ETV Bharat / politics

গাঁও চলো অভিযানৰ অংশ হিচাপে সৰুপথাৰৰ শ্যাম গাঁৱত মুখ্যমন্ত্ৰী - ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

Gaon chalo abhiyan: বুধবাৰে শ্যাম গাঁওবাসীৰ সৈতে নিশাটো কটাই তেওঁলোকৰ মনৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মত বিনিময়ৰ বাবে কিমান উৎসাহী হৈ আছে মুখ্যমন্ত্ৰীগৰাকী শুনক তেওঁৰ মুখেৰেই-

cm himanta biswa sarma visits sarupathar shyam gaon as a prt of gaon chalo abhiyan
শ্যাম গাঁৱত মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 9:04 PM IST

মুখ্যমন্ত্ৰীৰ ভাষ্য

সৰুপথাৰ, 14 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আহ্বানত বিজেপিয়ে আৰম্ভ কৰিছে গাঁও চলো অভিযান ৷ গাঁও চলো অভিযানৰ মূল উদ্দেশ্য হৈছে দেশৰ গাঁওসমূহৰ উন্নয়নৰ বুজ লোৱা ৷ 2014 চনৰ পিচত বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত কিমান উন্নয়ন সাধন কৰিলে তাৰ বুজ লোৱাৰ লগতে গাঁওবোৰৰ ৰাইজেনো উন্নয়ন সন্দৰ্ভত কি অনুভৱ কৰে তাৰ গম লোৱা ৷ মানুহৰ মনৰ অনুভৱৰ বুজ লৈ অনাগত দিনত চৰকাৰখনে আৰু কিদৰে উন্নয়নৰ জখলাত বগাই যাব পাৰিব, তাৰ সঠিক হিচাপ কৰাই এই অভিযানৰ মূল লক্ষ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে গাঁও চলো অভিযানৰ অংশ হিচাপেই সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীক ওচৰত পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী । বাইক ৰেলীৰ দলীয় কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰীক আদৰি আনে ৷ গাঁৱৰ জীয়াৰীসকলে জনজাতীয় নৃত্য পৰিৱেশন কৰি মুখ্যমন্ত্ৰীক আদৰণি জনায় ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে বিভিন্ন ধৰণৰ থলুৱা ব্যঞ্জন ৰান্ধিছে ৷ শ্যাম গাঁওবাসীৰ আতিথ্যত মুখ্যমন্ত্ৰীও অভিভূত হৈ পৰে ৷

সাংবাদিকৰ সৈতে হোৱা মন বিনিময়ৰ সময়ত ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দলৰ কাৰ্যকৰ্তাসকলে উন্নয়নৰ বুজ ল’বলৈ বছৰৰ সাতটা দিন সাতখন গাঁৱত কটাব লাগিব ৷ এনেদৰে গাঁওবাসীৰ মাজলৈ গৈ তেওঁলোকৰ মনৰ অনুভৱ সন্দৰ্ভত জ্ঞাত হোৱাটোৱে গাঁও চলো অভিযানৰ লক্ষ্য ৷ 2014 চনৰ পিচৰ কাম কাজৰ হিচাপ লৈ আগন্তুক দিনত কি কাম কৰা হ’ব তাৰ পৰিকল্পনা কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে ৷ শ্যাম গাঁও সন্দৰ্ভত তেওঁ কয় যে ঐতিমহ্যমণ্ডিত এই গাঁওখন 100 বছৰ পূৰ্ণ হোৱা এখন গাঁও ৷ বৌদ্ধ ধৰ্মাৱলম্বী এই গাঁওখনত আজি তেওঁৰ গাঁও চলো অভিযানৰ উদ্বোধনী নিশা ৷

এইটো বছৰত আৰু ছটা দিন অন্য গাঁৱলৈ গৈ তেওঁ এইদৰেই ৰাইজৰ সৈতে কটোৱাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক : শ্যাম গাঁৱত মুখ্যমন্ত্ৰীৰ নিশাৰ আহাৰ: টোপোলা ভাত-বনশাকৰ আঞ্জা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.