ETV Bharat / politics

লোকসভা নিৰ্বাচন: মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ তালিকা - Nagaon Lok Sabha Constituency

Bhupen Borah: কংগ্ৰেছত হোৱা খহনীয়াই দলটোক ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰে ভূপেন বৰাই । মাৰ্চৰ প্ৰথম সপ্তাহত কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Bhupen Borah on Lok Sabha Election
লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 6:56 PM IST

লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

লখিমপুৰ, ২৩ ফেব্ৰুৱাৰী: শুকুৰবাৰে লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় এক দলীয় প্ৰশিক্ষণ শিবিৰ । উক্ত শিবিৰত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ সন্মুখত শাসকীয় দলৰ বিৰুদ্ধে সৰৱ হৈ উঠাৰ লগতে কংগ্ৰেছৰ খহনীয়াই দলটোক ক্ষতি কৰিব নোৱাৰে বুলি কয় ।

ভূপেন বৰাই কয় যে মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে । সেই অনুসৰি নগাঁৱত দলটোৰ আছে তিনিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী । কংগ্ৰেছে উক্ত তিনিওগৰাকীকে নিৰ্বাচন খেলোৱাৰ চিন্তা কৰি আছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ।

আনহাতে আম আদমি পাৰ্টীৰ সৈতে এতিয়াও আলোচনা শেষ হৈ যোৱা নাই বুলি কৈ পাঞ্জাব, গোৱা, দিল্লী আদিত আপৰ সৈতে সন্মানজনক আলোচনা শেষ হোৱা বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ অসমত ‘আপ’ক যথাযোগ্য সন্মান দিবলৈ চেষ্টা কৰা হৈছে বুলি কৈ তেওঁলোকে অলপ বেছি বিচাৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

শুকুৰবাৰে লখিমপুৰত জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত নগৰৰ উৎসৱ ভৱনত আয়োজিত দলীয় প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে ভূপেন বৰাই । কংগ্ৰেছ দলত খহনীয়া হোৱাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দলৰ পৰা দুই-এজন মানুহ যোৱাটো সঁচা । কিন্তু তেও কংগ্ৰেছ দলৰ ইতিহাস খুচৰি কয় যে চন্দ্ৰ শেখৰ, ভিপি সিং, পি এ চাংমা, গেগং আপং আদিৰ দৰে নেতায়ো কংগ্ৰেছ এৰিছিল । কিন্তু তাৰ পিচতো কংগ্ৰেছ নিঃশেষ নহ’ল । ক্ষমতালৈ আহিয়েই থাকিল কংগ্ৰেছ ।

অসমত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃক হত্যা কৰাৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিকো হত্যা কৰা হৈছিল বুলি মন্তব্য কৰে ভূপেন বৰাই । ইয়াৰোপৰি তেওঁ কয় যে ১৯৮৩ৰ পৰা ১৯৮৯লৈ নিতৌ একোজনকৈ কংগ্ৰেছীক হত্যা কৰা হৈছিল । কিন্তু তাৰ পিচতো কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিল ।

মুখ্যমন্ত্ৰী আৰু বিজেপি দলক কঠোৰ সমালোচনা কৰি কয় ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ্য নহয় । কংগ্ৰেছ দলে ৭০ বছৰত যিমান ঋণ লৈছিল, বিজেপিয়ে ৭ বছৰত তাৰ দুগুণ লোৱা বুলি উল্লেখ কৰি তেওঁ কয় ঋণৰ টকাৰে মুখ্যমন্ত্ৰীয়ে দৈনিক গড়ে ছয়লাখ টকা হেলিকপ্টাৰত উৰুৱায় । নিতৌ বিজ্ঞাপনত ডেৰশ কোটি টকা চৰকাৰে উৰুৱাই দিছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানৰ বাবে মাহিলী চৰকাৰে দিয়ে ১২ শ টকা ।

আগন্তুক নিৰ্বাচনৰ পূৰ্বে অৰুণোদয়, বিদেশীৰ সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান আদি বিষয়বোৰ পুনৰ শাসকীয় দলে লৈ আহিব আহিব বুলি সদৰী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে এইবাৰ শোষিত, নিষ্পেষিত ৰাইজে বিচাৰ কৰিব ৷

কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰি ভূপেন বৰাই কয় যে বিজেপিৰ শাসন কালত দৈনিক গড়ে ৩৮ জন কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে । উদ্যোগপতিসকলৰ ১১ লাখ কোটি ঋণ মাফ কৰা চৰকাৰখনে কৃষকৰ ২ লাখ কোটি ঋণ মাফ কৰিব নোৱাৰিলে ।

লখিমপুৰৰ সাংসদগৰাকীয়ে শুই-বহি সময় কটায় বুলিও মন্তব্য কৰে ভূপেন বৰাই ৷ অহা নিৰ্বাচনত ৰাইজে শুই বহি সময় কটাবলৈ কাৰোবাক দিল্লীলৈ পঠাবনে নাই সেয়া চিন্তা কৰিব বুলিও তেওঁ কয় । বিজেপিৰ ‘কংগ্ৰছমুক্ত ভাৰত’ শ্ল’গানৰ প্ৰসংগত ভূপেন বৰাই কয় যে ২০১৪ চনৰ পৰাই বিজেপিয়ে কংগ্ৰেছক ধূলিসাৎ কৰাৰ শ্ল’গান দি আহিছে । কিন্তু শেহতীয়াকৈ তিনি ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছৰ লগতহে যুঁজ দিবলগীয়া হৈছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ জালত ভৰি দিয়াসকল নাইকিয়া হৈ যাব: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.