ETV Bharat / politics

29 জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদত বহিব প্ৰদেশ কংগ্ৰেছৰ 100 গৰাকী‌ মহিলা - Congress leader Mira Borthakur

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 4:29 PM IST

Congress leader Mira Borthakur criticized Assam CM: চৰকাৰী মাটি লীজত দিয়া আৰু গছপুলি ৰোপণৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ । বহিৰাগত বণিয়াক ৰঙা দলিচা পাৰি দি অসমৰ সম্পদ বহিৰাগত বণিয়াক বিক্ৰী কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰাৰ অভিযোগ ৷

Congress leader Mira Borthakur criticized the government on various issues in Guwahati
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ (ETV Bharat Assam)

গুৱাহাটী, 23 জুলাই: শেহতীয়াকৈ ৰাজ্য চৰকাৰে চৰকাৰী মাটি লীজত দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । গুৱাহাটীত মঙলবাৰে সংবাদ মাধ্যমৰ আগত সভানেত্ৰী মীৰা বৰঠাকুৰে অভিযোগ কৰি কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চৰকাৰী মাটি লীজত দিয়াৰ ব্যৱস্থা কৰিছে । যি সময়ত অসমৰ ৰাজহুৱা সম্পদ সুৰক্ষিত কৰা প্ৰয়োজন তেনে সময়তে অসমৰ সম্পদ বিক্ৰী কৰাৰ‌ বাবে চৰকাৰে ব্যৱস্থা লৈছে । বাহিৰাগত বনিয়াক চৰকাৰী‌ মাটি লীজত দিব । এনেদৰে অসমত বহিৰাগত বনিয়াক ৰঙা দলিচা পাৰি দি অসমৰ সম্পদ বাহিৰাগত বনিয়াক বিক্ৰী কৰাৰ চৰকাৰে পৰিকল্পনা কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ।"

মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে

ৰাজ্যত পুনৰ আৰম্ভ হ’ব চৰকাৰী নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচী ৷ আগৰ গছপুলিবোৰ কি অৱস্থাত আছে বুলি মীৰা বৰঠাকুৰে প্ৰশ্ন তুলি কয়, "মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে ! আকৌ মুখ্যমন্ত্ৰীয়ে তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈছে । মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ ৰোপণ কৰা গছৰ পুলিকেইটা জীয়াই আছেনে খবৰ ৰাখিছেনে ? যোৱাবাৰ ৰোপণ কৰা এডালো গছৰ পুলি জীয়াই থকা নাই । অকল কেমেৰাত ফটো উঠা‌, ম’বাইলত ছেলফি উঠাৰ বাবে গছপুলি ৰোপণ কৰিলে নহ'ব ।

দিল্লীলৈ যাব প্ৰদেশ কংগ্ৰেছৰ 100 গৰাকী‌ মহিলা

দিল্লীৰ যন্তৰ-মন্তৰত অহা 29 জুলাইত ৰূপায়িত হ’ব এক প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াত অংশ ল’ব প্ৰদেশ কংগ্ৰেছৰ 100 গৰাকী‌ মহিলাই ৷ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এই সন্দৰ্ভত কয়, "দিল্লীলৈ যাব প্ৰদেশ কংগ্ৰেছৰ 100 গৰাকী‌ মহিলা । এই মহিলাসকল দিল্লী চাবলৈ নহয়, প্ৰতিবাদ কৰিবলৈহে যাব দিল্লীলৈ । বিজেপি চৰকাৰে প্ৰলোভনৰ ৰাজনীতি কৰি মহিলাৰ বাবে 33 শতাংশ সংৰক্ষণৰ বিলখন আইনত পৰিণত কৰিলে ।‌ কিন্তু কাৰ্যকৰী কৰা নাই । আইনখন কাৰ্যকৰী কৰাৰ দাবীত সৰ্বভাৰতীয় পৰ্যায়ত দিল্লীৰ যন্তৰ-মন্তৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব । "

লগতে পঢ়ক: কংগ্ৰেছে অকলেই অৱতীৰ্ণ হ’ব উপ-নিৰ্বাচনত: প্ৰদ্যুৎ বৰদলৈ - MP Pradyut Bordoloi slams Assam CM

কংগ্ৰেছক চকী গতাই দিম বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ? - CM Himanta slams Congress

এইবাৰ চৰকাৰৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য : মুখ্যমন্ত্ৰী - Amrit Brikshya Andolan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.