ETV Bharat / politics

মুখথেকেচা খালে গৌৰৱ গগৈয়ে, বিৰোধী ঐক্য বিঘ্নিত কৰিও বিহালীত জয়ী হ'ব নোৱাৰিলে কংগ্ৰেছ - ASSEMBLY ELECTION 2024

বিহালীত হাৰ মানিলে গৌৰৱ গগৈয়ে । কামত নাহিল গৌৰৱ গগৈৰ প্ৰচাৰ । বিজেপিৰ দিগন্ত ঘাটোৱালে পৰাভূত কৰিলে কংগ্ৰেছৰ জয়ন্ত বৰাক ।

Congress failed to win behali despite disturbing opposition unity
মুখথেকেচা খালে গৌৰৱ গগৈয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 3:44 PM IST

গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ শক্তি কামত নাহিল । বিহালীত বিজেপিৰ দিগন্ত ঘাটোৱালে পৰাভূত কৰিলে কংগ্ৰেছৰ জয়ন্ত বৰাক । সাংসদ গৌৰৱ গগৈয়ে বিহালীত জয়ন্ত বৰাক জয়ী কৰোৱাবৰ বাবে উঠিপৰি লাগিছিল যদিও কোনো কামত নাহিল । বিজেপিৰ পৰা পদত্যাগ কৰা জয়ন্ত বৰাক কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বেই বিহালীৰ পৰা কংগ্ৰেছৰ টিকট দিয়া হৈছিল । টিকট পোৱাৰ পাছতেহে জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰিছিল ।

জয়ন্ত বৰাই বিহালীত টিকট লাভ কৰাৰ আঁৰত আছিল সাংসদ গৌৰৱ গগৈ । দলৰ শীৰ্ষ নেতৃত্বক সৈমান কৰাই সাংসদ গৌৰৱ গগৈয়ে নিশ্চিত জয়ৰ আশাৰে জয়ন্ত বৰাক বিহালী সমষ্টিৰ টিকট দিয়াইছিল । আনকি সমষ্টিটোত তেওঁ দিনে-নিশাই প্ৰচাৰ চলাইছিল । কিন্তু আজিৰ ফলাফলত বেয়াকৈ মুখথেকেচা খালে সাংসদ গৌৰৱ গগৈয়ে । বিহালীৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ জয়ন্ত বৰা পৰাজিত হ'ল যদিও এক কথাত সাংসদ গৌৰৱ গগৈয়ো হাৰিল ।

লক্ষণীয় বিষয় যে বিহালীৰ বাবেই বিৰোধী ঐক্য বিঘ্নিত হৈছিল । কংগ্ৰেছৰ আঁকোৰগোজ স্থিতিৰ বাবেই পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী শক্তি কংগ্ৰেছৰ লগত নাছিল । উপ-নিৰ্বাচনৰ পূৰ্বে অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম'-এ সংগ এৰিছিল কংগ্ৰেছৰ । ইয়াৰ মূল কাৰণ আছিল বিহালী সমষ্টি । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত অসম সন্মিলিত মৰ্চাই চাৰিটা সমষ্টি কংগ্ৰেছক এৰি দি একমাত্র বিহালী সমষ্টিটো চি পি আই এম এলক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

এই সন্দৰ্ভত কংগ্ৰেছৰ নেতৃত্বৰে অসম সন্মিলিত মৰ্চাৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । আনকি বিহালী সমষ্টিৰ প্ৰাৰ্থী বাচনিৰ বাবে কমিটিও গঠন কৰি দিয়া হৈছিল । কমিটিয়ে চি পি আই এম এলৰ বিবেক দাসক বিহালীৰ প্ৰাৰ্থী হিচাপে বাচনি কৰি প্ৰতিবেদন কংগ্ৰেছৰ নেতৃত্বক দিছিল । কিন্তু কমিটিখনৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি কংগ্ৰেছ দলে মিত্রদলসমূহক অন্ধকাৰত ৰাখি বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰিছিল ।

কংগ্ৰেছ দলে কৰা এনে বিশ্বাসঘাতকতাৰ বাবেই অসম সন্মিলিত মৰ্চাই কংগ্ৰেছ দলৰ অবিহনে মৰ্চা বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিহালীক কেন্দ্ৰ কৰিয়েই বিৰোধী ঐক্যত ফাঁট মেলিছিল । বিহালীত অসম সন্মিলিত মৰ্চাই চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীক সমৰ্থন আগবঢ়াইছিল । বিহালী সমষ্টিতো মিত্ৰদলক এৰি দিয়াৰ সিদ্ধান্তৰ বিপৰীত স্থিতিত আছিল সাংসদ গৌৰৱ গগৈ ।

যাৰ বাবে বিপদত পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । তেওঁ দলীয় নেতৃত্বৰ সিদ্ধান্ত মানি ল'বলগীয়া হৈছিল । সাংসদ গৌৰৱ গগৈৰ বাবে বিহালীত জয়ন্ত বৰাই টিকট লাভ কৰিছিল যদিও জয়ী হ'ব নোৱাৰিলে । এক কথাত সৰ্বশক্তি প্ৰয়োগ কৰিও বিহালীত গৌৰৱ গগৈয়ে যোৰহাটৰ দৰে চমক দিব নোৱাৰিলে ।

লগতে পঢ়ক: বিধানসভাৰ উপ-নিৰ্বাচন : ৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি

কাৰ দখলত বিহালীৰ ৰাজপাট ? আজি হ'ব নিৰ্ণয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.