ETV Bharat / politics

কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 6:10 PM IST

LS Polls 2024 : লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘন্টা বাকী । কোন জিকিব, কোনে চৰকাৰ গঠন কৰিব এই লৈ চলিছে ব্যাপক চৰ্চা । গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কোন যাব দিল্লীলৈ ? সমষ্টিটোৰ ভোটাৰে কি কয় এই সন্দৰ্ভত ? সাংবাদিক কুলগীতা সাউদৰ এক প্ৰতিবেদন ।

GUWAHATI LOK SABHA CONSTITUENCY
ভোট গণনালৈ মাজত মাথো কেইটামান ঘন্টা (ETV BHARAT ASSAM)

গুৱাহাটী, 3 জুন : লোকসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাথো কেইটামান ঘন্টা বাকী ৷ সমগ্ৰ দেশবাসীৰে দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে 4 জুন অৰ্থাৎ মঙলবাৰৰ দিনটোলৈ ৷ ই ভি এমত ভাগ্য বন্দী হোৱা বিভিন্ন দলৰ প্ৰাৰ্থীসকলেও উৎকণ্ঠাৰে বাট চাইছে কাইলৈ দিনটোৰ বাবে ৷ ভোটাৰৰ মনত উদয় হৈছে প্ৰশ্নৰ- কোন‌‌ হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৷ পুনৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব নেকি ? কংগ্ৰেছৰ ৰাহুল গান্ধী দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নেকি ? নে আন কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতা দেশৰ প্ৰধানমন্ত্ৰী হ'ব, ইত্যাদি বিভিন্ন প্ৰশ্ন ভোটাৰৰ মাজত উদয় হৈছে ৷

গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰৰ মনৰ ভাব (ETV BHARAT ASSAM)

লগতে পঢ়ক : ভোটাৰৰ মনৰ কথা : কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ? - Lok Sabha Election 2024

ইফালে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি গুৱাহাটীৰ ফলাফলক লৈ উৎকণ্ঠিত হৈ আছে সমষ্টিবাসী ৷ সমষ্টিটোত প্ৰধানকৈ দুই প্ৰভাৱশালী মহিলা প্ৰাৰ্থীৰ মাজত হোৱা ভোটযুদ্ধই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ভাগ্য বন্দী হৈছে ই ভি এমত ৷ লোকসভা সমষ্টিটোত কোনে শেষ হাঁহি মাৰিব সেই সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে একাংশ ভোটাৰে ৷

লগতে পঢ়ক : পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নগাঁৱৰ জনতাই ? - Lok Sabha Election 2024

একাংশই দেশৰ ৰাজনৈতিক পৰিৱৰ্তন বিচৰাৰ লগতে আন একাংশই দেশত বৰ্তমানৰ চৰকাৰ শাসন বাহাল থকাটো বিচাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ একাংশই ৰাইজৰ হিতৰ হকে কাম কৰা এখন জনকল্যাণমুখী চৰকাৰ বিচৰা বুলি মন্তব্য কৰে ৷ কাৰোবাৰ নৰেন্দ্ৰ মোদী প্ৰিয়,‌ কাৰোবাৰ আকৌ‌ ৰাহুল গান্ধী প্ৰিয় ৷ আনহাতে একাংশই গুৱাহাটী সমষ্টিত মীৰা বৰঠাকুৰে জয়লাভ কৰিব দাবী কৰাৰ লগতে একাংশই বিজেপিৰ বিজুলী কলিতা মেধিয়ে জয়লাভ কৰিব বুলি দাবী কৰে ৷ লগতে ভোটাৰসকলে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ লগতে কৃত্ৰিম বানৰ সমস্যা, ব্যৱসায়ীসকলৰ সমস্যা সমাধান হোৱাটো বিচৰা বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ আনহাতে এগজিট প’লৰ সমীক্ষাক মানি ল'ব বিচৰা নাই একাংশ ভোটাৰে ৷

লগতে পঢ়ক : যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.