ETV Bharat / politics

উপ-নিৰ্বাচনত বিপিএফ কিয় পৰাজিত হ'ব ? প্ৰমোদ বড়োৱে দিলে ব্যাখ্যা

Sidli constituency By election: চিদলী উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ পিচতে বিপিএফ-ইউপিপিএলৰ বাকযুদ্ধ । চন্দন ব্ৰহ্মকো এৰিব নোখোজে ইউপিপিএলে ।

Sidli constituency By election
বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

চিৰাং: চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত সাংগঠনিক ভেঁটি শক্তিশালী বুলি প্ৰমাণ কৰিবলৈ বিটিআৰৰ দুই প্ৰধান দল ইউপিপিএল আৰু বিপিএফৰ মাজত চলিছে যুঁজ । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ছেমিফাইনেলত অৱতীৰ্ণ হোৱা দল দুটাই নিজৰ নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিচতেই দলতেই আৰম্ভ হৈছে বিদ্ৰোহ । ইউপিএলৰ টিকট পোৱাৰ আশা কৰি বিফল হোৱাত চন্দন ব্ৰহ্মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ পিচতেই মুখ খুলিলে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে ।

এতিয়া দুই দলৰ শীৰ্ষ নেতৃত্বৰ বাকযুদ্ধ তুংগত উঠিছে । সোমবাৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিয়েই বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও" ইচ্যু লৈ ভোটাৰ ৰাইজৰ মাজত যাব বিপিএফ । ইয়াৰ বিপৰীতে দীৰ্ঘদিনৰ উৎকণ্ঠাৰ অন্ত পেলাই দলৰ চিৰাং জিলা সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মক ইউপিপিএলে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত মঙলবাৰে সন্ধিয়া আয়োজিত এক সংবাদমেলত প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো (ETV Bharat Assam)

হাগ্ৰামা মহিলাৰীৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও" মন্তব্যৰ প্ৰত্য়ুত্তৰত প্ৰমোদ বড়োই কয়, "হাগ্ৰামা মহিলাৰীয়ে বিটিচিত যোৱা সোতৰটা বছৰ ৰাজত্ব কৰি কি কৰিছে সেয়া বিটিচিৰ ৰাইজে জানে । গতিকে ইয়াত নতুকৈ ক'বলৈ একো নাই । বিপিএফ এতিয়া অস্তগামী সূৰ্য ।"

বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীক শুভেচ্ছা জনায় প্ৰমোদ বড়োৱে কয়,"যি নিৰ্বাচনেই নহওক কিয় বিপিএফ পৰাজিত হ'ব । অনাগত দিনতো নিৰ্বাচনত বিপিএফ দল পৰাজিত হৈয়ে থাকিব । মোক এজনে স্ক্ৰীণ শ্বট দিছে য'ত আছে হাগ্ৰামা মহিলাৰীয়ে কৈছে প্ৰমোদ বড়ো হাটাও অভিযান লৈ ৰাইজৰ ওচৰত যাব । যোৱা ১৭টা বছৰত ৰাইজে দুৰ্নীতি, হত্যা, হিংসা, অপশাসনৰ এক অতিষ্ঠ পৰিৱেশত আছিল ৰাইজ । আজি শান্তি চুক্তিমতে হাগ্ৰামাৰ পৰা ৰাইজ ৰক্ষা পৰিছে । আজি শান্তি প্ৰতিষ্ঠা হ'ল ।"

কিদৰে ক্ষমা খুজিব সেই চিন্তা কৰক হাগ্ৰামাই

বিটিআৰৰ প্ৰধানগৰাকীয়ে পুনৰ কয়, "এই সময়ত হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ ৩৫ লাখ লোকক আগুৱাই নিয়াৰ কথা চিন্তা কৰিব লাগিছিল । ১৭ বছৰে কৰা ভুলৰ শুধৰণি কি দৰে কৰিব, ৰাইজৰ ওচৰত কিদৰে ক্ষমা খুজিব সেই চিন্তা কৰক হাগ্ৰামাই । প্ৰমোদ বড়ো হাছাও এজেণ্ডাই তেওঁক খুব এটা উপকৃত নকৰিব । কাৰণ মই তেনে কোনো ভুল কাম কৰা নাই যে ৰাইজে মোৰ বিৰুদ্ধে ভাবিব লাগিব । কিন্তু আমি তেওঁক লৈ বহু কথা ক'ব পাৰো । এই কথাবোৰৰ পৰা বুজা যায় হাগ্ৰামা মহিলাৰী ভীতিগ্ৰস্ত হৈছে, দিশাহাৰা হৈছে তাকে প্ৰতিপন্ন কৰে ।"

তেওঁ পুনৰ কয়, "এতিয়া হাগ্ৰামা এণ্ড কোম্পেনীক মাথোঁ পাৱাৰহে লাগে । ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি ১৭ বছৰ পাৰ কৰিছিল এতিয়া আমাৰ কামবোৰ দেখি হতাশ হৈছে ।" সংবাদ মেলত বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে কয়, "এইটো উপ-নিৰ্বাচন আমাৰ কাৰণে এটা ভাল পৰিৱেশ হৈ আছে । ইউপিপিএলৰ জেষ্ঠ নেতা নিৰ্মল ব্ৰহ্মক চিদলীৰ প্ৰাৰ্থী হিছাপে প্ৰক্ষেপ কৰা হৈছে ।’’

মুখ্য়মন্ত্ৰীয়ে চলাব প্ৰচাৰ :

এতিয়া চিদলী সমষ্টিৰ আধীনত থকা ৫টা পৰিষদী‌য় সমষ্টিৰ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠক দলৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ বাবে হয় বুলিও তেওঁ কয় । প্ৰমোদ বড়োই লগতে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত কয়, "তেখেত এতিয়া কেৱল অসমৰ মুখ্যমন্ত্ৰী নহয়, সৰ্বভাৰতীয় এজন নেতা । ভাৰতৰ অন্য ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতো যাবলগীয়া হৈছে । দলে ঝাৰখণ্ডৰ দায়িত্ব দিছে । তাৰ পিৰতো চিদলী আৰু বঙাইগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব । মই অনুৰোধ জনাইছো চিদলীৰ দুখন সভাৰ বাবে । বহুনেতা মন্ত্ৰীও আহিব ।" এই নিৰ্বাচনত খুব এটা প্ৰতিদ্বন্দিতা নহ'ব বুলিও কয় প্ৰমোদ বড়োৱে ।

চন্দন ব্ৰহ্ম ৰাজনৈতিকভাৱে দক্ষ নেতা

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয়, "সন্মানীয় চন্দন ব্ৰহ্ম ৰাজনৈতিকভাৱে দক্ষ নেতা । আমি আশা কৰিছো তেওঁ দলীয় নীতি-নিৰ্দেশনা মতে কাম কৰিব । বিপিএফ দল ত্যাগ কৰি আমাৰ ইউপিপিএলত যোগদান কৰিছিল । আমি তেওঁক শ্ৰদ্ধা কৰো । প্ৰাৰ্থী বাছনি আমাৰ বিশেষ কমিটীয়ে বহু চালিজাৰি চাইহে কৰিছে । গতিকে আমাৰ বিশ্বাস চন্দন ব্ৰহ্মই চালি জাৰি চাইহে সিদ্ধান্ত ল'ব । চন্দন ব্ৰহ্মৰ বিচক্ষণতা, অভিজ্ঞতাৰ প্ৰতি লক্ষ্য কৰি আমাৰ জেষ্ঠ কিছু লোকৰ উপদেশ মতে তেওঁক বিটিআৰ চৰকাৰৰ উপদেষ্টা নিয়োগ কৰা হৈছে । তেওঁ আজিৰ তাৰিখতো ইউপিপিএলৰ সদ্য হৈ আছে । "

লগতে পঢ়ক:উপ-নিৰ্বাচন: চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ

বি টি চিত হাগ্ৰামা মহিলাৰীৰ বিকল্প কোনো নাই: মিত্ৰতাৰ আশাৰে নৱ শৰণীয়াৰ মন্তব্য - GSP to form alliance with BPF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.