বঙাইগাঁও: বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী,অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা প্ৰাক্তন আছু নেতা ব্ৰজেনজিৎ সিংহই শুকুৰবাৰে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ এই মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীৰ লগত সংগ ৰাখি গান্ধি ময়দানত দলটোৰ সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷
এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, বিধায়ক প্ৰদীপ সৰকাৰ,আব্দুল বাতেন খণ্ডকাৰকে ধৰি তিনিগৰাকী বিধায়ক,জ্য়েষ্ঠ নেতা প্ৰদ্যুৎ বৰা, ববিতা শৰ্মা, দীপ বায়ন আদি উপস্থিত থাকে ৷
- অগপ দলক প্ৰত্যাখ্য়ান কৰিছে :
সভাত ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ আদিয়ে শাসকীয় বিজেপি মিত্ৰ দলৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে ৷ লগতে প্ৰাক্তন বিধায়ক তথা সাংসদ ফণীভূষণ চৌধুৰীকো সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও জাতীয়তাবাদ, আঞ্চলিকতাবাদী ধাৰাৰ বুলি কৈ সকলোৰে সহযোগিতা বিচাৰে ৷
সভাত প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি দলৰ যোগ্যজনক প্ৰাৰ্থিত্ব নিদি পত্নীক টিকট প্ৰদানেৰে নিজে ছদ্মীবেশী বিধায়ক হৈ থাকিব বিচৰা বুলি কয় ৷ লগতে ৰাইজে এই কাৰ্যত অসন্তুষ্ট হোৱা বুলি মন্তব্য় কৰি ইতিমধ্যে অগপ দলক প্ৰত্যাখ্য়ান কৰা বুলিও কয় ৷
সভাৰ পিছতে দলটোৱে প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহকলৈ গান্ধী ময়দানৰ পৰা চহৰৰ মাজেৰে এক সমদল উলিয়ায় ৷ সমদলটোৱে চহৰখন পৰিভ্ৰমণ কৰি পুনৰ গান্ধী ময়দানত উপস্থিত হৈ সামৰণি মাৰে ৷ ইয়াৰ পিছতে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্ণিং বিষয়া নৱদ্বীপ পাঠকৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷
- জাতীয়তাবাদৰ লগত শিপা আছে কাৰ ?
ইপিনে, মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আমি যিগৰাকী প্ৰাৰ্থী দিছো তেওঁ জাতীয়তাবাদী চিন্তা চৰ্চাৰে উদ্বুদ্ধ আৰু ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত এগৰাকী বিচক্ষণ নেতা ৷ তেওঁৰ জাতীয়তাবাদৰ লগত শিপা আছে ৷ অবিভক্ত গোৱালপাৰা জিলাৰ এসময়ৰ আছুৰ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু কৰ্ম জীৱনত এটা সংস্কৃতি জীয়াই ৰখা এজন বঙাইগাঁৱৰ স্বভিমানি ব্যক্তি ৷"
তেওঁ পুনৰ কয় যে এই সমষ্টিটোৰ ৰাইজৰ মাজত এটা জাতীয়তাবাদী সত্বা আছে ৷ আমাৰ আৰু দুজন প্ৰাৰ্থী আছিল ৷ গিৰীশ বৰুৱা আমাৰ দলৰ নিষ্ঠাবান কৰ্মী ৷ জ্যোতিৰ্ময় বৈশ্য আমাৰ এজন উদীয়মান যুৱ নেতা ৷ কিন্তু তেওঁলোক একাত্মকভাবে কংগ্ৰেছী ৷ আমি ব্ৰজেনজিৎ সিংহক এই কাৰণে আগবঢ়াইছো যে বঙাইগাঁৱৰ ৰাইজে দীঘলীয়া সময় যিটো আঞ্চলিকতাবাদ, যি জাতীয়তাবাদৰ লগত জড়িত যি সত্বাই তেওঁলোকক প্ৰতিনিধিত্ব কৰে সেই সত্বাক সন্মান কৰে ৷" বঙাইগাঁৱৰ মানুহে যিটো বাট দেখুৱাব ২০২৬ ত সেই বাটেৰে অসমৰ মানুহে চলিব বুলি কয় ৷
ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিৰ পৰাই এটা অশুভ পৰম্পৰা আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাজনীতিৰ যিটো মূল্যবোধ, অসমৰ ৰাজনীতিৰ শিষ্টাচাৰ সেয়া ধ্বসং কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰক অসমৰ ৰাইজে ওফোৰাব ৷ অসমৰ ৰাইজ শান্তিপ্ৰিয়, মিলামিছা, ভাতৃত্ববোধ আৰু আমাৰ মাজত একতা বিচাৰে ৷ ৰাজনীতিৰ নামত নিৰ্বাচনত জয়ী হোৱাৰ নামত অসমৰ ৰাইজে ৰক্তপাত নিবিচাৰে আৰু ইয়াৰ উত্তৰ ৰাইজে বেলট বাকচত দিব ৷
- কোন অহংকাৰী হৈছে ?
তেওঁ অগপ দলৰ সভাপতি অতুল বৰাই কংগ্ৰেছ দলটোৰ জঁকাটোহে আছে বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে তেওঁ এইখিনি মানুহক যদি জঁকা বুলি কৈছে তেতিয়াহ’লে বুজি লওক তেওঁলোকৰ কিমান অহংকাৰ হৈছে ৷ ৰাজপথত ওলাই অহা বঙাইগাঁৱৰ ৰাইজক যিজনে জঁকা বুলি ক'ব পাৰে তেওঁলোকে ৰাইজক কি বুলি ভাবে সুধিব ৷
ইপিনে, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "বঙাইগাঁও বিধানসভা সমষ্টিত সুদীৰ্ঘ কালৰ কাৰণে এটা আঞ্চলিক দলৰ এজন নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিনিধিত্ব কৰিছে ৷ স্বাভাবিকতে বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজে আঞ্চলিকতাবাদী ধাৰাটোক সন্মান কৰি তেওঁক আজি ইমান বছৰে সন্মান কৰি আহিছে ৷ কিন্তু যোৱা পাঁচ-ছয় বছৰৰ পিচত দেখা গ'ল যে ফণীভূষণ চৌধুৰীকে ধৰি অগপই কেৱল ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে তেওঁলোকে নিজৰ আঞ্চলিকতাবাদী ধাৰাটো বিসৰ্জন দিলে ৷"
তেওঁ কয় যে ফণীভূষণ চৌধুৰীয়ে সাংসদ হৈ দিল্লীলৈ যোৱাৰ পিচতে তেওঁ এতিয়া বৰ নিৰ্লজভাৱে নিজৰ পৰিয়ালৰ সদস্যক বঙাইগাঁও সমষ্টিৰ ৰাইজৰ ওপৰত জাপি দিবৰ কাৰণে যি প্ৰচেষ্টা চলাইছে সেইটোত স্বাভাবিকতে অগপ দলৰ তৃণমূল কৰ্মীকে ধৰি দলটোক ভালপোৱা লোকসকল ভীষণভাবে ক্ষুদ্ধ হৈছে ৷ তাৰ স্পষ্ট পৰিণতি হিচাপে অগপ দলটোত উলম্ব বিভাজন ঘটিছে ৷
আনহাতে, প্ৰতিদ্বন্দ্বী সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে নিৰ্বাচনত প্ৰথমতে অগপ দলৰ প্ৰাৰ্থীগৰাকীৰ লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছিল যদিও দিন যোৱাৰ লগে লগে অগপৰ প্ৰাৰ্থীগৰাকীতকৈ দলটোক দুফাল কৰি দলত্যাগ কৰি যোৱাৰ পিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নমা শৈলেন্দ্ৰ সৰকাৰৰ লগতহে প্ৰতিদ্বন্দ্বিতা হয় নেকি বুলি সন্দেহ হৈছে ৷