ETV Bharat / politics

ডিফুত বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ৰ বৃহৎ প্ৰচাৰ - BJP election campaign

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 5:10 PM IST

BJP election campaign: দলীয় টিকট লৈ ডিফুত উপস্থিত বিজেপিৰ মনোনীত প্ৰাৰ্থী অমৰছিং টিছ' । প্ৰাৰ্থীগৰাকীক সমষ্টিলৈ উষ্ম আদৰণি দলীয় নেতা-কৰ্মীৰ । সভাত তুলিৰাম ৰংহাং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ শীৰ্ষ নেতাসকল উপস্থিত ।

BJP election campaign
ডিফুত বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ৰ বৃহৎ প্ৰচাৰ

ডিফু, ২৪ মার্চ : ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । ৬ নং ডিফু লোকসভা আসনৰ বাবে বিজেপি দলে প্রার্থিত্ব প্রদান কৰা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য অমৰছিং টিছ'য়ে দলীয় টিকট লৈ কার্বি আংলং জিলাত উপস্থিত হয় । বিজেপি দলৰ মনোনীত প্রার্থীগৰাকীক গুৱাহাটীৰ পৰা সংগ দিয়ে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যাবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু পৰিষদৰ আন সতীর্থ কার্যবাহী সদস্যসকলে ।

কার্বি আংলং জিলাৰ পাৰখোৱাত প্রৱেশ পথৰ পৰা ৰোড শ্ব'ৰ জৰিয়তে দলৰ নেতা-কৰ্মীসকলে প্ৰাৰ্থীগৰাকীক সমষ্টিলৈ আদৰণি জনায় । একেখন বাহনেৰে তুলিৰাম ৰংহাং আৰু অমৰছিং টিছ'ই নেলী, পাৰখোৱা, লাংহিন, ফুলনি, চেণ্টাৰ, বকলীয়াঘাট, লংনিটত দলীয় সমর্থকৰ আদৰণি আৰু সম্বর্ধনা গ্রহণ কৰি বিয়লি প্রায় ৩ বজাত ডিফুত উপস্থিত হয় ।

ডিফুত উপস্থিত হৈ তেওঁলোকে এখন বিশাল দলীয় সভাত অংশগ্রহণ কৰে ৷ য'ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকে । দলীয় সভাত অংশগ্রহণ কৰি বিজেপি সভাপতিগৰাকীয়ে কংগ্রেছক অচল দুটকীয়া নোটৰ লগত তুলনা কৰি পাহাৰত এতিয়া কংগ্রেছ অচল নোট বুলি কটাক্ষ কৰে । বিজেপি প্রার্থীগৰাকীক বিপুল ভোটত জয়ী কৰি আনিবলৈ দলীয় নেতা-কর্মীসকলক আহ্বান জনাই ভৱেশ কলিতাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কার্বি আংলং জিলালৈ আহি বহু উন্নয়নমূলক আঁচনি পাহাৰবাসীক প্রদান কৰি গৈছে ।

এতিয়া সকলোৱে নৰেন্দ্র মোদীক তেওঁৰ এই মৰম ওভতাই দিয়াৰ সময় সমাগত বুলি উল্লেখ কৰি বিজেপি দলে এইবাৰ সমগ্র দেশত ৩৭০ খন আসন লাভ কৰিব বুলি দাবী কৰি সভাপতিগৰাকীয়ে । আনহাতে তেওঁৰ মতে বিজেপি মিত্ৰজোঁটে দেশত ৪০০ৰো অধিক আসন লাভ কৰিব । সভাত সাংসদ হৰেণছিং বে' উপস্থিত থাকি মনোনীত প্রার্থীগৰাকীক বিপুল ভোটত বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় । তুলিৰাম ৰংহাঙে সভাত ভাষণ প্রদান কৰি পৰিষদ আৰু অসম চৰকাৰে বিগত বর্ষত ৰূপায়ণ কৰা বিভিন্ন আঁচনিসমূহৰ কথা উল্লেখ কৰি উন্নয়নৰ স্বার্থত বিজেপি দলক ভোট প্রদান কৰি নৰেন্দ্র মোদীৰ হাত শক্তিশালী কৰিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক :ডিফুত ৫ লাখ ভোট লাভ কৰি জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী বিজেপি প্ৰাৰ্থী অমৰছিং টিছ' - Bjp Candidate Amar Singh Tisso

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.