ETV Bharat / politics

অসমৰ জনজীৱনক দুটা ভাগত বিভক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:50 PM IST

Hatered politics in Assam: শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যাপক সমালোচনা কৰা দেখা গ’ল কংগ্ৰেছ দলৰ দুই বিজয়ী প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক ৷ মুখ্যমন্ত্ৰীয়ে অসমখন দুভাগত বিভক্ত কৰিলে বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷

Pradyut Bordoloi
Pradyut Bordoloi slams CM Himanta (ETV Bharat Assam)

গুৱাহাটী, ৭ জুন: ‘‘এইবাৰৰ নিৰ্বাচনী ফলাফলে স্পষ্ট বাৰ্তা দিছে আৰু ইতিবাচক দিশৰ সংযোজন কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাজন তথা ঘৃণাৰ ৰাজনীতিক ৰাইজে পৰিহাৰ কৰিলে ।’’ এই মন্তব্য নগাঁৱৰ পৰা দ্বিতীয়বাৰ বাবে নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত সাংসদ বৰদলৈয়ে এইদৰে কয় ।

প্ৰদ্যুৎ বৰদলৈৰ বক্তব্য (ETV Bharat Assam)

ৰাজীৱ ভৱনত শুকুৰবাৰে কংগ্ৰেছৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদক উষ্ম আদৰণি জনোৱাৰ লগতে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় । ভাষণত তেওঁ কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনজীৱনক দুটা ভাগত বিভক্ত কৰি পেলালে । একছত্ৰী ৰাজত্ব কৰাৰ লক্ষ্যৰে বিভাজনৰ ৰাজনীতিৰে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰিলে । মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুসকলক দৃশ্যমান শত্ৰু হিচাপে ঘৃণাৰ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

লগতে পঢ়ক: মোক কোনো পদবী নালাগে, দুবছৰ অসমত মোক এৰি দিয়ক: কিয় ক’লে গৌৰৱ গগৈয়ে ? - Gaurav Gogoi on Congress victory

তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ৰাইজে স্পষ্ট বাৰ্তা দিছে । মুখ্যমন্ত্ৰীৰ এ আই ইউ ডি এফৰ লগত গোপন বুজাপৰা আছিল আৰু বদৰুদ্দিন আজমলক সন্মুখত ৰাখি মুছলমানক আক্ৰমণ কৰি আহিছিল মুখ্যমন্ত্ৰীয়ে । এইবাৰৰ নিৰ্বাচনত সেই শক্তিটোক ধৰ্মীয় সংখ্যালঘু ৰাইজে প্ৰত্যাখ্যান কৰিলে আৰু এইটো এটা ইতিবাচক কথা বুলি সাংসদ বৰদলৈয়ে কয় । বিভাজন আৰু পৰিৱেশৰ বিৰুদ্ধে এইটো এটা বাৰ্তা ।

লগতে পঢ়ক: এদিন তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপোনাৰ কন্দাৰ পাল: মুখ্যমন্ত্ৰীক উদ্দেশ্যি বাক্যবাণ ৰকিবুল হুছেইনৰ - Rakibul Hussain criticizes CM Himanta

তেওঁ লগতে কয় যে ৰকিবুল হুছেইনে ধুবুৰীত গৈ বদৰুদ্দিন আজমলক শক্তিশালীভাৱে পৰাভূত কৰিলে । যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক টাৰ্গেট কৰি লৈছে ৷ মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইন অসমীয়া নহয় বুলি কোৱাৰ ধৃষ্টতা কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিকল্প গঢ়িব লাগিব ।’’ 2026 ত কংগ্ৰেছক কোনো শক্তিয়ে প্ৰতিহত কৰিব নোৱাৰিব বুলি তেওঁ দৃঢ়তাৰে কয় ।

লগতে পঢ়ক: ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.