ETV Bharat / politics

ফ্লাই অভাৰৰ চুপাৰ টেণ্ডাৰ মৰাতহে ওস্তাদ মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:59 PM IST

Assam Politics : বিজেপিয়ে কংগ্ৰেছক উপকাৰহে কৰিছে ৷ কংগ্ৰেছৰ পৰা কিছুমান ব্যক্তিক লৈ দলটোক সুস্থ কৰিছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে কেইটামান সম্পত্তিৰ কথা কৈ ৰাইজক আভুৱা ভাৰিছে বুলিও কয় সাংসদগৰাকীয়ে ৷

MP GAURAV GOGOI IN GOLAGHAT
মুখ্যমন্ত্ৰীক সমালোচনা সাংসদ গৌৰৱ গগৈৰ (ETV Bharat Assam)

গোলাঘাট, 17 আগষ্ট : "মই নাভাবো যে আমাৰ দলীয় কৰ্মীসকলে তেওঁক পুনৰ বিচাৰিব ৷ মই নিজৰ দলৰ কৰ্মীসকলক বুজি পাওঁ ৷ দলৰ নেতৃত্বটো বাদেই কৰ্মীসকলেই ক’ব যে, যি বেমাৰ আমাৰ গাৰ পৰা ওলাই গ’ল সেই বেমাৰ আমি আকৌ কিয় ল’ম ৷" গোলাঘাটত শনিবাৰে উপস্থিত হৈ এই মন্তব্য সাংসদ তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ ৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত পুনৰ যোগদান কৰিব বিচাৰিলে দলটোৱে আদৰি ল’ব নে নাই সেই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত এইদৰে কয় সাংসদগৰাকীয়ে ৷

গোলাঘাটত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

ওলাই যোৱা বেমাৰ কিয় ল’ম :

সাংবাদিকৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয় "যি বেমাৰ আমাৰ গাৰ পৰা ওলাই গ’ল সেই বেমাৰ আমি আকৌ কিয় ল’ম ? আজি আমাৰ পৰা বিসম্বাদৰ বেমাৰ ওলাই বিজেপি দলত সোমাইছে, বিজেপি দলত এতিয়া সেই বেমাৰ লাগি গৈছে ৷ এনেকুৱা লাগিছে যেন বিজেপি দলটো অস্থিৰ হৈ গৈছে ৷ কোনো ৰাজনৈতিক আদৰ্শ নোহোৱা হৈ গৈছে ৷ তেওঁলোকৰ এটাইহে ৰাজনৈতিক আদৰ্শ আৰু চিন্তাধাৰা ক্ষমতা, বাহুবলী হ’বলৈ বিচৰা ৷"

কংগ্ৰেছক সুস্থ কৰিছে বিজেপিয়ে :

একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়, "বিজেপিয়ে বাস্তৱতে কংগ্ৰেছক উপকাৰহে কৰিছে ৷ আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাৰ দলটোক উপকাৰ কৰিছে, সুষ্ঠ কৰিছে ৷ যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব ৷ বাহিৰত থাকি, বাহিৰৰ পৰাই আমাক উপকাৰ কৰি যাওক ৷"

মুখ্যমন্ত্ৰীয়ে কি কৰি আছে :

ইফালে 15 আগষ্টত ৰাজ্যৰ 25 টা স্থানত আলফা (স্বা)ই বোমা সংস্থাপন কৰাক লৈয়ো চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ তেওঁ কয়, "অসমৰ বিভিন্ন স্থানত আলফাই অনায়েসে বোমা সংস্থাপিত কৰিব পৰাৰ ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগৰ চৰম ব্যৰ্থতাৰ দিশকেই চূড়ান্ত ৰূপত উদঙাই দেখুৱালে ৷ আলফাই এনে পৰিৱেশ সৃষ্টি কৰি প্ৰকৃততে এক বৃহৎ বাৰ্তা দিছে ৷ গৃহ বিভাগ, অসম আৰক্ষীৰ চোৰাংচোৱা শুই আছিল নেকি ?" লগতে "গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে" বুলিও প্ৰশ্ন কৰে তেওঁ ৷

ফ্লাই অভাৰৰ চুপাৰ টেণ্ডাৰ মৰাতহে ওস্তাদ মুখ্যমন্ত্ৰী :

সাংসদ গগৈয়ে পুনৰ কয়, "গোটেই বছৰ মাফিয়া কেনেকৈ সুৰক্ষিত কৰিব লাগে, গৰুৰ ছিণ্ডিকেট, কাঠৰ ছিণ্ডিকেট কেনেকৈ চলিব লাগে তাতেই গৃহ বিভাগটো ৰাখি থৈছে ৷ গৃহ বিভাগক মাফিয়া কৰা মানুহবোৰক, ছিণ্ডিকেট কৰা মানুবোৰক এটা সুস্থ পৰিৱেশ দিবলৈ ৰাখি থৈছে ৷ গতিকে বাস্তৱিকতে আমাৰ সুৰক্ষাৰ ওপৰত ভাবুকি আহি পৰিব ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয়, "লোক নিৰ্মাণ বিভাগৰ ফ্লাই অভাৰৰ চুপাৰ টেণ্ডাৰ মৰাতহে তেওঁ ওস্তাদ ৷ ফ্লাই অভাৰৰ টেণ্ডাৰবোৰ তেওঁ সাংঘাটিক ৰেটত দিয়াত তেওঁ ওস্তাদ ৷"

নাটক কৰিছে মুখ্যমন্ত্ৰীয়ে :

আনহাতে মুখ্যমন্ত্ৰী আৰু পত্নীৰ সম্পত্তিৰ বিতৰ্কক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক শতাংশ সম্পত্তিহে ৰাজহুৱা কৰা বুলি দাবী কৰি তেওঁ কয় "তেওঁ প্ৰকৃততে কেইটামান সম্পত্তিৰ কথা কৈ ৰাইজক আভুৱা ভাৰিছে ৷ মুখ্যমন্ত্ৰীৰ ধন আৰু পৰিয়ালৰ সদস্যৰ সম্পত্তিৰ তালিকা ইমানেই দীঘলীয়া যে এক শতাংশৰ কথা কৈ ৰাইজলৈ এৰি দিম বুলি তেওঁ ভাল নাটক এখনহে কৰিছে ৷ এনেধৰণৰ কথা আৰু যুক্তি ৰাইজে কেতিয়াও গ্ৰহণ নকৰে ৷ ‌তেওঁৰ কথা যে পাতল সকলোৱেই জানে ৷ কোনেও তেওঁৰ কথা এতিয়া গুৰুত্ব সহকাৰে নলয় ৷

লগতে পঢ়ক : ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম - Assam bye elections

ইফালে লোকসভা নিৰ্বাচনৰ পাছত বিজেপি শিবিৰত ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছত যোগদানৰ জোৱাৰ উঠা বুলিও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ তেওঁ কয়, "হাৰিয়ানা, মহাৰাষ্ট্ৰ,ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত যদি কেন্দ্ৰত চৰকাৰ সলনি হয়, প্ৰধানমন্ত্ৰী অস্থিৰ হয়, কেন্দ্ৰীয় চৰকাৰ যদি অস্থিৰ হয়, চৰকাৰৰ ডুবি থকা নাওখনৰ পৰা জঁপিয়াই আঁতৰি যোৱা প্ৰথম মানুহজনেই হিমন্ত বিশ্ব শৰ্মা হ'ব ৷"

উল্লেখ্য যে, আজি গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ ল’বলৈ উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ জিলাখনৰ ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল আদিৰ লগতে বিভিন্ন সংগঠনে সাংসদ গৌৰৱ গগৈক বিপুল সম্বৰ্দ্ধনা জনায় ৷ জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, প্ৰাক্তন বিধায়ক ৰ'জলীনা তিৰ্কী, কংগ্ৰেছ নেতা বিতোপন শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বালিকা লাহন পেগু, অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন উপস্থিত থাকে ৷ এই অনুষ্ঠানতে 415 জন বিজেপি, অগপ আদি বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী-সমৰ্থকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ - Ex Minister Akon Bora resigns

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.