ETV Bharat / politics

মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ - Ex Minister Akon Bora resigns - EX MINISTER AKON BORA RESIGNS

Ex Minister Akon Bora resigns from APCC portfolio : দিছপুৰৰ কাৰ্যালয়ৰ অধিকাৰক লৈ সংঘাত ! অসন্তুষ্ট প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ ৷ শুকুৰবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ অকণ বৰাই প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।

Ex Minister Akon Bora resigns from APCC portfolio
অসন্তুষ্ট প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:17 PM IST

Updated : Aug 17, 2024, 5:54 PM IST

গুৱাহাটী, ১৭ আগষ্ট : পিতৃ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাৰ বিশ্বস্ত মন্ত্ৰী ৷ কংগ্ৰেছী মন্ত্ৰীজনৰ পুত্ৰও দুদিনমান আগলৈকে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সোঁহাত আছিল ৷ লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ এৰি গৌৰৱ গগৈৰ কাষৰ পৰা গৈ আশ্ৰয় লৈছিল বিজেপিত ৷ এতিয়া কংগ্ৰেছত অসন্তুষ্ট পিতৃয়েও অনুসৰণ কৰিব নেকি পুত্ৰৰ পথেই ! বিভিন্ন মহলত এতিয়া ইয়াক লৈয়েই চৰ্চা চলিছে ৷ আমি ক’ব খুজিছো জ্যেষ্ঠ কংগ্ৰেছ অকণ বৰা আৰু তেওঁৰ পুত্ৰ মানস বৰাৰ কথা ।

Ex Minister Akon Bora resigns from APCC portfolio
প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ (ETV Bharat)

অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ (APCC) সদস্য অকণ বৰাই । যোৱা ১৬ আগষ্ট, শুকুৰবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অকণ বৰাই ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতি(PAC)ৰ পৰা পদত্যাগ কৰিছে প্ৰবীণ কংগ্ৰেছী নেতাজনে ৷ মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা পদত্যাগ পত্ৰখনত অকণ বৰাই উল্লেখ কৰিছে যে গভীৰভাৱে চিন্তা কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ । বৰাই পদত্যাগ পত্ৰখনত উল্লেখ কৰিছে-

“গভীৰ শ্ৰদ্ধা আৰু দায়িত্ববোধেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী সমিতিৰ পৰা আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰা তৎকালীন কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ দাখিল কৰিব বিচাৰিছো ।

সাধাৰণভাৱে এই সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু ভালদৰে বিবেচনাৰ অন্ততহে লোৱা হৈছে ৷ এই সুযোগতে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি মোৰ গভীৰ নিষ্ঠা আৰু আনুগত্যক পুনৰ দৃঢ় কৰিব বিচাৰিছো । মোৰ গোটেই ৰাজনৈতিক পৰিক্ৰমাত এই দল আৰু আমাৰ ৰাজ্যৰ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো । কংগ্ৰেছ দলৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি মোৰ দায়বদ্ধতা আগৰ দৰেই শক্তিশালী হৈ আছে আৰু মই গোটেই জীৱন যি উৎসাহ আৰু নিষ্ঠাৰে দলৰ লগতে আমাৰ প্ৰিয় ৰাজ্যখনৰ সেৱা কৰি যাম ।”

  • অকণ বৰাৰ সংঘাত বাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে :

    পিতা-পুত্ৰ (Manas's FB page)

লোকসভা নিৰ্বাচনৰ আগে আগে গৌৰৱ গগৈৰ সৈতে যোৰহাট লোকসভাত প্ৰচাৰ চলাই থকাৰ মাজতে কংগ্ৰেছ দলক শ’লঠেকত পেলাই বিজেপিত যোগদান কৰিছিল অকণ বৰাৰ পুত্ৰ মানস বৰাই ৷ সেয়াই আছিল আৰম্ভণি । তাৰ পিছতেই অকণ বৰা যথেষ্ট অস্বস্তিত পৰিছিল পুত্ৰৰ সিদ্ধান্তক লৈ । কেইবাটাও বিষয়ক লৈ ৰাজ্যিক নেতৃত্বৰে সংঘাত বাঢ়ি আহিছিল অকণ বৰাৰ ৷ তাৰ ভিতৰত অন্যতম আছিল দিছপুৰত কংগ্ৰেছ দলৰ কাৰ্যালয় থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কোঠাৰ অধিকাৰক লৈ ৷

সুদীৰ্ঘকাল দিছপুৰৰ বহুকোটিটকীয়া কেইবা বিঘা মাটিত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কাৰ্যালয়টো মূলতঃ আছিল অকণ বৰা আৰু তেওঁৰ পুত্ৰ মানস বৰাৰ অধীনত । কিন্তু মানস বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত মানস বৰাৰ কাৰ্যালয় কোঠাটো মুকলি কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আন নেতাক অৰ্পণ কৰে । লাহে লাহে মানবেন্দ্ৰ কমপ্লেক্সত প্ৰভুত্ব কমি আহে অকণ বৰাৰ । বাঢ়ি আহে অকণ বৰাৰো অসন্তুষ্টি ।

তাৰ মাজতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ এটা কোঠা প্ৰদেশ কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদকক ৰাজ্যিক নেতৃত্বই গতাই দিয়ে ৷ এই লৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈ দলীয় কৰ্মীৰে দুদিনমান পূৰ্বে এক সংঘাততো লিপ্ত হয় অকণ বৰা । এই সংঘাতৰ পিছতেই শুকুৰবাৰে তেওঁ এ আই চি চিৰ সভাপতি মল্লকাৰ্জুন খাৰ্গেলৈ দলীয় পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ এককথাত বহু কোটিটকীয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ অধিকাৰক লৈ সৃষ্টি হোৱা সংঘাতৰ পিছতেই অকণ বৰাই এই পদত্যাগ পত্ৰ দিছে ৷ ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব। অৱশ্যে অকণ বৰাই ত্যাগ কৰা নাই এ আই চি চিৰ সদস্য পদ ৷

Last Updated : Aug 17, 2024, 5:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.