ETV Bharat / politics

দেশতকৈ মোমাই ডাঙৰ নহয় : কোনগৰাকী মোমায়েকৰ সন্দৰ্ভত এই মন্তব্য দীপ বায়নৰ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 4:22 PM IST

Congress Candidate Deep Bayan: 855 গৰাকী ছহিদৰ আত্মাই অগপক প্ৰশ্ন কৰিব এইবাৰ ৷ দেশতকৈ মোমাই ডাঙৰ নহয় ৷ তৰুণ গগৈৰ দিনতো হিতাধিকাৰী সৃষ্টি কৰা হৈছিল ৷ কিন্তু ৰাইজে কি কৰিলে? এনে বহু কথা ক’লে দীপ বায়নে ৷

DEEP BAYAN
বৰপেটাত দীপ বায়নৰ নিৰ্বাচনী প্ৰচাৰ
বৰপেটাত দীপ বায়নৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা, ৭ এপ্ৰিল: ‘‘দেশতকৈ মোমাই ডাঙৰ নহয় ৷’’- আপ্ত বাক্যশাৰী এইবাৰ উচ্চাৰিত হ’ল বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মুখত ৷ অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক নিজৰ মোমায়েক হিচাপে চিনাকি দি দীপ বৈশ্যই এইদৰে মত প্ৰকাশ কৰে ৷

উল্লেখ্য, ৰাজ্যসভাৰ সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কৈছিল যে বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত ৷ কেৱল আনুষ্ঠানিকতাহে বাকী আছে ৷ সাংসদগৰাকীৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে কয় যে 855 জন ছহিদৰ আত্মাই এইবাৰ প্ৰশ্ন সুধিব ৷ তেওঁ কয় যে অসম চুক্তিৰ আত্মাটোক ভৰিৰে মোহাৰি ‘কা’ প্ৰণয়ন কৰা অগপ কেৱল ক্ষমতাৰ বাবে দৌৰি ফুৰে ৷

দেওবাৰে বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে প্ৰচাৰ অভিযানত অংশ লৈ মন্তব্য কৰে, ‘‘ৰাইজৰ মৰম-আশীৰ্বাদ সাৰোগত কৰি দেশৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে নিৰ্বাচনী যুঁজত নামিছোঁ৷’’ বিজেপিয়ে টিভিত উন্নয়নৰ কথা ক’লেই নহ’ব বুলি মন্তব্য কৰি দীপ বায়নে অভিযোগ কৰে যে প্ৰকৃত দুখীয়া লোকে চৰকাৰৰ সাহায্য লাভ কৰা নাই ৷

আনহাতে হিতাধিকাৰী সৃষ্টিৰে দেশৰ উন্নয়ন সাধন কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈ চৰকাৰৰ দিনত ইমান আঁচনি দিয়াৰ পিচতো ৰাইজে চৰকাৰ সলনি কৰি দিলে ৷ হিতাধিকাৰীৰ নামত বিজেপিয়ে ঝুমলা কৰে ৷ নিৰ্বাচনৰ সময়তহে বিজেপি আৰু অগপই হিতাধিকাৰীৰ কথা কয় ৷

লাখপতি বাইদেউৰ নামত মহিলাসকলক চৰকাৰে ৰামঠগন দিব বুলি উল্লেখ কৰি দীপ বায়নে কয় যে দৰমহা দিবৰ বাবেও চৰকাৰৰ ধন নাই ৷ গতিকে এই ঝুমলাত ভৰি নিদিবলৈ মহিলাসকলক আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে কংগ্ৰেছ দল ত্যাগ কৰা নেতাসকলৰ ভেটি নাই বুলি মন্তব্য কৰে দীপ বায়নে ৷ কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা বহুতে পিচৰ বেঞ্চত বহিবলগীয়া হৈছে বুলিও প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ৷ ক্ষমতালোভী সেই নেতাসকলক ৰাইজেই শিক্ষা দিব বুলি কয় বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.