ETV Bharat / politics

পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নগাঁৱৰ জনতাই ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:56 PM IST

Nagaon Lok Sabha Constituency: চাৰি জুনত দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল । এক ব্যতিক্ৰমী প্ৰয়াস ই টিভি ভাৰতৰ ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই জানো আহক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে সাধাৰণ জনতাই । ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হোৱাটোও কোনে বিচাৰে ? নগাঁৱৰ জনতাৰ মনৰ কথাৰে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন

Nagaon Lok Sabha Constituency
সাধাৰণ ভোটাৰে কোন জয়ী হোৱাটো বিচাৰে? (ETV Bharat Assam)

নগাঁও, 1 জুন: চাৰি জুনত ঘোষিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল । আৰু মাত্ৰ দুটা দিনৰ পিছতেই সকলো উৎকন্ঠাৰ অন্ত পেলাই ফলাফল ঘোষণা হ’ব । এইবাৰ দিল্লীৰ মছনদ কোনে দখল কৰিব তাকে লৈ বিভিন্ন মহলত আৰম্ভ হৈছে জল্পনা কল্পনা ।

1 জুনত সমাপ্ত হোৱা সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতেই প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে নানা এগজিট প’ল ৷ কিন্তু ই টিভি ভাৰতে এগজিট প'লৰ বিপৰীতে ভোটগণনাৰ প্ৰকমুহূৰ্তত আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰয়াস । এগজিট প'লৰ বিপৰীতে নিৰ্বাচনী ফলাফল ঘোষণাৰ প্ৰকমুহূৰ্তত জনতাৰ মনৰ কথাৰে প্ৰয়াস কৰা হৈছে 4 জুনৰ পিছত হ'বলগীয়া নতুন চৰকাৰখনৰ এক আভাস ল’বলৈ । সেয়া জনাব সাধাৰণ জনতাই ৷

লগতে পঢ়ক: কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ?

ৰাজনীতিৰ সৈতে জড়িত নাথাকি সাধাৰণ জীৱন-যাপন কৰা কিছু সাধাৰণ লোকৰ সৈতে কথা পাতি জানিবলৈ চেষ্টা কৰা হৈছে- সাধাৰণ জনতাই দিল্লীৰ মছনদ কাৰ দখলত থকাটো বিচাৰে ? কাক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে সাধাৰণ খাটিখোৱা জনতাই ? নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে সাধাৰণ জনতাই ?

কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ? হিমন্ত বিশ্ব শৰ্মাকো প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিলে কোনে ? বৰ্তমানৰ দুটাকৈ কাৰ্যকালৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালক লৈ সাধাৰণ জনতা কিমান সন্তুষ্ট, কিমান অসন্তুষ্ট ? সাধাৰণ জনতাই ক'ব ই টিভি ভাৰতৰ সন্মুখত ।

লগতে পঢ়ক: লখিমপুৰত বিজেপি নে কংগ্ৰেছ ? কি কয় জনতাই

লগতে পঢ়ক: যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.