তেজপুৰ, 13 মাৰ্চ : শোণিতপুৰ লোকসভা আসনৰ বাবে ঘোষণা কৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ৷ 20 বছৰৰ অপেক্ষাৰ অন্ত পেলাই বিহালী সমষ্টিৰ বৰগাঙৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জুক শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে ৷ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতেই উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ প্ৰাৰ্থীজন ৷ টিকট লাভ কৰি আজি তেজপুৰ ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰেমলাল গঞ্জু ৷
তেজপুৰত উপস্থিত হৈ তেওঁ কয়- "মোৰ বিৰুদ্ধে কোনো আৰক্ষী থানাত কোনো ধৰণৰ গোচৰ নাই, মই সম্পূৰ্ণ নিকা প্ৰাৰ্থী ৷" লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ টিকট দিয়াৰ বাবে ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জনায় প্ৰাৰ্থীজনে ৷
কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে জানিবলৈ দিয়া অনুসৰি বিগত প্ৰায় 20 টা বছৰ ধৰি কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনৰ টিকট বিচাৰি আহিছিল তেওঁ ৷ অৱশেষত 20 বছৰীয়া অপেক্ষাৰ অন্ত পেলাই 12 মাৰ্চত কংগ্ৰেছে ঘোষণা কৰি দ্বিতীয়খন প্ৰাৰ্থী তালিকাত শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে তেওঁ স্থান লাভ কৰে ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ লগতে তেওঁ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব প্ৰেমলাল গঞ্জুৱে ৷ তেওঁ কোনোধৰণৰ অপৰাধজনিত কাম কৰা নাই বুলি জানিবলৈ দিয়ে ৷ নিজকে এগৰাকী চাহ জনগোষ্ঠীৰ লোক বুলি অভিহিত কৰি প্ৰাৰ্থীগৰাকীয়ে চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে বিজেপি চৰকাৰে কোনো ধৰণৰ উন্নয়নৰ কাম নকৰিলে বুলি অভিযোগ কৰে ৷ এইখন চৰকাৰে শোণিতপুৰ লোকসভা সমষ্টিত বিশেষকৈ গ্ৰাম্যাঞ্চলত যাতায়ত, যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা দেখা নাই বুলি তেওঁ কয় ৷
মূল্যবৃদ্ধিক সমস্যা প্ৰধান ইছ্যু হিচাবে লৈ বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নিৰ্বাচনী যুঁজত নামিব বুলি জানিবলৈ দিয়ে ৷ আম আদমী পাৰ্টিৰ সৈতে কংগ্ৰেছৰ বুজাবুজি হ’ব বুলিও আশাবাদী গঞ্জু ৷ ইতিমধ্যে শোণিতপুৰ সমষ্টিত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই প্ৰথম প্ৰচাৰ তুংগত ৰাখিছে ৷ উল্লেখ্য যে, শোণিতপুৰ লোকসভা সমষ্টিত প্ৰায় 55 খন চাহ বাগিচা আছে ৷ শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিত থকা চাহ বাগিচাৰ ভোটাৰ সংখ্যা হ’ল- ৰঙাপৰা সমষ্টিত 147000 , ঢেকীয়াজুলি সমষ্টিত 78000 , নদুৱাৰ 35000, তেজপুৰ সমষ্টিত 18000 আৰু বৰচলা সমষ্টিত 40000 চাহ বাগিচাৰ ভোটাৰ আছে ৷
লগতে পঢ়ক : শোণিতপুৰত প্ৰেমলাল গঞ্জুক প্ৰাৰ্থিত্ব প্ৰদানত আনন্দিত কংগ্ৰেছ কৰ্মী