গুৱাহাটী, 19 ফেব্ৰুৱাৰী : শেহতীয়াকৈ একাংশ কংগ্ৰেছ নেতা তথা বিধায়কে বিজেপিলৈ গমন কৰাৰ সময়তে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে বিজেপিত যোগদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ ফটো একাংশ ছপা মাধ্যমত প্ৰকাশ হৈছে ৷ ইয়াকে লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে ৷ ইফালে এই বাতৰিক সম্পূৰ্ণ নস্যাৎ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷ সোমবাৰে এই সন্দৰ্ভত সামাজিক মাধ্যমত বিষোদগাৰ প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
![Meera Borthakur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-02-2024/20789723_nnncc.jpg)
মীৰা বৰঠাকুৰে এয়া অপপ্ৰচাৰ বুলি সদৰী কৰে ৷ তেওঁৰ বিৰুদ্ধে এয়া নিকৃষ্ট কাম কৰা বুলি তেওঁ অভিযোগ কৰে ৷ সামাজিক মাধ্যমত লিখিছে - "ইতিমধ্যে জানিব পাৰিছোঁ দুজন হতাশগ্ৰস্ত ব্যক্তিয়ে এখন পুৰণি, 2021 চনত মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটো এখন দৈনিক কাকতত প্ৰচাৰ কৰি মোক জনমানসত হেয় কৰিবলৈ যি অপচেষ্টা কৰিছে মই তেনে হতাশগ্ৰস্ত ব্যক্তিৰ মানসিকতাক গৰিহণা দিছোঁ ৷ যি দুজন ব্যক্তিয়ে এই কাম কৰিছে তেওঁলোকৰ সকলো টেলিফোনিক কথা-বাৰ্তা মোৰ হাতত আহি পৰিছে ৷ মই সৰ্বস্বান্ত হ’লেও বিজেপিলৈ নাযাওঁ ৷ যি কেইজনে এনে নিকৃষ্ট কাম কৰিছে তেওঁলোকৰ ৰুচি নিম্নমানৰ ৷ হতাশগ্ৰস্ত মানুহ দুজন চিনাক্ত কৰিছোঁ ৷ ওপৰলে লডিয়ালে গাত পৰে বাবে কথাবোৰ ৰাজহুৱা কৰা নাই ৷ ফটোখন মই কলা চিয়াহীৰে কাটি দিলোঁ যে মই বিজেপিত গৈ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন নহওঁ ৷"
উল্লেখ্য যে এই বিতৰ্ক সন্দৰ্ভত মীৰা বৰঠাকুৰে ই টিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কয়- এয়া তেওঁক ৰাইজৰ আগত হেয় প্ৰতিপ্ৰন্ন কৰাৰ কুচক্ৰান্ত ৷ তেওঁ এই সমস্ত কুচক্ৰান্ত আৰু অভিসন্ধি মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : শীঘ্ৰেই বহু কংগ্ৰেছ নেতা-কৰ্মীৰ অগপলৈ আগমন; দাবী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ