ETV Bharat / politics

মৃণাল শইকীয়াই গোপনে সহায় কৰিছিল চাগৈ গৌৰৱ গগৈক ! সন্দেহ উপজিছে মুখ্যমন্ত্ৰীৰ - CM Himanta on Mirnal Saikia

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:32 PM IST

CM Himanta Biswa Sarma: ‘‘মৃণাল শইকীয়া এতিয়া বিজেপিত নথকা বুলি ধৰি লৈছো । কাৰণ মৃণাল শইকীয়াই যোৰহাটত গোপনে কংগ্ৰেছক সহায় কৰিব পাৰে ।‌ নিৰ্বাচনৰ ফল ঘোষণাৰ পিচতে মৃণাল শইকীয়াৰ কাম-কাজে এই কথাকে প্ৰতীয়মান কৰিছে ।’’ সংবাদমেলত ক’লে হিমন্ত বিশ্ব শৰ্মাই ৷

CM Himanta Biswa Sarma
CM Himanta on Mirnal Saikia (ETV Bharat Assam)

গুৱাহাটী, ৬ জুন: লোকসভা নিৰ্বাচনৰ ফলাফল‌ ঘোষণা কৰাৰ পিচতে ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ মাজলৈ অহা খুমটাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াক লৈ পুনৰ‌ বৃহস্পতিবাৰে মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মাই । বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত এখন‌ সংবাদমেলত সাংবাদিকে মৃণাল শইকীয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, "মৃণাল শইকীয়া এতিয়া বিজেপিত নথকা বুলি ধৰি লৈছো । কাৰণ মৃণাল শইকীয়াই গোপনে কংগ্ৰেছক সহায় কৰিব পাৰে ।‌"

মৃণাল শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

নিৰ্বাচনৰ ফল ঘোষণাৰ পিচতে মৃণাল শইকীয়াৰ কাম-কাজে এই কথাকে প্ৰতীয়মান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । এতিয়া মৃণাল শইকীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ'ব সেয়া‌লৈ চৰ্চা হৈছে ।

লগতে পঢ়ক: গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো তেনেই সাধাৰণ কথা: মৃণাল শইকীয়া - Mrinal Saikia Controversy

উল্লেখ্য যে ফলাফল ঘোষণাৰ পিচতে বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰি লিখিছিল এটা পোষ্ট । ইয়াৰ পিচতে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত নিজৰ মন্তব্য আগবঢ়ায় । ইয়াৰ সমান্তৰালভাবে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এই সম্পৰ্কত মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে মঙলবাৰে সন্ধিয়া ৮ বজাত মৃণাল শইকীয়াই সামাজিক মাধ্যমত এটা পোষ্ট দিয়ে । পোষ্টটোত তেওঁ গৌৰৱ গগৈক শুভেচ্ছা জ্ঞাপন কৰি লিখিছিল, "যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দম্ভালিপূৰ্ণ ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে । লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো ।"

লগতে পঢ়ক: শাসকীয় বিধায়কৰ সামাজিক মাধ্য়মত বিৰোধীৰ প্ৰশংসা, গৰজি উঠিল মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

ইয়াৰ পিচতে সেইদিনা নিশা ১০ বজাত গুৱাহাটীত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকে । মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰীক অভিনন্দন নিদি, নিজৰ দলৰ আন বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা প্ৰদান নকৰি গৌৰৱ গগৈক দিছে । হয়তো তেওঁ কংগ্ৰেছত যোগদান কৰিব । যেনেকৈ কংগ্ৰেছ দলক বেয়া পাই আমাৰ তালৈ কংগ্ৰেছী আহিছে, তেনেকৈ আমাৰ দলক বেয়া পাই দুই এজন কংগ্ৰেছলৈ যাব পাৰে । হয়তো মৃণাল শইকীয়াই সিদ্ধান্ত লৈছে । তেওঁৰ কি সমস্যা হৈছে মোক, সভাপতিৰ জনোৱা নাই । হয়তো তেওঁৰ সমস্যা মুখ্যমন্ত্ৰী বা সভাপতিয়ে সমাধান কৰিব নোৱাৰিব । সেয়েহে তেওঁ কংগ্ৰেছলৈ যাব বিচাৰিছে ।"

ইপিনে বুধবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, "মৃণাল শইকীয়া সন্দৰ্ভত বিষয়ববীয়াৰ সভাত সিদ্ধান্ত লোৱা হ'ব । মৃণাল শইকীয়াই প্ৰথমে মোদীক শুভেচ্ছা দিব লাগিছিল । আমাৰ নেতা তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে । আমাৰ দলৰ আন বিজয়ী প্ৰাৰ্থীসকলক তেওঁ শুভেচ্ছা জনাব লাগিছিল । সেয়াই আমাৰ দলৰ নিয়ম ।" উল্লেখযোগ্য যে মৃণাল শইকীয়াক বিজেপি দলৰ পৰা এতিয়ালৈকে কোনো শ্ব'কজ কৰা হোৱা নাই ।

লগতে পঢ়ক: গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial facebook post

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.