ETV Bharat / politics

যিমান হিন্দু ৰাজনৈতিক দল হয় সিমানেই ভাল : মুখ্যমন্ত্রী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:38 PM IST

Himanta Biswa Sarma on Hindu : যি দলতেই নাথাকক, হিন্দু হৈ থকাটো বিচাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ, বিজেপি য’লৈকে নাযাওক, হিন্দু হৈ থাকিলেই হ’ল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ যিমান হিন্দু ৰাজনৈতিক দল হয় সিমানেই ভাল বুলি মন্তব্য ড৹ শৰ্মাৰ ৷

Himanta Biswa Sarma on Hindu
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১ আগষ্ট : ৰাজ্যিক বিজেপিত অব্যাহত আছে অসন্তুষ্টি । বিশেষকৈ নতুন-পুৰণিৰ সংঘাত অব্যাহত থকাৰ মাজতে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই কাইলৈ দল ত্যাগ কৰাৰ কথা সদৰী কৰিছে । ইফালে আন এজন জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই তিনিচুকীয়াত মিলিত হৈছে গোপন বৈঠকত । যাক লৈ বিজেপিৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ হিন্দু-মুছলমানৰ প্ৰসংগ টানি আনে । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ সকলো মানুহে বিজেপি নেতাৰ লগত মিলিব পাৰে । তাত কোনো আপত্তি নাই । কিন্তু কেৱল হিন্দু হৈ থাকিলেই হ'ল । বাকী কোন ক'ত গৈছে কি কথা পাতিছে তাক লৈ একো চিন্তা কৰিব নালাগে । অসমত গোটেই হিন্দু সমাজখনৰ অস্তিত্ব বিপদাপন্ন । কংগ্ৰেছলৈ গ’লেও হিন্দু হৈ থাকিব লাগে আৰু বিজেপিত থাকিলেও হিন্দু হৈ থাকিব লাগে । য’লৈকে যাও তাতেই ভাল হিন্দু হৈ থাকিলেই হ’ল ৷ কোন ক’ত আছো সেইটো ডাঙৰ কথা নহয় ৷’’

বিজেপিৰ একাংশ অসন্তুষ্ট নেতাই নতুন দল গঠনৰ চিন্তা-চৰ্চা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ যি দল গঠন নকৰক কিয়, হিন্দু হৈ থাকিলেই হ’ল । আমাক হিন্দু দল লাগেই । আমাক হিন্দু দল লাগে, হিন্দু সংস্কৃতি লাগে । যিমান হিন্দু ৰাজনৈতিক দল হয়, যিমানেই ভাল । মুঠতে হিন্দু সমাজখন সুৰক্ষিত হৈ থাকিব লাগে । দুই-এজনে কংগ্ৰেছলৈ হিন্দু সংস্কৃতিটো লৈ যাব পাৰিলে সেয়া ভাল কথা । বিজেপিত থাকিলেও ভাল ৷’’

বাংলাদেশৰ নাগৰিকে ভাৰতীয় নাগৰিকত্ব পাই থকাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ধুবুৰী, শালমাৰা আদিত বিজেপি নাই ৷ তাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আছে । গতিকে তেওঁলোকে বাংলাদেশীৰ বিৰুদ্ধে থিয় দিব লাগে । অসমৰ ১২ খন জিলাৰ বিস্তৃত এলেকাত বিজেপি নাই । আমি তাত একো কৰিব নোৱাৰো । তাৰ বাবে কংগ্ৰেছ তথ‍ এ আই ইউ ডি এফ দলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় দিব লাগে । সাংবাদিকেও বাংলাদেশী ক'ত আছে বিচাৰিব লাগে । তেতিয়াহে কামবিলাক হ’ব ।’’

লগতে পঢ়ক : যুৱসকলে কয়- ‘‘আমাক সংস্থাপন দিয়ক’’, মুখ্যমন্ত্ৰীয়ে কয়- ‘‘হিন্দু-মুছলমান’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.