চিৰাং: চিদলী বিধানসভাৰ উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলোৱে তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ আজি অৰ্থাৎ শনিবাৰে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৱাৰীক লগত লৈ সমষ্টিৰ চুকে-কোনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে নিৰ্বাচনী প্ৰচাৰ চলায় । বৰাই কয়, "সমষ্টিটোৰ ২৭৩ টা বুথ কেন্দ্ৰৰ ভোটাৰৰ সৈতে সৰু সৰু পেকেট মিটিঙৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলোৱা হ’ব ।"
তেওঁ লগতে কয়, যে আমাৰ দুৰ্নীতিৰ টকা নাই গতিকে আমি ডাঙৰ ডাঙৰ সভা পাতিব নোৱাৰিম, খৰচ আছে । গতিকে আমাৰ প্ৰাৰ্থীৰ সৈতে বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মীৰা বৰঠাকুৰ, গৰ্জন মুছাহাৰীসহ ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয়ববীয়াই সভা পাতিব ।" কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰচাৰ চলাই বৰাই আৰু কয়, "ইউ পি পি এল-বি পি এফ ছদ্মবেশি বিজেপি । দুয়ো দল বিজেপিৰ বি টিম । দুয়োটা দলৰ সন্মুখত প্ৰতীক এটা পিছফালে বিজেপিৰ প্ৰতীক ।" এয়া বিজেপিৰ নিৰ্দেশ বুলিও কয় ভূপেন বৰাই ।
তেওঁ আৰু কয়, "ইউ পি পি এল-বি পি এফ দলে দিছপুৰ বা দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰে । কেৱল কংগ্ৰেছেহে পাৰিব । যিহেতু ২০২৬ ত অসমত অসমবাসীয়ে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বিচাৰিছে । বিজেপিয়ে বি পি এফ-ইউ পি পি এলক ধ্বংশ কৰি বি টি আৰ দখলৰ চিন্তা কৰিছে ।" গতিকে ৰাইজে জোৰা টাপলিৰে চৰকাৰ গঠন কৰাতকৈ পোনে পোনে কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান ভূপেন বৰাৰ ।
অনুষ্ঠানত উপস্থিত থাকি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চৰকাৰক বিভিন্ন বিষয় লৈ সমালোচনা কৰি বিজেপি চৰকাৰক ওফৰাবলৈ উপ-নিৰ্বাচনৰ পৰাই কংগ্ৰেছৰ পক্ষত ভোটদানৰ আহ্বান জনায় । পুৱাই দলটোৱে কংগ্ৰেছ প্ৰাৰ্থী তথা জিলা সভাপতিৰ ঘৰত উপস্থিত হয় আৰু তাৰ পিছত পিছলৈ গোটেই দিনটো সমষ্টিটোৰ কেবাঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ।
ইফালে, চিৰাঙৰ চিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী সভা কাশিকত্ৰাত অনুষ্ঠিত হয় । চিৰাং ব্লক বি পি এফৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত নিৰ্বাচনী কমিটী গঠন কৰে বি পি এফে । সচিন বসুমতাৰীক সভাপতি আৰু সুকুমাৰ গয়াৰীক আহ্বায়ক হিচাবে লৈ ৬১ জনীয়া নিৰ্বাচনী কমিটি গঠন কৰে জিলা সভাপতি জেমচ বসুমতাৰীৰ সভাপতিত্বত । অনুষ্ঠানত ডেৰ শতাধিক যুৱ ভোটাৰে বি পি এফ দলত যোগদান কৰে ৷ তেওঁলোকক বি পি এফ দলৰ পৰা দলীয় গামোচাৰে আদৰণি জনোৱা হয় ।
চিদলীত বি পি এফৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা বুলি কয় বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে । তেওঁ কয়, "আজিৰ তাৰিখত বি টি চিত বি পি এফ দল এটা শক্তিশালী দল হিচাবে থিয় দিছে । কোন দলৰ নেতাই কি কয় তাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি বি টি চি গঠনৰ পৰা বি পি এফে কি কৰিলে আৰু তাৰ আগত কি আছিল এতিয়া কি হৈছে সেয়া তুলনা কৰি চাবলৈ ৰাইজক অনুৰোধ জনায় বিপিএফৰ প্ৰাৰ্থীজনে ।
একেদৰে বি টি আৰৰ শাসকীয় দল ইউ পি পি এলে চিদলী সমষ্টিৰ চুকে-কোনে বিধায়ক, সাংসদ, মন্ত্ৰী আদিয়ে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক লগত লৈ দিনে-নিশাই প্ৰচাৰ অভিযান চলোৱাৰ কথা জনায় কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা ইউ পি পি এলৰ নিৰ্বাচনী সমিতিৰ সভাপতি জয়ন্ত কুমাৰ বসুমতাৰীয়ে ।
এইখিনিতে উল্লেখ্য যে চিদলী সমষ্টিত এইবাৰ তিনিকোণীয়া যুঁজ হ'ব । শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম মুহুৰ্তলৈ সমষ্টিটোত তিনিজন প্ৰাৰ্থীয়েই মনোনয়ন দাখিল কৰিছে । কংগ্ৰেছৰ পৰা জিলা সভাপতি সঞ্জীৱ কুমাৰ ৱাৰী, ইউ পি পি এলৰ জিলা সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বি পি এফৰ পৰা কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ কুমাৰ বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে । এই তিনিজন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব চিদলী সমষ্টিৰ ২১৬২৩০ গৰাকী ভোটাৰে ।
লগতে পঢ়ক: কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন দাখিল: ছদ্মবেশী বিধায়ক হৈ থাকিব বিচাৰে ফণীভূষণ চৌধুৰীয়ে