ETV Bharat / politics

চিদলী দখলৰ বাবে অকলেই উঠি-পৰি লাগিছে কংগ্ৰেছ - Bye Election Assam

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:30 PM IST

Congress in Sidli bye election: চিদলীত এইবাৰ এককভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে ৷ চিৰাঙত দলৰ সাংগঠিন ভেঁটি সবল কৰাৰ বাবে উঠি-পৰি লাগিছে দলটো ৷ সমষ্টিটো যিকোনো প্ৰকাৰে দখলৰ চেষ্টা কংগ্ৰেছৰ ৷

Etv BharatCongress in Sidli bye election
চিৰাঙত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়োৰ সংবাদমেল (ETV Bharat Assam)

চিৰাং, 23 জুন: বি টি আৰৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ বিটিচি চুক্তিৰ পিচত কংগ্ৰেছ দলে বি পি এফক বি টি আৰৰ শাসনৰ বাবে আগবঢ়াই দিছিল ৷ তাত হস্তক্ষেপ কৰা নাছিল কংগ্ৰেছ দলে ৷ কিন্তু এইবাৰ বি টি আৰৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কংগ্ৰেছে ৷

বি টি আৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নিৰ্বাচন সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে অসম কংগ্ৰেছৰ জ্যেষ্ঠ মুখ্যপাত্ৰ প্ৰবীণ বড়োৱে ৷ প্ৰবীণ বড়োৱে কয় যে শেহতীয়া কংগ্ৰেছ দলে অসমত যথেষ্ট জনসমৰ্থন লাভ কৰিছে, সেয়ে বিটিচি নিৰ্বাচনত এতিয়াৰে পৰা কংগ্ৰেছে এককভাৱে অংশগ্ৰহণ কৰিব ৷

ইফালে চিদলী সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবেও কংগ্ৰেছ দল সাজু হোৱা বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে ৷ উক্ত উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছে দেওবাৰে চিৰাং জিলাত এক আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰে বিটিআৰ কংগ্ৰেছৰ সমন্বয়ক প্ৰবীণ বড়োৱে ৷

লগতে পঢ়ক: ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি

কাজলগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত প্ৰবীণ বড়োৱে কয় যে চিদলী বিধানসভা সমষ্টিটো যাতে যিকোনো প্ৰকাৰে কংগ্ৰেছ দলে দখল কৰিব পাৰে, তাৰ বাবে দলটোৱে চেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ জনায় যে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়ালৈ ইতিমধ্যে আগবাঢ়ি আহিছে 4-5জন লোক ৷ হাই কমাণ্ডৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত চিৰাং জিলাৰ চিদলী-চিৰাং বিধানসভা সমষ্টিৰ পৰা বিধায়ক জয়ন্ত বসুমতাৰীয়ে সাংসদ নিৰ্বাচিত হোৱাৰ পিচত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ দেওবাৰৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়ো, মুখপাত্ৰ দ্বীপজ্যোতি চহৰীয়া, চিৰাং জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰেকিব আলী, চিৰাং জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি নবাব খানসহ কেবাজনো নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: যুদ্ধ হ’ব প্ৰতিশোধৰ ! ধুবুৰীত পৰাজয়ৰ পোটক চামগুৰিত তোলাৰ পৰিকল্পনা আজমল বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.