ETV Bharat / politics

গৃহমন্ত্ৰীক টুইন টাৱাৰ দেখুৱাই থৈ যাবলৈ আহ্বান মীৰা বৰঠাকুৰৰ - Lok sabha election 2024 - LOK SABHA ELECTION 2024

Lok sabha election 2024: "ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে যি আধুনিক প্ৰচেষ্টাৰে তালাব খান্দি বানপানীৰ সমস্যা নোহোৱা কৰিম বুলি কৈছিল, সেইবোৰ ক’ত খান্দিলে আমাক দেখুৱাই থৈ যাওক ৷ অসমত যি টুইন টাৱাৰ বনোৱাৰ কথা আছিল সেয়া ক’ত বনোৱা হ’ল আমাক দেখুৱাই গ’লে ভাল পাম ৷" - কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰ

CONGRESS CANDIDATE MIRA BoRTHAKUR ELECTION CAMPAIGN
গৃহমন্ত্ৰীক টুইন টাৱাৰ দেখুৱাই থৈ যাবলৈ আহ্বান মীৰা বৰঠাকুৰৰ
author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 4:22 PM IST

গৃহমন্ত্ৰীক টুইন টাৱাৰ দেখুৱাই থৈ যাবলৈ আহ্বান মীৰা বৰঠাকুৰৰ

মিৰ্জা, 29 এপ্ৰিল : "ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীলৈ আহিছে আমি আদৰণি জনাইছো ৷ তেখেতে তেওঁৰ দলৰ কাৰণে আহিছে ৷ তেওঁ তেওঁলোকৰ কাম কৰিব ৷ আমাৰ দলে আমাৰ কাম কৰিব ৷ কিন্তু মই আপোনালোকৰ জৰিয়তে অমিত শ্বাহক মনত পেলাই দিবলৈ বিচাৰিছো যে, তেওঁ যি আধুনিক প্ৰচেষ্টাৰে তালাব খান্দি বানপানীৰ সমস্যা নোহোৱা কৰিম বুলি কৈছিল, সেইবোৰ ক’ত খান্দিলে আমাক দেখুৱাই থৈ যাওক ৷ অসমত যি টুইন টাৱাৰ বনোৱা হৈছিল সেয়া ক’ত বনোৱা হ’ল আমাক দেখুৱাই গ’লে ভাল পাম ৷" ৰহস্যজনকভাৱে মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মাতৃক লগত লৈ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰে সোমবাৰে কামৰূপ গ্ৰাম্যৰ ছয়গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

লগতে বৰঠাকুৰে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক উদ্দেশ্যি কয় যে, তেওঁ ৰাজনৈতিক জীৱনত কেতিয়াও কাকো কটাক্ষ কৰা নাই, ভৱিষ্যতেও নকৰে । মই মোৰ প্ৰতিপক্ষক কেতিয়াও বেয়াকৈ নকও ৷

"ৰাইজে অহংকাৰী মানুহক বেয়া পায়, মই এটা ভোটত হ’লেও জয়ী হম । মই বিৰোধীৰ দৰে অহংকাৰ নকৰো । খিলঞ্জীয়াক ভূমিৰ পট্টা দিব বুলি কৈ বুলড‘জাৰ চলাই এইখন চৰকাৰে । গতিকে এইবাৰ ৰাইজে মোক জয়যুক্ত কৰিব আৰু ময়ো ৰাইজৰ সমস্যাসমূহ দিল্লীত সজোৰে উত্থাপন কৰিম ৷" মীৰা বৰঠাকুৰে এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

লগতে আজি কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ছয়গাঁও ৰাজীৱ ভৱনত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সভা অনুষ্ঠিত কৰে ৷ যদিও ছয়গাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক মীৰা বৰঠাকুৰৰ লগত দেখা পোৱা নগ’ল ৷

লগতে পঢ়ক: মহানগৰীৰ মাজমজিয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মেগা ৰোড শ্ব’ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.