ETV Bharat / politics

ৰহস্যঘন ঢকুৱাখনাকাণ্ডৰ তদন্ত: ছিন্নমুণ্ড বিচাৰি পাব নে চিআইডিয়ে ? সুনীল গগৈ এতিয়া ক’ত ? - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 12:28 PM IST

Sunil Gogoi murder case: এইবাৰ চিআইডিৰ তদন্ত । সম্প্ৰতি চিআইডিয়ে চলাইছে ঢকুৱাখনা হত্যাকাণ্ডৰ তদন্ত । চিআইডিৰ এটা দলে এইবাৰ ঢকুৱাখনাতে বাহৰ পাতি ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে ঢকুৱাখনাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ।

Sunil Gogoi murder case
সম্প্ৰতি চিআইডিয়ে চলাইছে ঢকুৱাখনা হত্যাকাণ্ডৰ তদন্ত (ETV Bharat Assam)

লখিমপুৰ, ১৪ জুলাই : প্ৰায় দেৰমাহ উকলিল ৷ ৰাজ্য জোকাৰি যোৱা ১ জুনৰ নিশা সংঘটিত হোৱা ঢকুৱাখনাৰ নৃশংস হত্যাৰ প্ৰকৃত ৰহস্য আজিও পোহৰলৈ অহা নাই । আৰক্ষীয়ে বিভিন্ন ধৰণে তদন্ত কৰি অপৰাধীক লোকচক্ষুৰ আগলৈ অনাত সফল হ’ব নোৱাৰিলে ৷ ফলত চিআইডিলৈ হস্তান্তৰ কৰা হয় ঘটনাৰ তদন্তৰ ভাৰ ।

তদন্তৰ দায়িত্ব লৈয়ে ঢকুৱাখনাত বাহৰ পাতিছে এতিয়া চিআইডিয়ে । চিআইডিৰ বিষয়া অমৃত ভূঞাৰ নেতৃত্বত এটা দলে ঢকুৱাখনাত বাহৰ পাতি তদন্ত প্ৰক্ৰিয়া চলাই আছে । পুনৰবাৰ চিআইডিৰ জেৰাৰ সন্মুখীন সুনীল গগৈৰ পুত্ৰ-ভতিজাৰ লগতে আন দুজন আত্মীয় । চিআইডিয়ে শনিবাৰে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈৰ লগতে ভতিজাকৰ উপৰিও এইবাৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ আৰু সুনীলৰ শালপতি বিবিধ গগৈকো জেৰা কৰে ।

লগতে পঢ়ক : সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

চিআইডিৰ নিৰ্দেশৰ ভিত্তিত শনিবাৰে পুৱাতেই ঢকুৱাখনা সদৰ থানাত উপস্থিত হয়গৈ সুনীল গগৈৰ পত্নী, সৌৰভ গগৈ, জয়ন্ত গগৈ আৰু এই দুজন দুজন আত্মীয় । ঢকুৱাখনা সদৰ থানাত চিআইডিয়ে জেৰা চলোৱাৰ লগতে পুত্ৰ-ভতিজাকক লগত ধেমাজিৰ বুটিকোৰলৈ গৈ অন্য এক তদন্ত আৰম্ভ কৰে বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰাজ্য কঁপোৱা এই ঘটনাই প্ৰায় ডেৰ মাহত ভৰি দিলে । অদ্যাপি সন্ধান নাই বিজেপি নেতা সুনীল গগৈ, উদ্ধাৰ হোৱা নাই জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড । ঘটনাৰ পাচতে সুনীল গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট পৰিয়ালক গতাই দিছিল । যাৰ বাবে পৰিয়ালটোৱে আদ্যশ্ৰাদ্ধৰ কাম সম্পন্ন কৰে । কিন্তু ডিএনএ পৰীক্ষাৰ পাচত মৃতদেহটো জাহাংগীৰৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগে লগে সুনীলৰ পৰিয়ালত আশাৰ সঞ্চাৰ হয় ।

Sunil Gogoi murder case
এইবাৰ চিআইডিৰ তদন্ত (ETV Bharat Assam)

লগতে পঢ়ক : সুনীল গগৈ জীয়াই আছে ! পত্নীক বৈধব্যৰ সাজ এৰিবলৈ আহ্বান সংযুক্তা পৰাশৰৰ - DHAKUAKHANA MURDER CASE

তেওঁলোকে সুনীল জীয়াই আছে বুলি কিঞ্চিত আশা প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত চিআইডিৰ সঞ্চালক সংযুক্তা পৰাশৰে সুনীলৰ পত্নীক সুনীল জীয়াই আছে ৷ তেওঁ কিয় বৈধব্যৰ সাজ পৰিধান কৰিছে আদি কথা কোৱাৰ পাচত পৰিয়ালটোৱে দ্বিতীয়বাৰৰ বাবে আশাৰ পোহৰ দেখা পায় ।

কিন্তু এয়া কেৱল কথা বাৰ্তাতে এই পৰ্যন্ত সীমাবদ্ধ হৈ আছে । কিয়নো সুনীল জীয়াই আছে বুলি কোৱা হ’লেও এই পৰ্যন্ত সুনীলৰ অৱস্থিতি বিচাৰি পোৱা নাই । তেনেদৰে সন্ধান ওলোৱা নাই ছিন্ন মুণ্ডটোৰো ।

ৰাইজ তথা সুনীল আৰু জাহাংগীৰৰ পৰিয়ালে এতিয়া কেৱল চিআইডিৰ তদন্তৰ প্ৰক্ৰিয়া সমাপ্ত হোৱালৈ বাট চাই আছে । সকলোৰে আশা সোনকালেই সমাপ্ত হওক এই ৰহস্য ঘন ঘটনাৰ আৰৰ ৰহস্য । ন্যায় অথবা সঠিক উত্তৰৰ বাবে সকলোৱে এতিয়া বাট চাই আছে ।

লগতে পঢ়ক : জাহাংগীৰ হত্যাৰ ন্যায় বিচাৰি ধুবুৰী আৰক্ষী অধীক্ষক সাক্ষাৎ পৰিয়ালৰ - Jahangir Hussain murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.