ETV Bharat / politics

বৰাকত মুখ্যমন্ত্ৰী : পৰিমল শুক্লবৈদ্যৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পুনৰ বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ASSAM CM ELECTION CAMPAIGN
বৰাকত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 3:50 PM IST

বৰাকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিলচৰ, 20 এপ্ৰিল : শিলচৰত নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শিলচৰ লোকসভা সমষ্টিৰ ধলাই খেলপথাৰত বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

শনিবাৰে পুৱা গুৱাহাটীৰ পৰা পোনে পোনে শিলচৰত উপস্থিত হৈ ধলাইত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে ৷ সংবাদ মাধ্যমৰ সন্মুখত মূখ্যমন্ত্ৰী ড৹ শৰ্মাই অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 5 খন আসনতেই বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জ আৰু নগাঁৱত বিজেপিৰ বাবে অলপ কঠিন হ’লেও ডিফু, দৰং-ওদালগুৰি আৰু শিলচৰত দলটোৰ জয় নিশ্চিত বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইফালে আজি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈয়ো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, 75 শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে, এয়া অসমৰ শিক্ষা ব্যবস্থাৰ ৱাবে এক ভাল খবৰ ৷ উল্লেখ্য যে, শনিবাৰে চাৰিটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পুনৰ বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ তেওঁ ধলাই, বৰখলাত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ সমষ্টিৰ উত্তৰ কৰিমগঞ্জ আৰু পাথাৰকান্দিত দুখন জনসভা আৰু বিয়লি হাইলাকান্দিত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮% - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.