বিকাশৰ স্বাৰ্থত কৰিছে বিদেশ ভ্ৰমণ ৷ এই তথ্য সবিস্তাৰে প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ এক সংবাদেমেলত ৰিপুণ বৰাই দাঙি ধৰিলে চৰকাৰী ৱেবছাইটৰ তথ্য ৷

Ripun Borah on foreign tour of PM Modi
প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰিপুণ বৰা (ANI Photo/ETV Bharat Assam)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা ভ্ৰমণ কৰা ৮০ খন দেশৰ ভিতৰত এনে ৭২খন দেশ ভ্ৰমণ কৰিছে, যিবোৰ দেশৰ বিকাশত কাম অহা নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ পৰা সৰ্বাধিক উপকৃত হৈছে গৌতম আদানী গ্ৰুপ ।'’ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছ দলৰ এই অভিযোগ ৷

তৃণমূল কংগ্ৰেছৰ পৰা পুনৰ কংগ্ৰেছ দলত যোগ দিয়াৰ পিছত ৰাজীৱ ভৱনত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত বৃহস্পতিবাৰে এইদৰে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ নেতা ৰিপুণ বৰা ৷ এ পি চি চিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই আজি পি এম ৱেবছাইটৰ চৰকাৰী তথ্য-উদাহৰণ দাঙি ধৰি ক’লে- ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৰহভাগ বিদেশ ভ্ৰমণ যেন উদ্যোগপতি গৌতম আদানীৰ মধ্যস্থতাকাৰীৰ হৈহে কৰিছে ৷’’

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰিপুণ বৰা (ETV Bharat Assam)

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সংবাদেমলখনত ৰিপুণ বৰাই কয়- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা বৰ্তমানলৈ বিদেশ ভ্ৰমণৰ এয়াৰ ক্ৰাফটৰ নামত প্ৰায় 588 কোটি টকা ৰাজকোষৰ পৰা খৰচ কৰিলে ৷ সৰ্বমুঠ প্ৰায় ৫০০০ কোটি টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে খৰচ হৈছে। কিন্তু বিনিময়ত আমি কি পাইছো ? এইসময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সময়ত ৮০ বাৰ বিদেশ ভ্ৰমণ পৰিছে ৷ মুঠ ৮০ বাৰ বিদেশ ভ্ৰমণৰ ভিতৰত কেৱল ৮ বাৰহে দেশৰ বিকাশৰ স্বাৰ্থত ভ্ৰমণ কৰিছে ৷ আনহাতে প্ৰায় ৭২ বাৰ বিদেশ ভ্ৰমণ কৰিছে নিজৰ বিদেশ ভ্ৰমণৰ ৰেকৰ্ড ব্ৰেক কৰা আৰু আনৰ স্বাৰ্থৰ বাবে ৷”

‘‘এইখন দেশত কোনোদিনেই ভাৰতৰ প্ৰধানমন্ত্ৰী যোৱা নাই ৷ গতিকে প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী যোৱাৰ অভিলেখ স্থাপনৰ বাবে তেওঁ বহু দেশলৈ গৈছে ৷ দ্বিতীয়তে বহুদেশলৈ বঁটা ল’বলৈ গৈছে । প্ৰধানমন্ত্ৰীৰ ৱেৱছাইটতে এইবোৰ তথ্য আছে ৷ আনহাতে বহু দেশলৈ প্ৰৱাসী ভাৰতীয়ক লগ ধৰিবলৈহে গৈছে ।”- বুলি মন্তব্য ৰিপুণ বৰা ।

প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী আখ্যা দি দেশৰ কামত ৮ বাৰ কৰা বিদেশ ভ্ৰমণক বাদ দি কাৰ স্বাৰ্থত ৭২বাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কিয় আৰু কাৰ স্বাৰ্থত ভ্ৰমণ কৰিছে তাকো উল্লেখ কৰিলে ৰিপুণ বৰাই ৷ বাংলাদেশৰ পৰা নেপাল ভ্ৰমণলৈ কিদৰে আদানী গ্ৰুপৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিছে তাৰ ব্যাখ্যা আগবঢ়ালে ৰিপুণ বৰাই ৷ এই প্ৰসংগত বৰাই কয়- “তেওঁ মুঠ ৭২ বাৰ বিদেশ ভ্ৰমণ কৰিলে বৰ্তমানলৈ । তাৰ ভিতৰত বহুবাৰ মোদীয়ে কেৱল বঁটা ল’বৰ বাবেহে বিদেশ ভ্ৰমণ কৰিছে ৷ এইবোৰ বিদেশ ভ্ৰমণত দেশৰ কোনো লাভ হোৱা নাই ৷”

দেশৰ অৰ্থনীতিৰ প্ৰসংগতো সংবাদমেলত ৰিপুণ বৰাই আগবঢ়াই মন্তব্য- “প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা বহুত ভাল আছিল ৷ ২০১৪ত মোদীয়ে শাসনভাৰ লোৱাৰ পিছত দেশৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিকভাৱে বেয়া হ’বলৈ ধৰিছে ৷” এতিয়া লক্ষ্যণীয় হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক লৈ কংগ্ৰেছে তোলা এইসমূহ অভিযোগৰ ক্ষেত্ৰত বিজেপিয়ে কি প্ৰত্যুত্তৰ দিয়ে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে পঢ়ক : শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

বাইডেন দম্পতীক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

দ্বিদেশীয় ভ্ৰমণসূচী সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.