ETV Bharat / politics

হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 9:05 PM IST

Silchar Lok Sabha constituency : শিলচৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল বাহিৰ কৰি শিলচৰ লোকসভা সমষ্টিৰ বাবে বুধবাৰে মনোয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে ৷

SILCHAR LOK SABHA CONSTITUENCY
শিলচৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

মনোয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰৰ

শিলচৰ, 3 এপ্ৰিল : দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ লোকসভা সমষ্টি কেইটাত ইতিমধ্যে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ৷ দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত 26 এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে এই পাঁচটা সমষ্টিত শক্তি প্ৰদৰ্শনেৰে শাসক-বিৰোধী উভয়ৰে প্ৰাৰ্থীসকলে দাখিল কৰিছে মনোনয়ন ৷

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে শিলচৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল বাহিৰ কৰি শিলচৰ লোকসভা সমষ্টিৰ বাবে বুধবাৰে মনোয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে ৷ বিশাল ৰোড শ্ব’ বাহিৰ কৰি কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে দলটোৰ ৰাজ্যিক শীৰ্ষ নেতাৰ উপস্থিতিৰ অবিহনেই দাখিল কৰে মনোনয়ন ৷ মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰাক্তন মন্ত্ৰী অজিত সিং, বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনূল হক লস্কৰ, জিলা সভাপতি অভিজিৎ পাল আৰু দলীয় দুই বিধায়ক উপস্থিত থাকে ৷ মনোনয়ন দাখিল কৰি কংগ্ৰেছ প্ৰাৰ্থীজনে বৰাক উপত্যকাৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে ওলাই অহা বুলি মন্তব্য কৰে ৷

ইফালে বুধবাৰে বৰাকৰ দুয়োখন লোকসভা আসনত বিজেপি দলৰ প্ৰাৰ্থীৰ মনোয়ন দাখিলত সংগ দিবলৈ বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু ইয়াৰ মাজতে শিলচৰত শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে ৷ হাজাৰ হাজাৰ সমৰ্থকক লৈ সমদল কৰি শিলচৰত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছে ৷ এফালে মুখ্যমন্ত্ৰীক লগত লৈ ৰোড শ্ব' কৰি মনোয়ন পত্ৰ জমা দিয়ে বিজেপিয়ে ৷ আনফালে হাজাৰ হাজাৰ সমৰ্থকক লৈ সমদল কৰি দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে কংগ্ৰেছ দলে ৷ ৰোড শ্ব’ কৰি শিলচৰ জিলা আয়ুক্ত কাৰ্যালয়ত বিজেপি প্ৰাৰ্থীয়ে মনোনয়ন জমা দিয়াৰ পাচতে হাজাৰ হাজাৰ সমৰ্থকক লৈ দলীয় কাৰ্যালয়ৰ পৰা সমদল বাহিৰ কৰে কংগ্ৰেছে ৷ এই সমদলত প্ৰায় 5 হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে জিলা কংগ্ৰেছৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক : ডিফুত সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল জয়ৰাম ইংলেঙৰ - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.