নিউজ ডেস্ক, 12 মে’: দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছে দলটোৱে আভ্যন্তৰীণ আত্মবিশ্লেষণৰে নিৰ্বাচনৰ সময়ত সন্মুখৰ পৰা যুঁজি আছে ৷ দেখা গৈছে দলটোৰ পক্ষত কেবাটাও ইতিবাচক দিশ ৷ দলৰ ভিতৰৰ লোকসকলৰ মতে কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰচাৰে বিভিন্ন স্তৰত আধিপত্য বিস্তাৰ কৰি আছিল ৷ তাৰে মাজৰে এক সুৰুঙাৰে বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷
দলটোৰ ইস্তাহাৰত স্থান পোৱা বিষয়সমূহৰ ভিতৰৰ লাখ লাখ চৰকাৰী চাকৰি প্ৰদান আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিয়ে যুৱ প্ৰজন্মৰ লগতে মহিলাসকল আকৰ্ষিত কৰা বুলি মন্তব্য কৰিছে দলীয় কৰ্মীসকলে ৷
দলীয় কৰ্মীসকলৰ মতে এনে বহু কাৰণত ৰাইজে পৰিৱৰ্তন বিচাৰি আছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ আগবঢ়োৱা ৰাজহুৱা বিতৰ্কৰ প্ৰস্তাৱ গ্ৰহণ কৰালৈ জনতা ৰৈ আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলিও কয় কংগ্ৰেছ কৰ্মীসকলে ৷
গুজৰাটৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বি এম সন্দীপ কুমাৰে ইটিভি ভাৰতক কয়, ‘‘তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত কংগ্ৰেছে নিশ্চিতভাৱে সন্মুখৰ ভৰিৰে খেলি আছে । আমি তৃণমূল পৰ্যায়ত আৰু সামাজিক মাধ্যমত তীব্ৰ প্ৰচাৰ চলাই আছো । আমাৰ প্ৰচাৰ অভিযান জনসাধাৰণৰ সৈতে সম্পৰ্কিত বিষয়ৰ ওপৰত আধাৰিত আৰু ৰাইজে আমাৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ প্ৰতি সঁহাৰি জনাইছে । ইয়াৰ উপৰিও আমি ছ'চিয়েল মিডিয়াত চলোৱা প্ৰচাৰ সাধাৰণ লোকসকলৰ ওচৰলৈ গৈছে ৷ সেই বাৰ্তাসমূহ সাধাৰণ ৰাইজে বিস্তাৰ কৰিছে ৷ মোদী চৰকাৰৰ ১০ বছৰীয়া শাসনৰ বিৰুদ্ধে ৰাইজৰ যথেষ্ট ক্ষোভ আছে ৷’’
কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘‘ আমাৰ নেতা ৰাহুল গান্ধীয়ে ৰাজহুৱা বিতৰ্কৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো গণতান্ত্ৰিক ব্যৱস্থা ৷ প্ৰাসংগিক বিষয়সমূহৰ সন্দৰ্ভত গণতন্ত্ৰত এক স্বাস্থ্যকৰ বিতৰ্ক হোৱা উচিত৷ কিন্তু মোৰ ধাৰণা হৈছে যে প্ৰধানমন্ত্ৰীয়ে বিতৰ্কত যোগদান নকৰিব, কিয়নো তেওঁ ভয় কৰে ৷ 10 বছৰ ধৰি শাসন কৰাৰ পিচতো প্ৰধানমন্ত্ৰী মোদীৰ সফলতাৰ বিষয়ে কোৱা শুনা নাই । তেওঁ কেৱল বিভাজনমূলক বিষয়বোৰ উত্থাপন কৰি বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে । ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জনসাধাৰণৰ সৈতে ভাগ বতৰা কৰিব পৰাকৈ সাফল্যৰ এক দীঘলীয়া তালিকা আছিল ৷
বি এম সন্দীপ কুমাৰৰ মতে পূৰ্বৰ লোকসভা নিৰ্বাচনসমূহতো বিৰোধী দল আছিল ৷ কিন্তু এইবাৰ যিধৰণৰ সমন্বয় ঘটিছে, সেয়া পূৰ্বে হোৱা নাছিল ৷ তেওঁ কয়, ‘‘পূৰ্বে মই বহু মিত্ৰতা দেখিছো । বেছিভাগ শীৰ্ষ নেতা একত্ৰিত হয়, প্ৰচাৰ চলায় আৰু গুচি যায় । মিত্ৰজোঁটৰ স্থানীয় দলৰ কৰ্মীসকলৰ সৈতে লগ নকৰে । কিন্তু এইবাৰ, বিভিন্ন বিৰোধী দলৰ কৰ্মীসকল একত্ৰিত হৈছে আৰু মিত্ৰদলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰাত অৰিহণা যোগাইছে । এইটোৱেই প্ৰতিফলিত কৰে ৰাইজৰ মাজত মোদী চৰকাৰৰ বিৰুদ্ধে থকা তীব্ৰ আণ্ডাৰকাৰেণ্টক ।’’
মোদী বনাম ৰাহুল গান্ধীৰ মুকলি তৰ্কই সহায় কৰিব নেকি গেৰুৱা দলটোক ?
কংগ্ৰেছ নেতাগৰাকীয়ে কয় ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে এজন শক্তিশালী ভাবমূৰ্তি ব্যক্তি হিচাপে প্ৰদৰ্শন কৰে ৷ কিন্তু তেওঁ যোৱা ১০ বছৰত কেতিয়াও সংবাদমেল সম্বোধন কৰা নাই । কেৱল নিদিষ্ট কেইটামান মিডিয়া গোটক স্ক্ৰিপ্টেড সাক্ষাৎকাৰ দিছে । ইয়াৰ বিপৰীতে, ৰাহুল গান্ধীয়ে যোৱা এক দশকত প্ৰায় 150 খন সংবাদমেল সম্বোধন কৰিছে । কঠিন প্ৰশ্নৰ মুখামুখিৰ বাবে তেওঁ সাজু । যদি বিজেপিয়ে ভাবে যে মোদী বনাম ৰাহুলৰ প্ৰতিযোগিতাই তেওঁলোকক সহায় কৰিব, তেন্তে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা বিতৰ্কৰ পৰা কিয় আঁতৰি আছে?’’
লগতে তেওঁ কয়, ‘‘বিজেপিয়ে যোৱা এটা দশকত ৰাহুল গান্ধীৰ নেতিবাচক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছিল, কিন্তু ভাৰত জোড়ো যাত্ৰাই তেওঁলোকৰ সেই প্ৰচাৰ তচনচ কৰি পেলালে । আচৰিত হ’বলগীয়া একো নাই, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ বাৰ্তাৰ প্ৰতি যথেষ্ট সঁহাৰি পোৱা গৈছে "৷
লগতে পঢ়ক: আমাৰ গেৰান্টি এটা ব্ৰেণ্ড: দিল্লীত কেজৰিৱালৰ ১০ টা গেৰান্টি ঘোষণা